ETV Bharat / bharat

চিকিৎসা সামগ্ৰী যোগান : 2 লাখ কিল'মিটাৰৰো অধিক উৰণ সম্পূৰ্ণ এয়াৰ লাইনছৰ - টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ পুৰীৰ

দেশৰ বিভিন্ন অঞ্চলত চিকিৎসা সামগ্ৰী সেৱা আগবঢ়াইছে এয়াৰ লাইনছে ৷ বৰ্তমানলৈকে 2 লাখ কিল'মিটাৰৰো অধিক উৰণ সম্পূৰ্ণ কৰিলে এয়াৰ লাইনছে ৷

চিকিৎসা সামগ্ৰী যোগান
2 লাখ কিল'মিটাৰৰো অধিক উৰণ সম্পূৰ্ণ এয়াৰ লাইনছৰ
author img

By

Published : Apr 13, 2020, 11:41 PM IST

নেশ্যনেল ডেস্ক, 13 এপ্ৰিল : COVID-19 ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰখা ভাৰতে দূৰ্গম অঞ্চলত অত্যাৱশ্য়কীয় চিকিৎসা সামগ্ৰী সেৱা আগবঢ়াবৰ বাবে 218 লাইফলাইন উড়ান বিমান সঞ্চালন সম্পূৰ্ণ কৰিছে ৷ এই কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰে নগৰ বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ৷

  • Under Lifeline UDAN, 218 flights have flown 2,05,709 kms to transport 377.50 Tons of essential medical cargo to remote parts of the country to support India’s war against COVID-19 since 26th March.

    Kudos to all officers & professionals. Your commitment is a source of strength. pic.twitter.com/SE2GrKAAET

    — Hardeep Singh Puri (@HardeepSPuri) April 13, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পুৰীয়ে কয় যে, ইয়াৰে 132 খন এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ আৰু কাৰ্গো বিমানে সোমবাৰ পৰ্যন্ত প্ৰায় 377.50 টন চিকিৎসা সামগ্ৰী কঢ়িয়াইছে ৷ সোমবাৰ পৰ্যন্ত লাইফলাইন উড়ান বিমানে অতিক্ৰম কৰিছে প্ৰায় 2,05,709 ৰো অধিক কিল'মিটাৰ ৷ কাৰ্গো বিমানে 12 এপ্ৰিল পৰ্যন্ত 4.27 টন সামগ্ৰী কঢ়িয়াইছে ৷

এই ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ, দ্বীপ অঞ্চল আৰু পৰ্বতীয়া ৰাজ্যসমূহ ৷ কাৰ্গো বিমানসমূহে কঢ়িয়াইছে মাস্ক, গ্ল'ভছ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী ৷

ঘৰুৱা কাৰ্গো বিমান যেনে, স্পাইছ জেট, ব্লু ডাৰ্ট আৰু ইণ্ডিগোয়ে ব্যৱসায়িক ভিত্তিত কাৰ্গো বিমানৰ চলাচল কৰিছে ৷ 24 মাৰ্চৰ পৰা 12 এপ্ৰিললৈ স্পাইছ জেটে প্ৰায় 300 কাৰ্গো বিমানৰ পৰিৱহণ কৰিছে, ইয়াৰে 95 খন আন্তৰাষ্ট্ৰীয় কাৰ্গো বিমান ৷

আনহাতে, ব্লু ডাৰ্টে 94 আৰু ইণ্ডিগোয়ে 25 খন ঘৰুৱা কাৰ্গো বিমানৰ পৰিৱহণ সম্পূৰ্ণ কৰিছে ৷ চৰকাৰৰ বাবে বিনামূল্যে চিকিৎসা সামগ্ৰীৰো যোগান ধৰিছে এই তিনি বিমান সেৱা সংস্থাই ৷

ইয়াৰোপৰি, প্ৰয়োজন সাপেক্ষে এয়াৰ ইণ্ডিয়াই অন্য ৰাষ্ট্ৰলৈও চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰিবলৈ সাজু হৈছে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.