ETV Bharat / bharat

কেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত - এয়াৰ ইণ্ডিয়া

শুকুৰবাৰে সন্ধিয়া 7 বাজি 40 মিনিটত কেৰালাৰ কাৰিপুৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাৰ সময়ত বিমানখনত ষ্টা'ফৰ সৈতে 190 গৰাকী যাত্ৰী থকা বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত 18 জন যাত্ৰী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

An Air India Express plane skidded during landing at Karipur Airport, Kozhikode
কেৰালাত বিমান দুৰ্ঘটনা, 2 জন নিহত
author img

By

Published : Aug 7, 2020, 9:38 PM IST

Updated : Aug 8, 2020, 4:45 AM IST

নিউজ ডেস্ক, 7 আগষ্ট : শুকুৰবাৰে সন্ধিয়া 7 বাজি 40 মিনিটত কেৰালাৰ কাৰিপুৰ বিমান বন্দৰত এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনা সংঘটিত হয় ৷ প্ৰৱল বৃষ্টিপাতৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

কেৰালাত বিমান দুৰ্ঘটনা, 2 জন নিহত

উক্ত দুৰ্ঘটনাত দুজন ব্যক্তি গুৰুতৰভাবে আহত হোৱাৰ তথ্য আহি পৰিছে ৷ দুৰ্ঘটনাৰ ফলত বিমানখন বিধস্ত হোৱাৰ তথ্য আহি পৰিছে ৷ দুৰ্ঘটনাৰ সময়ত বিমানখনত ষ্টা'ফৰ সৈতে 190 গৰাকী যাত্ৰী থকা বুলি জানিব পৰা গৈছে ৷ বৰ্তমান বিমানখনৰ পৰা যাত্ৰী সকলক উদ্ধাৰ অভিযান চলাই থকা বুলি জানিব পৰা গৈছে ৷ উক্ত দুৰ্ঘটনাত বিমানখনথ থকা দুগৰাকী পাইলট সহ 18 জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে 123 গৰাকী আক্ৰান্ত হৈছে, ভিতৰত 15 গৰাকীৰ অসস্থা সংকটজনক ৷

দুৰ্ঘটনা সংঘটিত হোৱা বিমানখন ডুবাইৰ পৰা কেৰালালৈ আহি আছিল ৷ কেৰালাৰ কাৰিপুৰ বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনা সংঘটিত হোৱা বিমানখন Air India flight, IX-1344 বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটোত নিহত এগৰাকী পাইলট কেপ্তেইন দীপক সাথে বুলি জানিব পৰা গৈছে ৷ তেওঁ ভাৰতীয় বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত পাইলট আছিল ৷ তেওঁ বায়ু সেনাত উইং কামাণ্ডাৰ হিচাপে কৰ্মৰত আছিল ৷

নিহত পাইলট কেপ্তেইন দীপক সাথে
নিহত পাইলট কেপ্তেইন দীপক সাথে

আনহাতে, ঘটনা সংঘটিত হোৱাৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰালাৰ মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ত বাৰ্তালাপ কৰে ৷ গৃহমন্ত্ৰী অমিত শ্বাহেও দুৰ্ঘটনা সন্দৰ্ভত দুখ প্ৰকাশ কৰিছে ৷ ইতিমধ্যে, আঘাত প্ৰাপ্ত হোৱা লোকৰ বাবে প্ৰশাসনে হেল্প লাইন নম্বৰ মুকলি কৰিছে ৷ 056 546 3903, 0543090572, 0543090572, 0543090575 নম্বৰত ফোন কৰি যিকোনো তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে ৷ ইয়াৰ পূৰ্বেও 2010 চনত পুনৰ ৰাজ্যখনত বিমান দুৰ্ঘটনা সংঘটিত হৈছিল য'ত 158 গৰাকী লোকৰ মৃত্যু হৈছিল ৷

লগতে পঢ়ক : এয়া কাহানিও নুশুনা বিষয় : কংগ্ৰেছ-চীনৰ চুক্তি প্ৰসংগত সৰ্বোচ্চ ন্যায়ালয়

Last Updated : Aug 8, 2020, 4:45 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.