নেশ্যনেল ডেস্ক, 4 আগষ্ট : মঙলবাৰে শ্ৰীনগৰ-বাৰামুল্লা ৰাষ্ট্ৰীয় ঘাইপথত সৈন্যবাহিনীয়ে নিস্ক্ৰিয় কৰে IED ৷ একে সময়তে পুঞ্চ জিলাৰ কৃষ্ণ ঘাটি ছেক্টৰত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে ৷
1 আগষ্টত জম্মু-কাশ্মীৰৰ ৰাজৌৰি জিলাৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানৰ ধাৰাষাৰ গুলীবৰ্ষণত এজন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছিল ৷ ৰুহিন কুমাৰ নামৰ জোৱানজন গুলীবৰ্ষণত আঘাতপ্ৰাপ্ত হোৱাৰ পাচত চিকিৎসাধীন অৱস্থাত প্ৰাণ হেৰুৱাইছিল ৷
যোৱা এটা মাহত বিভিন্ন সীমান্তৱৰ্তী অঞ্চলত পাকিস্তানে প্ৰতিদিনে প্ৰায় দুবাৰকৈ যুদ্ধ বিৰতি উলংঘা কৰি আহিছে ৷ 18 জুলাইত পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত তিনিজন নাগৰিকে প্ৰাণ হেৰুৱাইছিল ৷
10 জুলাইত ৰাজৌৰি জিলাৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰাৰ বাবে এজন জোৱানৰ মৃত্যু হৈছিল ৷
লগতে পঢ়ক : অযোধ্যাৰ ভূমি পূজনৰ বাবে সময় ধাৰ্য কৰা পুৰোহিতক ফোনযোগে ভাবুকি