ETV Bharat / bharat

প্ৰচণ্ড শীতত জন্মু-কাশ্মীৰত নিহত সেনা জোৱান - চিট্টুৰ

প্ৰচণ্ড শীতৰ বাবে জন্মু-কাশ্মীৰত নিহত এগৰাকী সেনা জোৱান । অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰ জিলাৰ চন্দ্ৰগিৰী মণ্ডলৰ অন্তৰ্গত গডাকিণ্ডাপাল্লীৰ নিৱাসী মাঞ্চু ৰেডাপ্পা নাইডুয়ে নিশা দেশ সেৱাৰ স্বাৰ্থত কৰ্তব্যৰত অৱস্থাত স্বাস্থ্যৰ অৱনতি ঘটাত মৃত্য়ুবৰণ কৰে ।

জন্মু-কাশ্মীৰত নিহত সেনা জোৱান
জন্মু-কাশ্মীৰত নিহত সেনা জোৱান
author img

By

Published : Jan 3, 2021, 5:33 PM IST

নেশ্যনেল ডেস্ক, ৩ জানুৱাৰী: শনিবাৰে নিশা জন্মু-কাশ্মীৰত পুনৰ এগৰাকী সেনা জোৱানৰ মৃত্যু হয় । প্ৰচণ্ড শীতৰ বাবে নিহত হয় জোৱানগৰাকী । নিশা দেশ সেৱাৰ স্বাৰ্থত কৰ্তব্যৰত হৈ থকাত স্বাস্থ্যৰ অৱনতি ঘটাত ৩৮ বছৰীয়া অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰৰ এগৰাকী সেনা জোৱানৰ মৃত্য়ু হয় ।

মৃত্য়ু হোৱা ৩৮ বছৰীয়া সেনা জোৱানৰ নাম মাঞ্চু ৰেডাপ্পা নাইডু বুলি জানিব পৰা গৈছে । অন্ধ্ৰ প্ৰদেশৰ চিট্টুৰ জিলাৰ চন্দ্ৰগিৰী মণ্ডলৰ অন্তৰ্গত গডাকিণ্ডাপাল্লীৰ সেনা জোৱানজনৰ নিশা দেশ সেৱাৰ স্বাৰ্থত কৰ্তব্যৰত অৱস্থাত স্বাস্থ্যৰ অৱনতি ঘটাত মৃত্য়ু হয় ।

সুদীৰ্ঘ ১৪ বছৰে ভাৰত মাতৃৰ সুৰক্ষাৰ হকে সেৱা আগবঢ়াই অহা ৰেডাপ্পা নাইডুৰ মৃত্য়ুত গভীৰ শোক প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে উচ্চ পদস্থ বিষয়া আৰু সতীৰ্থসকলে । নাইডুৰ পত্নী, এগৰাকী কন্যা আৰু পুত্ৰইও মৰ্মাহত হৈছে পিতৃৰ অকাল মৃত্যুত ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে নাইডুৰ পদোন্নতি হোৱাৰ সুখবৰে আনন্দৰ বন্যা কঢ়িয়াই আনিছিল পৰিয়ালটিলৈ । কিন্তু এই দুখবৰটোৱে সকলো ম্লান কৰি পেলালে । মংগলবাৰে নাইডুৰ নশ্বৰ দেহ গডাকিণ্ডাপাল্লীলৈ লৈ যোৱা হ'ব ।

লগতে পঢ়ক: বাইডেনৰ জয়লাভক প্ৰত্যাহ্বান জনোৱাৰ পৰিকল্পনা 11 ৰিপাব্লিকানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.