নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: দেশৰ ৰাজধানী দিল্লী কঁপাই তোলা প্ৰতিবাদী কৃষকক সমৰ্থন জনায় সমাজ কৰ্মী তথা গান্ধীবাদী নেতা আন্না হাজাৰে । বিগত চাৰি বছৰৰ পৰা সমাজৰ হিতৰ বাবে অন্দোলন কৰা নেতাগৰাকীয়ে এইবাৰো প্ৰতিবাদী কৃষকৰ সমৰ্থনত সাব্যস্ত কৰিব প্ৰতিবাদ । যোৱা ২৬ নৱেম্বৰৰ পৰাই কৃষকসকলে সিন্ধু সীমান্ত,দিল্লী-হাৰিয়ানা সীমান্ত,দিল্লী-উত্তৰ প্ৰদেশ সীমান্ত টিকৰী সীমান্তত প্ৰতিবাদ সাৱ্যস্ত কৰি থকাৰ আজি ২৮ দিন পাৰ হ'ল । তাৰ পাচতো প্ৰধানমন্ত্ৰী, কৃষিমন্ত্ৰীয়ে কৃষকসকলক দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম নহ'ল । যাৰবাবে দিল্লীৰ ৰামলীলা মৈদানত প্ৰতিবাদী কৃষকৰ সৈতে বহি একেলগে প্ৰতিবাদ সাব্যস্ত কৰিব আন্না হাজাৰে ।
ইটিভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত নেতাগৰাকীয়ে কয় যে ৰামলীলা মৈদানত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পূৰ্বেই দিল্লী চৰকাৰ আৰু দিল্লী প্ৰশাসনৰ অনুমতি বিচাৰি এক পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰৰ উত্তৰ পোৱা মাত্ৰকে প্ৰতিবাদ কৰিবলৈ সাজু আছে হাজাৰে । লগতে কয় যে কেন্দ্ৰীয় কৃষি আইনখনক সাংবিধানিক স্বীকৃতি প্ৰদান কৰাটো অতিকৈ আৱশ্যক আৰু নিৰ্বাচনী আয়োগৰ অধীনত স্বায়ত্ত সংস্থা গঠন কৰিলে কৃষকসকলৰ কিছু সমস্যা লাঘৱ হ'ব । উৎপাদিত সামগ্ৰী এম এচ পি সম্পৰ্কতো তেওঁ কয় যে আলু, পিয়াজ, বিলাহী আৰু গাখীৰৰ ক্ষেত্ৰত এম এচ পি নিৰ্ধাৰণ কৰিব লাগে যাতে এইসমূহ সামগ্ৰী কৃষকে ৰাজপথত পেলাবলগীয়া অৱস্থা নহয় ।
উল্লেখনীয় যে মংগলবাৰে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে সংশোধিত নতুনকৈ কৃষি আইন সন্দৰ্ভত তেওঁলোকৰ সমস্যাসমূহৰ সমাধানৰ বাবে পুনৰবাৰ নতুনকৈ আলোচনাত মিলিত হ'বলৈ এখন নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছিল । ৩ ডিচেম্বৰত কৃষক সংঘ আৰু চৰকাৰৰে হোৱা সাতঘন্টীয়া মাৰাথান বৈঠকৰ অন্ততো উচিত সিদ্ধান্ত গ্ৰহণ নকৰিলে চৰকাৰে । ৫ ডিচেম্বৰত কৃষক সংঘৰ একাংশ নেতাই অমিত শ্বাহৰে পৰৱৰ্তী বৈঠকত মিলিত হৈছিল ।
ইফালে ১৭ ডিচেম্বৰত মুখ্য ন্যায়াধীশ এচ এ ববড়ে নতুন কৃষি আইন সন্দৰ্ভত চৰকাৰ আৰু কৃষক দুয়োপক্ষৰে সমস্যাসমূহ চালি-জাৰি চাই শুনানি গ্ৰহণ কৰা হ'ব বুলি কৈছিল । পৰৱৰ্তী সময়ত এই বিষয়টোৱে ৰাষ্ট্ৰীয় সমস্যাূৰূপে দেখা দিব পাৰে । ইয়াৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে পূৰ্বেই চৰকাৰ আৰু কৃষকৰ মাজত এখন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল । এই সন্দৰ্ভত ভাৰতীয় কৃষক মৰ্চাই কয় যে যেতিয়ালৈ চৰকাৰে এই তিনিখন আইন প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে তেওঁলোকৰ কন্ঠ ৰুদ্ধ নহয় ।
উল্লেখ কৰিবলগীয়া যে কেন্দ্ৰীয় চৰকাৰে তিনিখনকৈ কৃষি আইন বলৱৎ কৰাৰ পিছৰে পৰাই দেশৰ কৃষকসকলে মোডী চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আৰু সেই আইনৰ বাতিলৰ দাবীত পঞ্জাৱ,হাৰিয়াণাৰ পৰা হাজাৰ হাজাৰ প্ৰতিবাদী কৃষকে আন্দোলনত কঁপাইছে ৰাজধানী দিল্লী । ২৬ নৱেম্বৰৰ পৰা দিল্লী চলো কাৰ্যসূচী লৈ অহা এইসকল কৃষকক বাধা দিবলৈ হাৰিয়াণা আৰু দিল্লী সীমান্তত আৰক্ষী প্ৰশাসনে প্ৰৱল চেষ্টা চলাইছিল যদিও সক্ষম নহ'ল ।
লগতে পঢ়ক: ব্ৰক্ষ্মপুত্ৰ অধ্য়য়নঃ কিৰণ ৰিজিজুয়ে শুভাৰম্ভ কৰিলে ৰিভাৰ ৰাফটিঙ কাৰ্যসূচী