নিউজ ডেস্ক, ৩ মে' : শনিবাৰে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত তিনিগৰাকীকৈ ন্যায়াধীশৰ নিযুক্তি প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে । সদ্যনিযুক্তিপ্ৰাপ্ত ন্যায়াধীশকেইগৰাকীক অন্ধ্ৰ প্ৰদেশ উচ্চ ন্য়ায়ালয়ত শপতবাক্য পাঠ কৰোৱা হয় ।
নতুনকৈ নিযুক্তিপ্ৰাপ্ত ন্যায়াধীশকেইগৰাকী হৈছে ন্যায়াধীশ বোপ্পুড়ী কৃষ্ণ মোহন, ন্যায়াধীশ কাঞ্চিৰেড্ডী সুৰেশ ৰেড্ডী আৰু ন্যায়াধীশ কান্নেগান্টি ললিথাকুমাৰী । সদ্য নিযুক্তিপ্ৰাপ্ত আটাইকেইগৰাকী ন্যায়াধীশকে গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জীতেন্দ্ৰ কুমাৰ মাহেশ্বৰীয়ে ।
সদ্যহাতে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশকে ধৰি ২১গৰাকী ন্যায়াধীশ আছে । উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ক বি ৰাজাশেখৰে ৰাষ্ট্ৰপতিৰ নিৰ্দেশনা পাঠ কৰি দিয়াৰ পিচতেই তিনিওগৰাকী ন্যায়াধীশে শপতগ্ৰহণ কৰি নিজৰ দায়িত্বভাৰ গ্ৰহণ কৰে ।
এই অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ আৰু অধিবক্তাসকল উপস্থিত আছিল ।