নিউজ ডেস্ক, 15 এপ্ৰিলঃ এক ক্ৰাইম থ্ৰিলাৰৰ দৰে ঘটনা । দুজন যুৱকে অবৈধ দেশীয় সুৰা লৈ যাত্ৰা কৰি থকাৰ সময়তে জালত পৰিল আৰক্ষীৰ ৷ সন্মূখত আৰক্ষীক দেখি বেৰিকেড ভাঙি দ্ৰুত গতিৰে পলায়নৰ চেষ্টা চলাই অৱশেষত আৰক্ষীৰ হাতত ধৰা পৰি কাৰাগাৰলৈ যাবলগীয়া হ'ল দুয়োজনেই । এই ঘটনা তাামিলনাডুৰ ।
তামিলনাডুৰ চিন্নায়ামপেট্টিত আৰক্ষীৰ নিয়মাফিক তালাচীৰ সময়তে যুৱক দুজনে সুৰাভৰ্তি বাহনসহ আন এটা পথেৰে পলায়নৰ চেষ্টা চলাওতে জালত পৰে আৰক্ষীৰ ৷ আৰক্ষীয়ে বাহন খন ৰখাবলৈ ইংগিত দিয়ে যদিও লগে লগে বাহনখনে দ্ৰুত বেগেৰে আৰক্ষীৰ পিনে চোঁচা লয় । বাহন খনে আৰক্ষীৰ তালাচী চলাই থকা দলক মহতিয়াই নিয়াৰো চেষ্টা চলাই,কিন্তু দ্ৰুত গতিত পলায়নৰ চেষ্টা চলোৱা বাহন খনে পৰৱৰ্তী সময়ত নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা আন এখন বাহনক খুন্দিয়াই ৷
তাৰ পাচতেই দুয়োজন ধৰা পৰে আৰক্ষীৰ হাতত । বাহনখনৰপৰা পানী কঢ়িওৱা কেন আৰু গাড়ীৰ চকাৰ টায়াৰত লুকুৱাই অনা 230 লিটাৰ দেশীয় সুৰা উদ্ধাৰ কৰে আৰক্ষীয়ে। যুৱক দুজনৰ নাম গোপীনাথ (36) আৰু মাৰিমুঠু(32) বুলি জানিব পৰা গৈছে ৷ পিচত আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । আনহাতে লক ডাউনৰ সময়চোৱাত জিলাখনৰ পৰা একেটা গোচৰত 6 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।
লগতে চাওকঃ লক্ ডাউনঃ আৰক্ষীৰ খেদাত প্ৰাণ গ'ল এজনৰ !