নিউজ ডেস্ক, 11 এপ্ৰিলঃ শুকুৰবাৰে গ্ৰেটাৰ নয়দাত সমবেত হৈ নামাজ পঢ়িবলৈ গৈ লকডাউন ভংগ কৰাৰ অপৰাধত 7 জনক গ্ৰেপ্তাৰ কৰা হয় । আটাইকেইজক চিআৰপিচি শাখা 144 ভংগৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হয় ।
প্ৰায় 20-25 জন লোকৰ সমাগম হৈছিল গ্ৰেটাৰ নয়দাৰ কালোন্দা গাঁৱত থকা এটা মদজিদত । শুকুৰবৰীয়া নামাজৰ বাবে গোট খাইছিল লোককেইজন । তাৰ পিচতে কোনো লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে ।
আৰক্ষী উপস্থিত হোৱাৰ সময়ত 20-25 জন লোকে নামাজৰ প্ৰস্তুতি চলাই আছিল । তাৰে 7 জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যদিও আন লোক কেইজনে পলায়ন কৰে । ধৰ্মীয় প্ৰাৰ্থনাৰ বাবে গোট খোৱা এই ভিৰে লকডাউন ভংগ কৰে ।
লোক কেইজনক ভাৰতীয় দণ্ড বিধিৰ ধাৰা 188 , 269, আৰু 270 ৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ।