নিউজ ডেস্ক, 2 মেঃ প্ৰতিদিনে কৰ'ণা সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দি থকা যোদ্ধাসকলক কৃতজ্ঞতা জ্ঞাপনৰ উদ্দেশ্যে ভাৰতীয় বায়ুু সেনাৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে চীফ অৱ ডিফেন্স ষ্টাফ আৰু সামৰিক পৰিক্ৰমা বিভাগৰ সচিব জেনেৰেল বিপিন ৰাৱটে ৷ দেওবাৰে যোদ্ধাসকলৰ উদ্দেশ্যে ইষ্টান এয়াৰ কামাণ্ডৰ বিমানৰ দ্বাৰা কৃতজ্ঞতা জ্ঞাপন কৰিব সশস্ত্ৰ বাহিনীয়ে ৷
দেওবাৰে 10:30 বজাত চুখই 30 বিমানৰ দ্বাৰা অসমৰ বিধানসভা ভৱনৰ ওপৰত পৰিক্ৰমা কৰা হ'ব ৷
বায়ু সেনাৰ বিমানেৰে ইটানগৰ , গুৱাহাটী, শ্বিলং আৰু কলিকতাত পুষ্প বৃষ্টি কৰি সম্বৰ্ধনা জ্ঞাপন কৰিব
৷ গুৱাহাটীত বায়ু সেনাৰ দ্বাৰা বিশেষ অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব
এই সকলো অনুষ্ঠান নিৰ্ভৰ কৰিব অনুকুল বতৰৰ ওপৰত ৷