নিউজ ডেস্ক, 19 মেঃ ফেনীৰ ধ্বংসলীলাৰ পাচত ক্ৰমাৎ শান্ত হৈছে ওড়িশা ৷ ওড়িশা চৰকাৰে দিয়া তথ্য অনুসৰি চহৰখনক পুনৰ পূৰ্বৰ স্থিতিলৈ উভতাই আনিবলৈ লগতে বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যাৱতীয় প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰখনে ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/3323924_thumb.jpg)
শেহতীয়াকৈ ওড়িশা চৰকাৰে চহৰখনত মহিলা সকলৰ মাজত বিতৰণ কৰে চেনিটেৰী নেপকিন ৷ মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক দুমাহৰ বাবে অব্যাহত ৰাখিব এই বিতৰণ প্ৰক্ৰিয়া ৷
ৰাজ্যখনৰ আশাকৰ্মীসকলে 24 লাখ বিনামূলীয়া চেনিটেৰী নেপকিন বিতৰণ কৰাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে দিয়া তথ্য অনুসৰি জনসাধাৰণৰ স্বাস্থ্য প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনীয় ঔষধ আৰু বিশুদ্ধ খোৱাপানীও বিতৰণ কৰা হৈছে ৷