নিউজ ডেস্ক,30জুনঃ অন্ধপ্ৰদেশ পৰ্যটন বিভাগৰ হোটেল মেনেজাৰ ভাস্কৰ ভূষণে মাস্ক পৰিধান কৰি এগৰাকী কৰ্মচাৰীক অশালীন ব্যবহাৰ কৰাৰ লগতে মাৰধৰ কৰাৰ সমগ্ৰ দৃশ্য চি চি টিভি কেমেৰাত বন্দী হৈ ৰয় ৷ ঘটনা সংঘটিত হোৱাৰ পিছতে সোমাবাৰে অন্ধপ্ৰদেশ আৰক্ষীয়ে ভাস্কৰক আটক কৰে ৷
অন্ধপ্ৰদেশ আৰক্ষীৰ সঞ্চালক প্ৰধানে আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়ে যে, দিশা আৰক্ষী থানাই এসপ্তাহৰ ভিতৰত ঘটনাৰ তদন্ত কৰি চাৰ্জছীট দাখিল কৰিব লাগিব ৷ উল্লেখযোগ্য যে, মহিলা গৰাকীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাস্কৰক আটক কৰে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ ষ্টাৰ্টআপছত চীনৰ বিনিয়োগঃ ফাউল প্লেৰ বিৰুদ্ধে নিশ্চিতি দিবলৈ আহ্বান