ETV Bharat / bharat

ভাৰত-পাকিস্তানৰ সামৰিক সংঘৰ্ষ হ'ব চৰম বিপৰ্যয়ৰ বিষয় : ৰাষ্ট্ৰসংঘ সচিব

ৰাষ্ট্ৰসংঘৰ সচিব-জেনেৰেল এন্টোনিও গাটেৰেছে ভাৰত আৰু পাকিস্তানক একত্ৰিত হৈ তেওঁলোকৰ সমস্য়াৰ বিষয়ে আলোচনা কৰাটো অতি আৱশ্য়ক বুলি মন্তব্য় কৰে । তেওঁৰ মতে যিকোনো সংঘৰ্ষ কেৱল দুয়োখন দেশৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেই চৰম বিপৰ্যয়ৰ বিষয় হ'ব ।

ভাৰত-পাকিস্তানৰ সামৰিক সংঘৰ্ষ হ'ব চৰম বিপৰ্যয়ৰ বিষয় : ৰাষ্ট্ৰসংঘ সচিব
ভাৰত-পাকিস্তানৰ সামৰিক সংঘৰ্ষ হ'ব চৰম বিপৰ্যয়ৰ বিষয় : ৰাষ্ট্ৰসংঘ সচিব
author img

By

Published : Jan 30, 2021, 12:32 PM IST

নিউজ ডেস্ক, ৩০ জানুৱাৰী : অনুচ্ছেদ ৩৭০ বাতিলৰ পিছৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা পোৱা দেখা গৈছে । বিভিন্ন বিষয়ক লৈ দুয়োখন দেশৰ মাজত বাক-বিতণ্ডাও চলিছে । কিন্তু দুয়োখন দেশৰ মাজৰ এই মতানৈক্য়ক লৈ এইবাৰ ৰাষ্ট্ৰসংঘৰ বিশেষ আহ্বান । ৰাষ্ট্ৰসংঘৰ সচিব-জেনেৰেল এন্টোনিও গাটেৰেছে দুয়োখন দেশক একত্ৰিত হৈ তেওঁলোকৰ সমস্য়াৰ বিষয়ে আলোচনা কৰাটো অতি আৱশ্য়ক বুলি মন্তব্য় কৰে । লগতে তেওঁ কয় যে যিকোনো সংঘৰ্ষ কেৱল দুয়োখন দেশৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবেই চৰম বিপৰ্যয়ৰ বিষয় হ'ব ।

উল্লেখ যে ২০১৯ চনত গাটেৰেছে জম্মু আৰু কাশ্মীৰৰ পৰিস্থিতিৰ বিষয়ে জাৰী কৰিছিল এক বিবৃতি য'ত তেওঁ সকলোকে সংযম হ'বলৈ আহ্বান জনাইছিল । এই বিবৃতিটোকে উধৃত কৰি এগৰাকী পাকিস্তানৰ সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সচিব গৰাকীয়ে দুয়োখন দেশকে পুনৰ শান্তি আলোচনাৰ বাবে আহ্বান জনায় ।

বৃহস্পতিবাৰে এক সংবাদমেলত তেওঁ কয় যে দুয়োখন দেশৰ বাবে সকলোৱে একত্ৰিত হৈ তেওঁলোকৰ সমস্যাবোৰৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰাটো অতি প্ৰয়োজন । লগতে তেওঁ উল্লেখ কৰে যে বিবাদমান সকলো অঞ্চলত মানৱ অধিকাৰক সম্পূৰ্ণৰূপে সন্মান কৰাটোও অতি আৱশ্য়ক । বৰ্তমান তেওঁ সকলোবোৰ সঠিক দিশত আগবাঢ়ি থকা নাই বুলিও মন্তব্য় কৰে । সেয়ে তেওঁলোকে শান্তিপূৰ্ণ আলোচনাৰ বাবেও জোৰ দিব বুলি সংবাদমেলত উল্লেখ কৰে ।

লগতে পঢ়ক : পুনৰ আৰম্ভ হ'ব মুম্বাইৰ স্থানীয় ৰেল সেৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.