ETV Bharat / bharat

বাঘজানৰ তৈল কুণ্ডত বেইলী ব্ৰীজ নিৰ্মাণক লৈ সমীক্ষা আৰম্ভ ভাৰতীয় সেনাৰ

author img

By

Published : Jun 17, 2020, 6:56 PM IST

ভাৰতীয় সেনাৰ তিনিটা দলে তিনিচুকীয়া জিলাৰ বাঘজান তৈল কুণ্ডৰ সমীপত ১৫০ মিটাৰ দৈৰ্ঘৰ বেইলী ব্ৰীজ নিৰ্মাণৰ বাবে সমীক্ষা চলোৱা আৰম্ভ কৰিছে ।

বাঘজানৰ তৈল কুণ্ডত বেইলী ব্ৰীজ নিৰ্মাণক লৈ সমীক্ষা আৰম্ভ ভাৰতীয় সেনাৰ
বাঘজানৰ তৈল কুণ্ডত বেইলী ব্ৰীজ নিৰ্মাণক লৈ সমীক্ষা আৰম্ভ ভাৰতীয় সেনাৰ

নিউজ ডেস্ক, ১৭ জুন: তিনিচুকীয়া জিলাৰ বাঘজান তৈল কুণ্ডৰ সমীপত এখন বেইলী ব্ৰীজ নিৰ্মাণৰ বাবে ভাৰতীয় সেনাৰ দলে সমীক্ষা চলোৱা আৰম্ভ কৰিছে । ভাৰতীয় তৈল নিগমৰ বিষয়ববীয়াই মঙলবাৰে সদৰী কৰে এই কথা ।

বিগত ২০ দিন ধৰি বাঘজানত নিৰ্গত হোৱা অনিয়ন্ত্ৰিত গেছৰ ফলত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । এই বিস্ফোৰণৰ পিছতে পি এছ ইউৰ মেজৰক অৱহেলাৰ অভিযোগ উত্থাপন কৰি জনসাধাৰণৰ আন্দোলন অব্যাহত থকা সন্দৰ্ভত কোম্পানীয়ে কয় যে, ২৭ মে'ৰ পৰা তেওঁলোকে ৫,৮৪৪ মেট্ৰিক টন কেঁচা তেল আৰু ৭.৫৩ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ (MMSCM) সঞ্চিত উৎপাদনৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হয় ।

২৭ মে'ৰ বিস্ফোৰণৰ ঘটনাৰ পিছত অইল কোম্পানীয়ে জানিবলৈ দিয়ে যে, ১,৬১০ৰো অধিক পৰিয়ালক এই ক্ষেত্ৰৰ পৰা উলিয়াই অনা হৈছে আৰু ৪টা বেলেগ বেলেগ আশ্ৰয় শিবিৰত থাকিবলৈ দিয়া হৈছে, য'ত কৰণা ভাইৰাছৰ বিৰুদ্ধে সতৰ্কতাও অৱলম্বন কৰা হৈছে । অসামৰিক প্ৰশাসনৰ দ্বাৰা তৈল কুণ্ডৰ সমীপত ১৫০ মিটাৰ দৈৰ্ঘৰ বেইলী ব্ৰীজ নিৰ্মাণৰ ভাৰতীয় সেনাৰ সহায় বিচৰাৰ পিছতে সেনাৰ তিনিটা দলে সেই স্থানৰ সমীক্ষাত নামি পৰিছে ।

ইয়াৰ মাজতে অ' এন জি চি-ৰাজহমুন্দ্ৰীয়ে গোটোৱা উপকৰণ আৰু সামগ্ৰী বিশেষজ্ঞসকলৰ নিৰীক্ষণৰ বাবে উদ্যোগিক বস্তি অৰ্থাৎ অইনৰ মুখ্য কাৰ্যালয় দুলীয়াজানলৈ লৈ যোৱা হয় আৰু দ্বিতীয় সামগ্ৰীৰ ভাৰ প্ৰস্তুত কৰি থকা বুলি বিষয়ববীয়াই জানিবলৈ দিয়ে । এই উপকৰণসমূহ জুই নুমোৱা কাৰ্যত ব্যৱহাৰ কৰা হব । উল্লেখ্য যে, ছিংগাপুৰৰ এটা কোম্পানীৰ বিশেষজ্ঞই এই সন্দৰ্ভত গৱেষণা আৰম্ভ কৰিছে ।

৫ খন বাগিছা সংলগ্ন হৈ থকা এই তৈল কুণ্ড ইমানেই বিশাল যে ৩০ কিলোমিটাৰ দূৰৰ পৰাই ইয়াক প্ৰত্যক্ষ কৰিব পৰা যায় । লগতে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ভাবুকি আনিব পৰা এই গেছৰ কলা ধোঁৱা বহু মিটাৰ ওপৰলৈ গতি কৰিছে । সূত্ৰই জনোৱা মতে, অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক অইলৰ বিভাগীয় চিকিৎসকসকলে আশ্ৰয় শিবিৰতে চিকিৎসা কৰি আছে আৰু বিনামূলীয়া ঔষধ প্ৰদান কৰিছে ।

লগতে পঢ়ক: পুনৰ নাকচ হ'ল নীল-অভি হত্যাকাণ্ডৰ অভিযুক্তৰ জামিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.