ETV Bharat / bharat

নাগৰিত্ব সংশোধনী আইনঃ শ্বাৰ্জীল ইমামলৈ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ - জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়

দিল্লী আৰক্ষীয়ে শনিবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বাৰ্জীল ইমামক ভাৰতৰ সাৰ্বভোমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ বাবে আদালতত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উখাপন কৰিছে ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰ নামত ছাত্ৰ গৰাকীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি উচতনিমূলক মন্তব্য প্ৰদান কৰিছিল ৷

Anti-CAA riots: Sharjeel Imam charged with sedition
নাগৰিত্ব সংশোধনী আইনঃ শ্বাৰ্জীল ইমামলৈ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ
author img

By

Published : Jul 26, 2020, 10:16 PM IST

নিউজ ডেস্ক, 26 জুলাই : দেশত ক'ভিড-19 ৰ ত্ৰাস চলি থকাৰ সময়তে দিল্লী আৰক্ষীয়ে শনিবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ শ্বাৰ্জীল ইমামক ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ বাবে আদালতত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ উখাপন কৰিছে ৷

উল্লেখ্যনীয় যে, আৰক্ষীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰ গোচৰত আদালতত এক চাৰ্জশ্বীট দাখিল কৰিছিল ৷ লগতে, ছাত্ৰজনৰ বিৰুদ্ধে আৰক্ষীয়ে, 124-A , 153(A) , 153-A , 153-B আৰু ভাৰতীয় দণ্ডবিধি আইনৰ 505 ধাৰা অনুসৰি গোচৰ ৰুজু কৰিছিল ৷

তেখেতৰ বিৰুদ্ধে থকা গোচৰত উল্লেখ কৰা হৈছিল যে, ছাত্ৰ গৰাকীয়ে দেশদ্ৰোহীৰ ভাষণ প্ৰদান কৰিছিল আৰু বিভিন্ন বৰ্গৰ লোকক বে-আইনী কাৰ্যত লিপ্ত হোৱাৰ লগতে ৰাষ্ট্ৰৰ অখণ্ডতাৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰাৰ অভিযোগ উখাপন কৰা হৈছিল ৷ লগতে, ছাত্ৰ গৰাকীয়ে সংবিধানৰ পৰিপন্থী কাম কৰাৰো অভিযোগ উখাপন হৈছিল ৷

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাৰ নামত ছাত্ৰ গৰাকীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি উচতনিমূলক মন্তব্য প্ৰদান কৰিছিল ৷

উল্লেখযোগ্য যে, শ্বাৰ্জীল ইমামক 2019 চনৰ 13 ডিচেম্বৰত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত সংবিধান বিৰোধী ভাষণ প্ৰদান কৰা দেখা গৈছিল ৷ পৰৱৰ্তী সময়ত 16 জানুৱাৰীত আলিগড় ইছলাম বিশ্ববিদ্যালয়ত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ ভূমিৰ পৰা বিচ্ছিন্ন কৰাৰ মন্তব্য প্ৰদান কৰিছিল ৷ যি মন্তব্যই দিল্লীৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছিল ৷

বৰ্তমান ছাত্ৰ নেতা গৰাকী গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰাত কাৰাৰুদ্ধ হৈ আছে আৰু শেহতীয়াকৈ ছাত্ৰ নেতা গৰাকী কেন্দ্ৰীয় কাৰাগাৰাতে ক'ভিড-19 ত আক্ৰান্ত হৈছিল ৷ উল্লেখ্য যে, আদালতে এই সম্পৰ্কত 27 জুলাইত শুনানী প্ৰদান কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : পাকিস্তানৰ নৃশংসতাৰ কাহিনী, সৌৰভ কালিয়াৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.