ETV Bharat / bharat

তেলেংগানাত হাই এলাৰ্ট জাৰী : বানসদৃশ পৰিস্থিতি

author img

By

Published : Aug 16, 2020, 8:02 AM IST

বিগত কিছুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ বাবেই বাঢ়নী পানীয়ে প্লাবিত কৰিছে তেলেংগানাৰ কেইবাটাও অঞ্চল ৷ বানত ডুব যোৱা অঞ্চলৰ পৰা ভুক্তভোগীক উদ্ধাৰ কৰি শিৱিৰলৈ প্ৰেৰণ ৷ আনহাতে, বান পৰিস্থিতিক লৈ শনিবাৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠক ৷

তেলেংগানা
নেৰানেপেৰা বৰষুণৰ বাবেই হাই এলাৰ্ট জাৰী তেলেংগানাত

নিউজ ডেস্ক, 16 আগষ্টঃ বাঢ়নী পানীয়ে প্লাবিত কৰাৰ আশংকা তেলেংগানা ৰাজ্য ৷ শনিবাৰে মুখ্যমন্ত্ৰী কে. চন্দ্ৰচেখৰ ৰাওৱে সদৰি কৰিলে এই কথা ৷ বিগত কিছুদিন ধৰি আহি থকা প্ৰৱল বৃষ্টিপাতৰ বাবেই ৰাজ্যখনৰ কেইবাখন ঠাই পানীত ডুব যোৱাৰ বাবে ৰাজ্যখনৰ অন্য প্ৰান্তত বানপানী হোৱাৰ আশংকা থকা বুলি সংশ্লিষ্ট বিভাগৰ বিষয়ববীয়াক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

আনহাতে, ৰাজ্যখনত বিগত কিছুদিন ধৰি একেৰাহে অহা বৰষুণৰ বাবেই ৱাৰেংগল চহৰ বাঢ়নী পানীয়ে উপচাই পেলায় ৷ সংশ্লিষ্ট বিভাগৰ স্থানীয় বিষয়ববীয়াই ইতিমধ্যে ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰি শিৱিৰলৈ প্ৰেৰণ কৰে ৷

আনহাতে, জয়শংকৰ ভূপালপল্লী জিলাত ভাৰতীয় বায়ু সেনাই হেলিকপ্টাৰৰ জৰিয়তে 14 জনকৈ কৃষকক উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা কৃষকসকল কুন্দনপল্লী গাঁৱৰ বাঢ়নী পানীত আৱদ্ধ হৈছিল বুলি সদৰি কৰে ভাৰতীয় বায়ু সেনাই ৷

তাৰোপৰি, মুখ্যমন্ত্ৰীৰ নেতৃত্বত শনিবাৰে বান সন্দৰ্ভত চৰকাৰী বাসভৱন প্ৰগতিত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় ৷ উক্ত বৈঠকত ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰা হয় বুলি সদৰি কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে ৷ বৈঠকত বিষয়ববীয়াসকলক হায়দৰাৱাদত দুটা নিয়ন্ত্ৰণ কক্ষ প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়ায় ৷ আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰে তেলেংগানাৰ বিভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত হোৱাৰ আশংকা থকা বুলি মত ব্যক্ত কৰে ৷

লগতে পঢ়কঃ মন্ত্ৰীৰ ভাষণৰ সময়ত ফটো তোলাত ব্যস্ত একাংশ প্ৰশাসনৰ বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.