ETV Bharat / bharat

পঞ্চায়তীৰাজ ব্যৱস্থাত সালসলনিৰে অন্ধ্ৰপ্ৰদেশত কাৰ্যকৰী নিৰ্বাচনী সংস্কাৰ - অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী আয়ুক্ত এন ৰমেশ কুমাৰ

শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰে তিনিটাকৈ "confidential" Government Orders অৰ্থাৎ চৰকাৰী নিৰ্দেশনা ৷ নিৰ্বাচনী সংস্কাৰ সাধন কৰিবলৈ ৱাইএছআৰ কংগ্ৰেছে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইয়াৰে দুটাকৈ নিৰ্দেশনা পঞ্চায়তীৰাজ বিভাগ আৰু এটা আইন বিভাগে কাৰ্যকৰী কৰে ৷

অন্ধ্ৰপ্ৰদেশত কাৰ্যকৰী নিৰ্বাচনী সংস্কাৰ

author img

By

Published : Apr 11, 2020, 9:23 AM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃ অন্ধ্ৰ প্ৰদেশ চৰকাৰে শুকুৰবাৰে জাৰী কৰে তিনিটাকৈ "confidential" Government Orders (GOs) অৰ্থাৎ চৰকাৰী নিৰ্দেশনা ৷ ৰাজ্যখনৰ শাসনাধিস্থিত ৱাইএছআৰ কংগ্ৰেছ পাৰ্টীয়ে এই নিৰ্দেশনাক নিৰ্বাচনী বিধিৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণকাৰী সংস্কাৰ বুলি উল্লেখ কৰে ৷

ৰাজ্যখনৰ গ্ৰামীণ আৰু নগৰ স্থানীয় প্ৰশাসনৰ নিৰ্বাচন স্থগিত ৰখাৰ বাবেই মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত এন ৰমেশ কুমাৰক বৰ্খাস্ত কৰে ৷ যাৰ ফলত এইদৰে নিৰ্বাচনী বিধিৰ সংস্কাৰৰ নামত নিজাকৈ চৰকাৰী নিৰ্দেশনা জাৰী কৰে ৱাইএছআৰ কংগ্ৰেছে ৷

ৱাইএছআৰ কংগ্ৰেছৰ মুখপাত্ৰ তথা বিধায়ক আম্বাতি ৰামবাবুয়ে প্ৰকাশ কৰা অনুসৰি, তিনিটাৰ ভিতৰত দুটা পঞ্চায়তী ৰাজ আৰু এটা আইন বিভাগৰ দ্বাৰা জাৰী কৰা হৈছে ৷ তিনিওটা নিৰ্দেশনাই ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ কাৰ্যকাল 5 বছৰৰ পৰা 3 বছৰলৈ কমাই অনাৰ ওপৰত নিৰ্ধাৰিত বুলি জানিবলৈ দিয়ে ৰামবাবুয়ে ৷

অন্ধ্ৰপ্ৰদেশ পঞ্চায়তী ৰাজ আইন, 1994ৰ অনুচ্ছেদ 200ৰ সংশোধন কৰি নতুন ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত নিযুক্তিৰ ক্ষেত্ৰত প্ৰথমটো নিৰ্দেশনা জাৰী কৰে আইন বিভাগে ৷ এইক্ষেত্ৰত গৱৰ্নৰৰ দ্বাৰা প্ৰক্ষেপিত অধ্যাদেশ জাৰী কৰিবলৈ এইদৰে আইন সংশোধন কৰে বিভাগটোৱে ৷

আনহাতে চৰকাৰৰ এই নিৰ্দেশনাৰ পিচতেই বিৰোধী দল তেলেগু দেশম পাৰ্টী আৰু কংগ্ৰেছ দলে ৱাইএছআৰ কংগ্ৰেছ দল নেতৃত্বাধীন জগনমোহন চৰকাৰক সমালোচনা কৰি কোভিড-19ৰ দৰে মহামাৰীৰ সৈতে যুঁজ দি থকা অৱস্থাত এইদৰে আইন সংশোধন কৰাৰ কোনো প্ৰয়োজন নাছিল বুলি উল্লেখ কৰে ৷ এইক্ষেত্ৰত বিৰোধীয়ে ইয়াক আইনবিৰোধী বুলি উল্লেখ কৰি ৰাজ্যপাল বিশ্ব ভূষণ হৰিচন্দনলৈ এক পত্ৰও প্ৰেৰণ কৰে ৷ বিৰোধীয়ে উল্লেখ কৰা ধৰণে, বৰ্তমানে কাৰ্যকালত থকা ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ কাৰ্যকাল শেষ নোহোৱালৈকে অন্ধ্ৰপ্ৰদেশ পঞ্চায়তী ৰাজ আইন সংশোধন কৰাটো নীতিবিৰুদ্ধ আৰু সংশোধন কৰিলেও সেয়া নিৰ্বাচনী আয়ুক্তৰ কাৰ্যকাল শেষ নোহোৱালৈকে কাৰ্যকৰী কৰিব নোৱাৰিব ৷ সেয়েহে বিৰোধী দলসমূহে এই সংশোধনী উঠাই ল’বলৈ ৰাজ্যপালক দাবী উত্থাপন কৰে ৷

ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 243K (2) অনুসৰি, "যিকোনো ৰাজ্যৰ বিধানমণ্ডলৰ দ্বাৰা তৈয়াৰী আইনৰ নিয়মৰ অধীনত ৰাজ্য নিৰ্বাচন আয়ুক্তৰ পদৰ সেৱা আৰু কাৰ্যকাল ৰাজ্যপালৰ দৰে আইনে নিৰ্ধাৰণ কৰা ধৰণে হ’ব পাৰে ৷" অনুচ্ছেদটোত লগতে এইদৰেও কোৱা হৈছে যে, "উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দৰে ঠিক একেদৰেই ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক তেওঁৰ কাৰ্যালয়ৰ পৰা বৰ্খাস্ত কৰিব পৰা নাযাব ৷ ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ কাৰ্যকালৰ স্থিতি তেওঁ নিযুক্তিৰ পিচৰ অসামৰ্থতাৰ ওপৰত ভিত্তি নকৰে ৷"

সমগ্ৰ বিষয়টো অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাইএছ জগনমোহন ৰেড্ডী আৰু ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ মাজত হোৱা অন্তৰ্কন্দলৰ পিচতে পোহৰলৈ আহে ৷ ৰাজ্যিক নিৰ্বাচনী আয়ুক্তই মাৰ্চৰ 7 তাৰিখে হ’বলগীয়া অন্ধ্ৰ প্ৰদেশৰ স্থানীয় প্ৰশাসনৰ নিৰ্বাচন কোভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি পিচুৱাই দিছিল ৷ এই ঘটনাৰ পিচতেই মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যপালৰ ওচৰত অভিযোগ দাখিল কৰিছিল ৷ একেসময়তে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰি ৰাজ্যিক নিৰ্বাচনী আয়ুক্তক প্ৰত্যাহ্বান জনাইছিল যদিও উচ্চতম ন্য়ায়ালয়ে নিৰ্বাচন পিছুৱাই দিয়াৰ সিদ্ধান্ত বাহাল ৰাখিছিল ৷

উল্লেখ্য যে, পূৰ্বৱৰ্তী টিডিপি চৰকাৰে 1983 চনৰ আইএএছ বিষয়া ৰমেশ কুমাৰক অন্ধ্ৰ প্ৰদেশৰ নিৰ্বাচনী আয়ুক্ত হিচাপে 2016ৰ 30 জানুৱাৰীত নিযুক্তি প্ৰদান কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.