ETV Bharat / bharat

বহিঃৰাজ্যত আৱদ্ধ নিজ সমষ্টিৰ লোকক ওভতাই অনাৰ ব্যৱস্থা স্মৃতি ইৰাণীৰ - সাংবাদিকৰ সৈতে প্ৰায় 15 মিনিটৰ ভিডিঅ' কনফাৰেন্সিং

বহিঃৰাজ্যত আৱদ্ধ নিজ সমষ্টিৰ লোকক অতি শীঘ্ৰেই ওভতাই অনা হ'ব বুলি মন্তব্য স্মৃতি ইৰাণীৰ ৷

কেন্দ্ৰীয় মন্ত্ৰী তথা এমেথিৰ সাংসদ
স্মৃতি ইৰাণী
author img

By

Published : May 3, 2020, 10:18 PM IST

নেশ্যনেল ডেস্ক, 3 মে' : কেন্দ্ৰীয় মন্ত্ৰী তথা এমেথিৰ সাংসদ স্মৃতি ইৰাণীয়ে দেওবাৰে মন্তব্য কৰে যে, তেওঁ লাভ কৰা তথ্য অনুসৰি তেওঁৰ সমষ্টি অৰ্থাৎ এমেথিৰ প্ৰায় 32,500 লোক বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ আছে ৷ এই লোকসকলক অতি সোনকালেই গৃহ ৰাজ্যলৈ ঘূৰাই অনাৰ আশ্বাস প্ৰদান কৰিছে ইৰাণীয়ে ৷

সাংবাদিকৰ সৈতে প্ৰায় 15 মিনিটৰ ভিডিঅ' কনফাৰেন্সিঙত স্মৃতি ইৰাণীয়ে আশা কৰে যে, অতি সোনকালেই সাধাৰণ অৱস্থা ঘূৰি আহিব ৷

তেওঁ কয়, "মই তথ্য লাভ কৰিছো যে, এমেথিৰ প্ৰায় 32,500 লোক অন্য ৰাজ্যত আৱদ্ধ হৈ আছে ৷ প্ৰশাসনৰ দ্বাৰা সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পাচতে এই লোকসকলক অতি শীঘ্ৰেই গৃহ ৰাজ্যলৈ ওভতাই অনা হ'ব ৷"

জনহিতাৰ্থে বিভিন্ন পৰামৰ্শ প্ৰদানৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সাংবাদিক সকলক আহ্বান জনায় ৷ ইয়াৰোপৰি, এমেথিৰ জনসাধাৰণক সামাজিক দূৰত্ব মানি চলিবলৈও আহ্বান জনাই তেওঁ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.