ETV Bharat / bharat

লক ডাউনঃ বহিঃৰাজ্যত আবদ্ধ হৈ থকা সকলক অৰুণাচল চৰকাৰৰ আৰ্থিক সাহাৰ্য - ধনৰাশি প্ৰদান কৰা হ'ব ৷

বৃহস্পতিবাৰে এক ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যখনৰ কেবিনেটে এখন সভা অনুষ্ঠিত কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ চলিত মাহত কৰ'ণা ভাইৰাছ সন্দৰ্ভত ৰাজ্যখনত এইখন চতুৰ্থখন কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ ইতিমধ্যে অৰুণাচল চৰকাৰে বহিঃৰাজ্যত থকা লোক সকলৰ বাবে এটা ৱেব চাইট মুকলি কৰি দি 19 এপ্ৰিলৰ ভিতৰত সকলোৱে যাৱতীয় তথ্য প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

aruncahal-cm-pema-khandu-on-lock-down
লক ডাউন ঃ বহিঃৰাজ্যত আৱদ্ধ হৈ থকা সকলক অৰুণাচল চৰকাৰৰ আৰ্থিক সাহাৰ্য
author img

By

Published : Apr 16, 2020, 7:24 PM IST

নিউজ ডেস্ক, 16 এপ্ৰিল: দেশজুৰি চলি থকা লক ডাউনৰ ফলত দেশৰ বিভিন্ন চহৰত চিকিৎসাৰ বাবে অথবা কৰ্মসুত্ৰে থকা অসমকে আদি কৰি উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ হাজাৰ-হাজাৰ লোক আৱদ্ধ হৈ পৰিছে ৷ লক ডাউনৰ এই কালছোৱাত থকা-খোৱাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাত ভুগিছে এই সকলৰ অধিকাংশই ৷ তদুপৰি হায়দৰাবাদৰ এখন শ্বপিং মলত লক ডাউনৰ মাজতে প্ৰয়োজনীয় বস্তু কিনিবলৈ গৈ মলখনৰ সুৰক্ষা কৰ্মীয়ে এওলোকে ভাৰতীয় নাগৰিক বুলি পৰিচয় দিয়াৰ পাছতো বিদেশী নাগৰিক বুলি ভিতৰলৈ সোমাবলৈ নিদি উভতাই পঠোৱাৰ দৰেও ঘটনা পোহৰলৈ আহিছিল ৷ যদিও পৰৱৰ্তী সময়ত উক্ত শ্বপিং মলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰিছিল স্থানীয় প্ৰশাসনে ৷

লক ডাউনৰ ফলত বহিঃৰাজ্যত আৱদ্ধ অসমৰ লোক সকলৰ বাবেও অসম চৰকাৰে আৰ্থিক সহায় কৰাৰ বাবে প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷

আনহাতে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে অৰুণাচল চৰকাৰে ৰাজ্যৰ বাহিৰত আবদ্ধ লোক সকলক 3500 টকাকৈ তাৎক্ষণিক ভাৱে আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি নিজৰ টুইটাৰ হেণ্ডেল যোগে সদৰি কৰে ৷ বৃহস্পতিবাৰে এক ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যখনৰ কেবিনেটে এখন সভা অনুষ্ঠিত কৰাৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ চলিত মাহত কৰ'ণা ভাইৰাছ সন্দৰ্ভত ৰাজ্যখনত এইখন চতুৰ্থখন কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ ইতিমধ্যে অৰুণাচল চৰকাৰে বহিঃৰাজ্যত থকা লোক সকলৰ বাবে এটা ৱেব চাইট মুকলি কৰি দি 19 এপ্ৰিলৰ ভিতৰত সকলোৱে যাৱতীয় তথ্য প্ৰদান কৰিবলৈ আহ্বান জনায় ৷ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত উপায়ুক্ত সকলৰ দ্বাৰা প্ৰদান কৰা তথ্য সমূহৰ বৈধতা পৰীক্ষণ কৰাৰ পাছতহে চি এম আৰ এফৰ তৰফৰ পৰা সাহাৰ্যৰ ধনৰাশি প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক : Lock down: লক ডাউন উলংঘা কৰাৰ বাবেই উত্তৰাখাণ্ডত আটক ৬,৩৯৪ জন ব্যক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.