ETV Bharat / bharat

আম্বেদকাৰৰ মুম্বাইস্থিত বাসগৃত অচিনাক্ত লোকৰ আক্ৰমণ - আম্বেদকাৰৰ মুম্বাইস্থিত বাসগৃত অচিনাক্ত লোকৰ আক্ৰমণ

মঙলবাৰে নিশা দাদৰস্থিত ড৹ বাবাচাহেব আম্বেদকাৰৰ বাসগৃহত কোনো অচিনাক্ত লোকে আক্ৰমণ কৰে ৷ এই ঘটনা সন্দৰ্ভত মাটুংগা আৰক্ষীয়ে এখন এজাহাৰ দাখিল কৰে দোষীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ ৷

Ambedkar's Mumbai residence attacked by unidentified persons, FIR filed

author img

By

Published : Jul 8, 2020, 3:05 PM IST

নেশ্যনেল ডেস্ক, 8 জুলাইঃ বুধবাৰে মুম্বাই আৰক্ষীয়ে ডঃ বাবাচাহেব আম্বেদকাৰৰ মুম্বাইস্থিত বাসগৃহ ৰাজগৃহত কোনো অচিনাক্ত লোকে আক্ৰমণ কৰাৰ অভিযোগত সেই অজ্ঞাত লোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷

বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, মঙলবাৰে নিশা দুজন লোকে বাসগৃহটোৰ কাঁচৰ খিৰিকীলৈ শিলগুটি নিক্ষেপ কৰে আৰু তাত থকা চিচিটিভি কেমেৰা ভাঙি দিয়ে ৷ লগতে দাদৰ এলেকাত থকা বাসগৃহটোৰ গছপুলি ৰোৱা তাববোৰৰ ক্ষতি কৰে ৷

দেশৰ সংবিধান প্ৰণেতা গৰাকীৰ পূৰ্বৰ বাসগৃহত থকা চিচিটিভি ফুটেজত এগৰাকী লোকে পলায়ন কৰাৰ পূৰ্বে বাসগৃহটোৰ পৰিসৰত থকা ফুলৰ তাব সমূহ ভাঙি থকা দেখা গৈছিল ৷ যাৰ বাবে মাটুংগা আৰক্ষীয়ে সেই ঘটনাৰ প্ৰাথমিক পৰ্যায়ৰ এক তদন্ত আৰম্ভ কৰে ৷

দাদৰৰ হিন্দু কলনীস্থিত দুমহলীয়া সেই কীৰ্তিচিহ্ন স্বৰূপ অট্টলিকাটোত আছে আম্বেদকাৰ সংগ্ৰহালয় ৷ য'ত সংবিধান প্ৰণেতা বাবাচাহেবৰ গ্ৰন্থ, চিত্ৰ, চিতাভষ্ম, বাচন আৰু তেওঁৰ ভিন্ন কলা-কৃষ্টিসমূহ সংৰক্ষণ কৰি থোৱা আছে ৷

ৰাজগৃহত বৰ্তমান আম্বেদকাৰৰ বোৱাৰী, তেওঁৰ নাতি বঞ্চিত বহুজন, প্ৰকাশ আম্বেদকাৰ, আনন্দৰাও আৰু ভীমৰাও থাকে ৷

আক্ৰমণৰ সময়ত প্ৰকাশ আম্বেদকাৰ আকোলাত আছিল ৷ তেওঁ সকলোকে শান্ত হৈ থকাৰ লগতে নিজৰ অনুগামী সকলক ঘৰৰ বাহিৰত ভীৰ নকৰিবলৈ আহ্বান জনায় ৷

বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক এই সমগ্ৰ ঘটনা সন্দৰ্ভত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে অল ইণ্ডিয়া প্ৰফেচনেল কংগ্ৰেছৰ সদস্য সকলে ৷

মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে ইতিমধ্যেই আশ্বাস প্ৰদান কৰিছে যে, দোষীৰ বিৰুদ্ধে অতি শীঘ্ৰেই কঠোৰ তদন্ত আৰম্ভ কৰা হ'ব ৷

লগতে পঢ়কঃ প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.