নেশ্যনেলডেস্ক,28 ডিচেম্বৰ: সমাজ কৰ্মী আন্না হাজাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰোধীতা কৰি পুনৰ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনশনত বহাৰ হুংকাৰ প্ৰদান কৰিছে ৷ দেওবাৰে মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ সিদ্ধি গাঁৱত উপস্থিত হৈ আন্না হাজাৰে কয় যে, তিনি বছৰ আগৰ পৰা প্ৰতিবাদ কৰি অহা কৃষক সকলৰ বাবে চৰকাৰ খনে একো কামেই নকৰিলে ৷ চৰকাৰে কেৱল প্ৰতিশ্ৰুতি দি আছে গতিকে মই কেন্দ্ৰীয় চৰকাৰক এমাহৰ সময় দিলো, এইখিনি সময়ৰ ভিতৰত যদি কৃষি আইন বাতিল নকৰে তেন্তে মই পুনৰ অনশনত বহিম আৰু এইটোৱে মোৰ জীৱনৰ শেষৰটো অনশন হ'ব ৷
83 বছৰীয়া সমাজ কৰ্মী আন্না হাজাৰে 14 ডিচেম্বৰত এম এছ স্বামী নাথন সমিতিৰ পৰামৰ্শ ৰূপায়ণ আৰু কৃষি ব্যয় আৰু মূল্য আয়োগৰ দাবী সমূহ গ্ৰহণ নকৰিলে অনশন কাৰ্যসূচী ৰূপায়ন কৰাৰ বিষয়ে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰলৈ এখন পত্ৰ লিখাৰ পাচতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰ বিধানসভাৰ পূৰ্বৰ অধ্যক্ষ হৰিভাউ বাগাদে শেহতীয়াকৈ কেন্দ্ৰই প্ৰৱৰ্তন কৰা তিনিখন কৃষি আইনৰ বিৱৰণ ব্যাখ্যা কৰিবলৈ হাজাৰৰ সৈতে এখন বৈঠকত মিলিত হয় ৷
কৃষকসকলে বীমা মূল্য আৰু কৃষি সেৱা অধিনিয়ম 2020, কৃষিজাত সামগ্ৰী আৰু বাণিজ্য আইন 2020, আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) আইন 2020 ৰ বিৰুদ্ধে এমাহৰ পৰা দিল্লীৰ সীমাত প্ৰতিবাদ কৰি আহিছে। 8 ডিচেম্বৰত দেশৰ কৃষক সংগঠনসমূহে কৃষি আইন বাতিলৰ দাবীত ঘোষণা ভাৰত বন্ধৰ সমৰ্থনত ৮ ডিচেম্বৰত অনশন কাৰ্যসূচী ৰূপায়ন কৰে আন্না হাজাৰে ৷ কেন্দ্ৰীয় চৰকাৰে ছেপ্টেম্বৰ মাহত প্ৰণয়ন কৰা তিনিখন কৃষি আইনে কৃষি খণ্ডত আমোল পৰিৱৰ্তন অনাৰ কথা কৈছে যদিও কৃষক সকলে তাৰ বিৰোধীতা কৰি কৈছে যে দেশৰ কৃষি খণ্ডক কৰ্পোৰেট গোষ্ঠীৰ হাতত গটাই দিয়াৰ ফলত ক্ষুদ্ৰ কৃষক সকল বৰ বেয়াকৈ ক্ষতিগ্ৰস্থ হোৱাৰ লগতে দেশৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ পৰিব ৷
লগতে পঢ়ক: সামুদ্ৰিক অনুশীলনত অংশগ্ৰহণ ভাৰত-ভিয়েটনামৰ