নিউজ ডেস্ক, 30 জুলাই: পেট বেয়া হোৱাটো এক সংকেত হ'ব পাৰে আপোনাৰ অনিয়মীয়া খাদ্যসূচীৰ বা আপুনি ভালদৰে খাদ্য গ্ৰহণ নকৰাৰ ৷ আপুনি হয়তো কোনো লোকে কোৱা শুনিছে যে, দৈ নাখাব ৷ কোনো কোনো বতৰত গাখীৰ বা অন্য কোনো খাদ্য সেৱন নকৰিবলৈয়ো আপুনি কাৰোবাৰ পৰা নিষেধাজ্ঞা পাইছে ৷ কিন্তু আপুনি ইয়াৰ আঁৰৰ কাৰণবোৰ জানেনে ?
![বৰ্ষাৰ সময়ত খোৱা-বোৱাৰ ক্ষেত্ৰত আছে কিছুমান নিৰ্দিষ্ট বাধ্যবাধকতা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/what-to-have_3007newsroom_1596094125_251.jpg)
পুণেৰ কল্পায়ু হেল্থ কেয়াৰ ক্লিনিকৰ চিকিৎসক ডাঃ কল্পেশ ৰমেশলাল বাফানাই উল্লেখ কৰে যে, আয়ুৰ্বেদত আছে তিনি প্ৰকাৰৰ দোষ অৰ্থাৎ বাতবিষ, পিত্ত আৰু কফ ৷ বৰ্ষাৰ সময়ত বায়ুমণ্ডলীয় পৰিস্থিতি আৰু পৃথিৱীৰ পৰা উৎপন্ন হোৱা গেছৰ বাবে বাত সক্ৰিয় হয় আৰু ইয়াৰ ফলত মানুহৰ পাচনশক্তি দুৰ্বল হয় ৷
![কেকজাতীয় খাদ্য সামগ্ৰী এনে বতৰত পাৰ্যমানে এৰাই চলিব লাগে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/what-to-avoid_3007newsroom_1596094125_1061.jpg)
কি এৰাই চলিব ?
বৰ্ষাৰ সময়ত খোৱা-বোৱাৰ ক্ষেত্ৰত কিছুমান নিৰ্দিষ্ট বাধ্যবাধকতা আছে ৷ সেই সম্বন্ধে কিছু আলোচনা আগবঢ়ায় ডাঃ কল্পেশে ৷
- এই সময়ত জলাশয়বোৰত পোৱা পানী হজম কৰাৰ ক্ষেত্ৰত টান ৷ এনে সময়ত পানী উতলাই খোৱাটো জৰুৰী ৷ যাতে ই হজম হোৱাত সহায়ক হয় ৷ বাহি খাদ্য খোৱাটো এৰাই চলিব লাগে ৷
- সেউজ শাক-পাচলি কমকৈ খাব লাগে ৷ কিয়নো বৰষুণৰ পানীৰ বাবে এই পাচলি সমূহ বেয়া হৈ যায় ৷
- দৈ সাধাৰণতে এৰাই চলিব লাগে ৷ কিয়নো ই হজম হ'বলৈ যথেষ্ট টান ৷ লগতে ই শৰীৰৰ ভিতৰৰ কঠিনতা বঢ়ায় ৷
- আমিষ খাদ্য বিশেষকৈ ৰেড মীট হজম হোৱাৰ ক্ষেত্ৰত যথেষ্ট টান ৷ সেয়েহে পাৰ্যমানে তেনে খাদ্য এই চলাটো প্ৰয়োজন ৷
- পিয়াঁজ আৰু নহৰু পাৰ্যমানে কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে ৷ ই কেৱল আপোনাৰ হজমী শক্তিকেই নহয়, মনতো প্ৰভাৱ পেলায় ৷
- কেক, পাউৰুটি আদিৰ দৰে বেকাৰীৰ খাদ্যবোৰ এৰাই চলিব লাগে ৷ যিহেতু এই খাদ্যবোৰ অতি শুকান ৷
- ডোচা, ইডলী আদিৰ দৰে খাদ্যৰ পৰা নিজকে দূৰত ৰাখক ৷ কিয়নো এইসমূহ সহজতে হজম নহয় ৷ যদিও দক্ষিণ ভাৰতৰ লোকে এই খাদ্যসমূহক দৈনিক খাদ্য হিচাপে গ্ৰহণ কৰে সেয়েহে তেওঁলোকৰ ক্ষেত্ৰত এনে খাদ্যই বিশেষ প্ৰভাৱ নেপেলায় ৷
কি কৰিব লাগে ?
- আদা, জালুক, দালচেনী, তুলসীপাত আদি চাটনী, দাইলজাতীয় খাদ্যৰ লগতে, ডোচা ইডলী আদি খাদ্যত ব্যৱহাৰ কৰিব লাগে ৷ কিয়নো এনে উপকৰণসমূহে খাদ্য হজম হোৱাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগায় ৷
- যিহেতু এনে সময়ত মানুহৰ পাচনক্ৰিয়া দুৰ্বল হৈ থাকে সেই বাবে ভোক কমকৈ লাগে ৷ সেয়েহে আমি সচৰাচৰ ভাত, ঘেঁহুৰ দ্বাৰা তৈয়াৰী পাতল আৰু সতেজ ভোজন কৰিব লাগে ৷
- আমি আমাৰ দৈনিক আহাৰত ঘিউ, দাইল, সেউজীয়া মগু, চাউল আৰু ঘেঁহু সন্নিবিষ্ট কৰিব পাৰো ৷
- প্ৰতিদিনে খাদ্য গ্ৰহণ কৰাৰ পাচত ক'লা নিমখৰ সৈতে এটুকুৰা সৰু আদাৰ টুকুৰা খাব লাগে ৷
- নিমখীয়া আৰু টেঙা সোৱাদৰ পাচলিৰে প্ৰস্তুত চুপ সেৱন কৰিব লাগে ৷
মুঠতে যিমান দূৰ সম্ভৱ সিমানেই পাতল ভোজন সেৱন কৰিব লাগে ৷ কিয়নো ওজন থকা খাদ্য সেৱনে এনে সময়ত আমাৰ পাচনক্ৰিয়াত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷
লগতে পঢ়ক: ঘৰতে বনাওক সুস্বাদু ভেজ চেণ্ডুইচ