ETV Bharat / bharat

পঞ্জাৱ সীমান্তত উপস্থিত স্থলসেনা প্ৰধান জেন. নাৰাৱানে - পান্ঠাৰ আৰু গোল্ডেন এৰো ডিভিজন

বজ্ৰ ক'ৰ পৰিদৰ্শনৰ সময়ত স্থলসেনা প্ৰধানগৰাকীয়ে অমৃতসৰ আৰু ফিৰোজপুৰত উপস্থিত হয় ৷

পঞ্জাৱ সীমান্তত উপস্থিত স্থলসেনা প্ৰধান জেন. নাৰাৱানে

author img

By

Published : Jul 15, 2020, 5:43 AM IST

নিউজ ডেস্ক, 15 জুলাই : দেশৰ স্থলসেনা প্ৰধান জেন. এম এম নাৰাৱানে মঙলবাৰে অমৃতসৰ আৰু ফিৰোজপুৰত বজ্ৰ ক'ৰৰ চাউনীত উপস্থিত হয় ৷ ইয়াৰ পূৰ্বেই তেওঁ জম্মু-কাশ্মীৰৰ সীমান্তৱৰ্তী সেনা চাউনীসমূহ পৰিদৰ্শন কৰিছিল আৰু পশ্চিম সীমান্তৰ বুজ ল'বলৈ তাৰ পৰাই পোনে পোনে পঞ্জাৱত উপস্থিত হয় ৷

পঞ্জাৱ সীমান্তত উপস্থিত স্থলসেনা প্ৰধান জেন. নাৰাৱানে
লেফ. জেন. আৰপি সিঙৰ সৈতে স্থলসেনা প্ৰধান

সোমবাৰে তেওঁ জম্মু-পাঠানকোটৰ সমীপৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰিছিল ৷ এই ভ্ৰমণৰ কালত তেওঁ ফিল্ড ফৰ্মেশ্বন আৰু সেনাৰ লোকসকলৰ সৈতে আলোচনাত মিলিত হৈছিল ৷ মঙলবাৰৰ ভ্ৰমণত সেনাপ্ৰধানগৰাকীয়ে ৱেষ্টাৰ্ণ কামাণ্ডৰ কামাণ্ডাৰ লেফ. জেন. আৰপি সিঙৰ সৈতে একেলগতে সেনাৰ ফিল্ড ফৰ্মেশ্বনৰ লগতে অপাৰেশ্বনেল সক্ষমতাৰ ওপৰত বুজ লয় ৷

লেফ. জেন. সঞ্জীৱ শৰ্মাৰ ব্ৰীফিং

সেনা প্ৰধানগৰাকীক তেওঁৰ ভ্ৰমণকালত ব্ৰীফিং কৰে বজ্ৰ ক'ৰৰ ক'ৰ কামাণ্ডাৰ লেফ. জেন. সঞ্জীৱ শৰ্মাই ৷ লেফ. জেন. শৰ্মা পান্ঠাৰ আৰু গোল্ডেন এৰো ডিভিজনৰো কামাণ্ডিং ইন চীফ ৷ সেনা প্ৰধানগৰাকীয়ে এই ভ্ৰমণত স্থল সৈনিকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে তেওঁলোকক কমেণ্ডেশ্বন কাৰ্ড প্ৰদান কৰে ৷

লগতে পঢ়কঃ আৰ্মীৰ পিচত এইবাৰ অৰ্ধসামৰিক বাহিনীতো ফেচবুক ব্যৱহাৰৰ বন্ধৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.