নিউজ ডেস্ক, 5 আগষ্টঃ জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ অনুচ্ছেদ 35(A)ক লৈ বিতৰ্ক অব্যাহত আছে ৷ কি আছে এই অনুচ্ছেদত,কি বিশেষ ক্ষমতা প্ৰদান কৰিছিল জম্মু কাশ্মীৰক,সকলোবোৰ সামৰি এই প্ৰতিবেদন ৷
অনুচ্ছেদ 35(A) কি ?
- ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 35(A)এ জম্মু কাশ্মীৰ বিধানমণ্ডলক ৰাজ্যখনৰ স্থায়ী বাসিন্দাৰ সংজ্ঞা প্ৰদান কৰাৰ ক্ষমতা প্ৰদান কৰাৰ লগতে স্থায়ী বাসিন্দাৰ বিশেষ অধিকাৰ আৰু সুবিধাসমূহক নিৰ্দেশ কৰে ৷ জম্মু-কাশ্মীৰ চৰকাৰৰ সমৰ্থনত ৰাষ্ট্ৰপতিৰ নিৰ্দেশমৰ্মে 1954 চনত এই অনুচ্ছেদ গৃহীত কৰা হৈছিল ৷
অনুচ্ছেদ 35(A)ৰ ইতিহাসঃ
- ডোগ্ৰা শাসক মহাৰাজা হৰি সিঙে,1927 আৰু 1932 চনত বিশেষ অধিসূচনাযোগে তেতিয়াৰ ৰাজশাসিত ৰাজ্য জম্মু-কাশ্মীৰৰ বাসিন্দাৰ বাবে বিশেষ অধিকাৰ আৰু তাৰ সূচী নিৰ্ধাৰণ কৰিছিল ৷ সূচী অনুসৰি ৰাজ্যখনৰ স্থায়ী বাসিন্দাৰ সংজ্ঞা নিৰ্ধাৰণ হৈছিল ৷ পৰৱৰ্তী সময়ত 1947 চনত ভাৰতৰ সৈতে সংযুক্ত হৈ এক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা লাভ কৰে তেতিয়াৰ ৰাজশাসিত ৰাজ্য জম্মু-কাশ্মীৰে ৷
- 1949 চনত ৰাজ্যখনৰ শাসনৰ ভাৰ নিজ হাতলৈ নিয়ে শ্বেখ আব্দুল্লাই ৷ ভাৰতৰ সৈতে ৰাজনৈতিক আলোচনাৰ অন্তত ৰাজ্যখনত অনুচ্ছেদ 370 অন্তৰ্ভুক্তি ঘটায় শ্বেখ আব্দুল্লাই ৷ অনুচ্ছেদ 370এ জম্মু-কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানত নিশ্চিতি প্ৰদান কৰে ৷ অনুচ্ছেদ 370ৰ দ্বাৰা ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা,বৈদেশিক পৰিক্ৰমা আৰু যোগাযোগ বিভাগৰ ক্ষমতা নসাৎ কৰে ৷
- পৰৱৰ্তী সময়ত 1952 চনত নেহৰু আৰু আব্দুল্লাৰ মাজত সম্পাদিত হোৱা দিল্লী ঘোষণাপত্ৰৰ দ্বাৰা সংবিধানত বিশেষ সূচীৰ অন্তৰ্ভুক্তি কৰা হয় ৷ ৰাষ্ট্ৰপতিৰ দ্বাৰা 1954চনত বিশেষ সূচীৰ লগতে অন্তৰ্ভুক্তি ঘটোৱা হয় অনুচ্ছেদ 35(A) ৷
- পৰৱৰ্তী সময়ত 1956 চনত জম্মু-কাশ্মীৰৰ বাবে পৃথক সংবিধান প্ৰস্তুত কৰাৰ লগতে স্থায়ী বাসিন্দাৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হয় ৷ নতুনকৈ প্ৰস্তুত কৰা সংবিধান অনুসৰি,1911 চন নাইবা তাৰ পূৰ্বেই আইনগতভাৱে ৰাজ্যখনত বাস কৰি থকা সকলো লোক যাৰ স্থায়ী সম্পত্তি আছে তেওঁলোকক জম্মু-কাশ্মীৰৰ স্থায়ী নাগৰিক হিচাপে চিহ্নিত কৰা হয় ৷ ইয়াৰ উপৰিও ৰাজ্যখনৰ সকলো প্ৰবাসী লোক,যিসকলে পাকিস্তানলৈ গৈছিল তেওঁলোকক সূচীত অন্তৰ্ভূক্ত কৰা হয় ৷ প্ৰবাসীসকলৰ বংশধৰ যিসকল দুই দশক ধৰি ৰাজ্যখনত বাস কৰি আছিল তেওঁলোককো স্থায়ী বাসিন্দা হিচাপে গণ্য কৰা হয় ৷
- ৰাজ্যখনক প্ৰদান কৰা বিশেষ ক্ষমতা অনুসৰি,অস্থায়ী অৰ্থাৎ বাহিৰৰ কোনো লোকে ৰাজ্যখনত কোনোধৰণৰ স্থায়ী সম্পত্তি,বাসস্থান, ৰাজ্য চৰকাৰৰ চাকৰী,স্ক'লাৰশ্বিপ আদি লাভ কৰিব নোৱাৰে ৷ কিন্তু বিশেষ ক্ষমতা প্ৰদানকাৰী অনুচ্ছেদে ৰাজ্যখনৰ মহিলাসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে ৷ যদিহে জম্মু-কাশ্মীৰৰ স্থায়ী বাসিন্দা এগৰাকী মহিলাই অন্য প্ৰদেশৰ লোকৰ সৈতে বিবাহ সম্পন্ন কৰিলে তেওঁক স্থায়ী সম্পত্তি,বাসস্থান,ৰাজ্য চৰকাৰৰ চাকৰি,স্ক'লাৰশ্বিপ আদি সুবিধাৰ পৰা বঞ্চিত কৰিব ৷ 2002 চনত জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা এক ঐতিহাসিক ৰায়দানে মহিলাসকলক তেওঁলোকৰ অধিকাৰ পুনৰ প্ৰদান কৰিবলৈ সক্ষম হয় যদিও তেওঁলোকৰ সন্তানক উত্তৰাধিকাৰী আইনৰ পৰা বঞ্চিত কৰে ৷
কিদৰে প্ৰত্যাহ্বান জনোৱা হৈছিল অনুচ্ছেদ 35(A)কঃ
- 2014 চনত "We the Citizens" নামৰ বেচৰকাৰী সংস্থাই উচ্চতম ন্যায়ালয়ত অনুচ্ছেদ 35(A)ক প্ৰত্যাহ্বান জনাইছিল ৷ সংস্থাটোৱে যুক্তি প্ৰদৰ্শন কৰিছিল যে,সংবিধান সংশোধনী ক্ষমতা প্ৰদানকাৰী অনুচ্ছেদ 368 অনুসৰি ৰাজ্যখনক প্ৰদান কৰা হোৱা নাছিল এই বিশেষ ক্ষমতা ৷ সংসদত উত্থাপন নকৰাকৈ তৎকালীনভাৱে ইয়াক জাৰি কৰা হৈছিল ৷ আন এক গোচৰত দুগৰাকী কাশ্মীৰী মহিলাই সৰ্বোচ্চ ন্যায়ালয়ত যুক্তি প্ৰদান কৰি,অনুচ্ছেদ 35(A) তেওঁলোকৰ সন্তানক তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিছে বুলি মন্তব্য আগবঢ়াইছিল ৷