ETV Bharat / bharat

বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ ২২৫ গৰাকী বিশ্বনেতাৰ G-20 শিখৰ সন্মিলনৰ আহ্বান

author img

By

Published : Jun 3, 2020, 9:52 PM IST

নবেল পুৰস্কাৰ বিজেতা অাৰ্মত্য সেন, কৈলাশ সত্যাৰ্থী তথা বিশিষ্ট অৰ্থনীতিবিদ কৌশিক বসু সমন্বিতে ২২৫ গৰাকীকৈ বিশ্বনেতাই সন্মিলিত ভাৱে অাহ্বান জনাইছে G-20 শিখৰ সন্মিলনৰ। বিশেষকৈ ক'ৰণা ভাইৰাচক লৈ বিশ্ব স্বাস্থ্য অাৰু অৰ্থনৈতিক যোজনা সমূহ সঠিক ৰূপত ৰূপায়ন কৰিবৰ বাবে প্ৰয়োজনীয় ২৫০০ অাৰৱ ডলাৰৰ সন্মতিৰ বাবে G-20 সন্মিলন খন হোৱাটো নিত্যান্তই জৰুৰী।

Amartya Sen, Satyarthi among over 225 global leaders to call for USD 2.5 trn COVID-19 response plan
বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ ২২৫ গৰাকী বিশ্বনেতাৰ G-20 শিখৰ সন্মিলনৰ আহ্বান

নিউজ ডেস্ক, 3 জুনঃ নবেল পুৰস্কাৰ বিজেতা আৰ্মত্য সেন,কৈলাশ সত্যাৰ্থী তথা বিশিষ্ট অৰ্থনীতিবিদ কৌশিক বসু সমন্বিতে ২২৫ গৰাকীকৈ বিশ্বনেতাই সন্মিলিত ভাৱে আহ্বান জনাইছে G-20 শিখৰ সন্মিলনৰ। বিশেষকৈ ক'ৰণা ভাইৰাছক লৈ বিশ্ব স্বাস্থ্য আৰু অৰ্থনৈতিক যোজনা সমূহ সঠিক ৰূপত ৰূপায়ণ কৰিবৰ বাবে প্ৰয়োজনীয় ২৫০০ আৰৱ ডলাৰৰ সন্মতিৰ বাবে G-20 সন্মিলন খন হোৱাটো নিত্যান্তই জৰুৰী।

এইসকল বিশ্ব বৰেণ্যে নেতাই এখন পত্ৰৰ জড়িয়তে আহ্বান জনাই উল্লেখ কৰিছে,কোভিড-১৯ৰ ফলত সৃষ্টি হব লগা অৰ্থনৈতিক মন্দাৱস্থাৰ সমাধান কৰিবৰ হেতু শীঘ্ৰেই আহ্বান কৰা হওঁক G-20 শিখৰ সন্মিলনখনৰ।

G-20ৰ অন্তৰ্গত সদস্য দেশসমূহে ২৬ মাৰ্চত মহামাৰী ক'ৰণাৰ ফলত হ'ব পৰা অৰ্থনৈতিক বিপৰ্যয়ৰ অনুমান কৰি মহামাৰীৰ লগত যুঁজিব পৰাকৈ ৫০০০ আৰৱ ডলাৰৰ সাহাৰ্যৰ এক প্ৰতিশ্ৰুতি দিয়া দেখা গৈছিল ।

মহামাৰী ক'ৰণাত সমগ্ৰ বিশ্বত ৩ লাখ ৮০ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে আৰু এনে অৱস্থাত বিশ্বৰ অৰ্থ ব্যৱস্থাটোৱে সম্পূৰ্ণ ৰূপে ধ্বংস হৈ পৰিছে । তাৰোপৰি লক্ষ লক্ষ লোক সংস্থাপনহীন পৰা দেখা গৈছে।

অৰ্মত্য সেন,কৈলাশ সত্যাৰ্থী,কৌশিক বসুকে ধৰি স্বাক্ষৰ কৰা এই পত্ৰত বৃটেইনৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী গাৰ্ডেন ব্ৰাউন আৰু টনি ব্লেয়াৰ,সংযুক্ত ৰাষ্ট্ৰৰ পূৰ্বৰ মহাসচিব বান কি মুন আৰু সংযুক্ত মহাসভাৰ পূৰ্বৰ অধ্যক্ষ মাৰিয়া ফৰ্নাড এস্পিনোচা,শ্ৰীলংকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি চন্দ্ৰিকা কুমাৰতুংগা আৰু নতুন দিল্লীস্থিত নেশ্যনেল কাউঞ্চিল অৱ এপ্লাইড ইক'নমিক ৰিচাৰ্চৰ পূৰ্বৰ মহানিৰ্দেশক সুমন বেৰিয়েও স্বাক্ষৰ কৰিছে।

পত্ৰত এইসকলে উল্লেখ কৰিছে যে,চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ শেষৰফালে চৌদি আৰৱৰ ৰাজধানী চহৰ ৰিয়াধত এইবাৰৰ G-20 সন্মিলনখন অনুস্থিত নহয়। এনে অৱস্থাত ক'ভিড-১৯ ৰে যুঁজিবৰ বাবে দুখীয়া দেশসমূহৰ বাবে যি ২৫০০ আৰৱ ডলাৰৰ প্ৰয়োজন আছিল, তাৰ পৰিৱৰ্তে সামান্য অংশহে আৱন্টন দিয়া হৈছে।

পত্ৰত স্বাক্ষৰকাৰী নেতাসকলে এই কথাও উল্লেখ কৰিছে যে,বিশ্ব স্বাস্থ্য আৰু অৰ্থনৈতিক সংকটৰ পৰা মুক্তি পোৱালৈ সময় অধিক দ্ৰুত ৰূপত আগবাঢ়িছে। তাৰোপৰি ৪৪ কোটি অতিৰিক্ত মানুহ দৰিদ্ৰতাৰ গ্ৰাসত সোমাই পৰিছে । ইফালে অতিৰিক্তভাৱে ২৬.৫ কোটিৰো অধিক লোক পুষ্টিহীনতাৰ মুখামুখী হোৱাৰ পথত।

পত্ৰত উল্লেখ কৰা হৈছে, G-20 সন্মিলনীৰ অবিহনে মহামাৰী ক'ৰণাৰ ফলত উদ্ভৱ হোৱা অৰ্থনৈতিক মন্দাৱস্থা আৰু অধিক হোৱাৰ লগতে সকলো অৰ্থ ব্যৱস্থাই লোকচানৰ সন্মুখীন হ'ব। তাৰোপৰি বিশ্বৰ দৰিদ্ৰ দেশসমূহত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰা পৰিলক্ষিত হ'ব।

বিশ্বত ৮৫ শতাংশ জিডিপিক নেতৃত্ব দিয়া G-20 ৰ অন্তৰ্গত সদস্য দেশসমূহৰ ইয়াক প্ৰত্যাহ্বান হিচাবে ল'ব পৰা ক্ষমতা আছে। সেয়ে G-20 ৰ নেতাসকলক শীঘ্ৰে সন্মিলনৰ আহ্বান জনাইছে পত্ৰখনৰ জড়িয়তে।

সংবাদ প্ৰতিস্থান পিটিঅ'ৰ সূত্ৰৰ পৰা জানিব পৰা মতে,পত্ৰখনত উল্লেখ কৰা হৈছে,সমগ্ৰ বিশ্বই এতিয়া ভয়াৱহভাৱে সংকটৰ মাজেৰে আগবাঢ়িছে। এইটো শতিকাত পোন প্ৰথমবাৰৰ বাবে এইধৰণে দৰিদ্ৰতা বাঢ়িছে। সেয়েহে এই সংকটৰ মোকাবিলা কৰি থকা অতিকে দৰিদ্ৰ দেশ সমূহঁক শীঘ্ৰে উদ্ধাৰৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰা হওঁক।

আফ্ৰিকা,এচিয়া আৰু লেটিল আমেৰিকাত থকা দৰিদ্ৰ দেশসমূহঁত সৃষ্টি হোৱা ভয়াৱহ সমস্যাৰ ওপৰত শীঘ্ৰে ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাইছে এইসকল বিশ্ব নেতাই।

পত্ৰত এইদৰেও উল্লেখ কৰা হৈছে যে,ভেকচিন অথবা ভেকচিনৰ বিকাশ,বিস্তৃত উৎপাদন আৰু সম বিতৰণৰ বাবে বিশ্বব্যাপী প্ৰয়োজন হ'ব সমন্বয়ৰ, যাতে সকলোতে সহজতে উপলব্ধ হয় ।

পত্ৰখনত স্বাক্ষৰকাৰী এই নেতাসকলৰ দাবী, G-20 ৰ সদস্য ৰাষ্ট্ৰসমূহে ৭.৪ আৰৱ ডলাৰৰ ক্ষতিপূৰণেৰে ভেকচিন গোট 'গাভি'ক সম্পূৰ্ণ ৰূপে সমৰ্থন কৰিব। এই গোটটোৱে ২০২১-২৫ বৰ্ষৰ মাজৰ সময়চোৱাত ৩০কোটি শিশুক টিকাকৰণ কৰিব যাতে ৮০ লাখতকৈও অধিক মানৱ জীৱনক বচাব পৰা যায়। যিহেতু বৰ্তমান আমি কভিড-১৯ৰ বিৰুদ্ধে যুঁজি আছো, গতিকে এনে সময়ত অন্যান্য সংক্ৰামক ৰোগ সমূহৰ পৰাও যাতে সকলোকে ৰক্ষা কৰিব পৰা যায়,সেয়াও হ'ব অত্যন্তই জৰুৰী ।

লগতে চাওকঃ ভাৰতীয় কৃষিখণ্ডত ডিজিটেলি মনোনিৱেশ কৰিব মাইক্ৰছফটে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.