ETV Bharat / bharat

হায়দৰাবাদত কে(এ)এৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ - উত্তাল প্ৰতিবাদ

হায়দৰাবাদ আৰু তেলংগানাৰ বিভিন্ন চহৰত কে(এ)এৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ প্ৰতিবাদকাৰী সকলে অগণতান্ত্ৰিক , কে(এ)এ ধৰ্ম নিৰপেক্ষ নহয়, কে(এ)এ অভাৰতীয় , ভাৰতক আইন লাগে - নাগৰিকত্ব আইন নালাগে আদি বিভিন্ন কে(এ)এ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

hyderabad
হায়দৰবাদত কে(এ)এৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
author img

By

Published : Dec 14, 2019, 2:50 PM IST

Updated : Dec 14, 2019, 5:01 PM IST

নিউজ ডেস্ক , 14 ডিচেম্বৰঃ বুধবাৰে ৰাজ্যসভাত বিতৰ্কিত বিধেয়কখন গৃহীত হোৱাৰ পাচতে সমগ্ৰ অসম কে(এ)এ বিৰোধী প্ৰতিবাদত অগ্নিগৰ্ভা হোৱাৰ লগতে হায়দৰাবাদতো কে(এ)এ বিৰোধী প্ৰতিবাদ পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে হায়দৰাবাদ আৰু তেলংগানাৰ বিভিন্ন চহৰত জামাত-এ-ইছলামী আৰু জামিয়াতুল ওলেমা-এ-হিন্দ আৰু টেহৰিক মুছলিম ছাবানৰ লগতে উৱাহাদাত-এ-ইছলামিৰ দৰে বিভিন্ন স্থানীয় দল সংগঠনে কে(এ)এৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শতাধিক লোকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷

শুকুৰবাৰৰ পৱিত্ৰ নামাজৰ পাচতে প্ৰতিবাদকাৰী সকলে মছজিদৰ সন্মুখত উপস্থিত হৈ কে(এ)এ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে অগণতান্ত্ৰিক,কে(এ)এ ধৰ্ম নিৰপেক্ষ নহয়,কে(এ)এ ভাৰতীয় সংবিধান বিৰোধী,ভাৰতক আইন লাগে - নাগৰিকত্ব আইন নালাগে আদি বিভিন্ন কে(এ)এ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

হায়দৰাবাদৰ বিভিন্ন স্থানত কে(এ)এ বিৰোধিতাৰে সমদলো বাহিৰ কৰা হয় ৷ আনহাতে হায়দৰাবাদৰ অল্ড চিটিস্থিত ইতিহাস প্ৰসিদ্ধ মেক্কা মছজিদ,গ'লকন্দা ফ'ৰ্ট,মেহদিপটনম আৰু চায়দাবাদত প্ৰতিবাদকাৰীসকলে গুৰুতৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে ইছলামিক ছাত্ৰ সংগঠনে মেহদিপটনমস্থিত আজিজা মছজিদত কে(এ)এৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে,জামিয়াতুল ওলেমা-এ-হিন্দে শীঘ্ৰে সংশোধীত আইনখন বাতিলৰ দাবীত হায়দৰাবাদ আৰু তেলেংগানাৰ বিভিন্ন চহৰত মৌন প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাষৰীয়া ৰাজ্য অন্ধ্ৰ প্ৰদেশতো কে(এ)এ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক - কেবৰ বিৰুদ্ধে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ গণ আন্দোলন

Intro:Body:

Anti-CAA protests in Hyderabad, other Telangana towns

Hyderabad, Dec 13 (IANS) Hyderabad and few other towns in Telangana on Friday witnessed protests against the Citizenship (Amendment) Act.

Hundreds of people joined the protests on a call given by Jamat-e-Islami Hind, Jamiatul Ulema-e-Hind and other organisations. The protests were peaceful.

Immediately after the Friday prayers, people gathered in front of mosques, holding placards and raising slogans against the contentious citizenship law. At some places rallies were organised to demand withdrawal of the controversial legislation.

"India rejects CAA, CAA is anti-democratic, anti-secular and anti-India, India needs law and order not citizenship law, we reject the idea of being other, CAA is regressive," read some of the placards.

Major protests in Hyderabad were held near the historic Mecca Masjid in the old city, Golconda Fort, Mehdipatnam and Saeedabad.

"We appeal to all justice-loving citizens of our country to reject the CAA, Jamaat-e-Islami Hind will continue to oppose the CAA using all legal and democratic means at its disposal," read the banner displayed at the protests organised by Jamat-e-Islami Hind.

A major protest was organised by the Students Islamic Organisation (SIO) near Azizia Masjid in Mehdipatnam.

Jamiatul Ulema-e-Hind organised silent protests in various parts of Hyderabad and other towns in Telangana and neighbouring Andhra Pradesh. The organisation demanded immediate withdrawal of the legislation.

Hafiz Peer Shabbir Ahmed, President, Jamiat Ulema, Telangana and Andhra Pradesh, said their organisation had opposed division of the country on religious lines. He said that another attempt was being made to split the country on similar lines by bringing this legislation.

A rally was taken out from Saeedabad to Nalgonda Cross Roads. Local organisations like Tehreek Muslim Shabban and Wahadat-e-Islami had also called for protests.

Earlier, the imams in their speeches before the Friday prayers spoke about CAA and explained how it was discriminatory in nature and violated the basic principles of the Indian Constitution.

Conclusion:
Last Updated : Dec 14, 2019, 5:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.