ETV Bharat / bharat

বায়ুৰ জৰিয়তে সংক্ৰমিত হৈছে মহামাৰী COVID-19: বিশ্ব স্বাস্থ্য সংস্থা - বায়ুৰ জৰিয়তে সংক্ৰমিত কৰ'ণা

মহামাৰী COVID-19 বায়ুৰ জৰিয়তে সংক্ৰমিত হোৱাৰ তথ্য পোৱা হৈছে বুলি সদৰি কৰে বিশ্ব স্বাস্থ্য সংস্থাই । যাৰ বাবে জনসাধাৰণক পূৰ্বতকৈ অধিক সতৰ্ক হ'বলৈ নিৰ্দেশ দিছে বিশ্ব স্বাস্থ্য সংস্থাই । এই ভাইৰাছৰ আকাৰ ডাঙৰ বাবে ৫ মাইক্ৰ'নতকৈ ডাঙৰ বিন্ধাৰে প্ৰাণীৰ দেহত প্ৰৱেশ কৰে বুলিও জানিবলৈ দিয়ে ।

 বিশ্ব স্বাস্থ্য সংস্থা
বিশ্ব স্বাস্থ্য সংস্থা
author img

By

Published : Jul 19, 2020, 4:54 PM IST

নিউজ ডেস্ক, ১৯ জুলাইঃ বায়ুৰ জৰিয়তে মহামাৰী COVID-19ত সংক্ৰমণ হোৱা বুলি ঘোষণা কৰাৰ পাচতে শংকিত হৈ পৰিছে বিশ্ববাসী । বিশ্ব স্বাস্থ্য সংস্থাই বায়ুৰ জৰিয়তে COVID-19ৰ সংক্ৰমণ হয় বুলি তথ্য দাঙি ধৰাৰ উপৰিও এই ভাইৰাছে সকলোকে সংক্ৰমিত কৰিব বুলি জনসাধাৰণক আৰু অধিক সজাগ থাকিবলৈ ঘোষণা কৰে ।

COVID-19 ভাইৰাছবিধ আকাৰত ডাঙৰ বাবেই ৫ মাইক্ৰ'নতকৈ ডাঙৰ বিন্ধাৰ জৰিয়তে ই মানুহৰ দেহত প্ৰৱেশ তথা সংক্ৰমণ হয় বুলি সদৰি কৰে বিশ্ব স্বাস্থ্য সংস্থাই । তাৰোপৰি ৫ মাইক্ৰ'নতকৈ সৰু ভাইৰাছ অত্যাধিক সময়লৈ বায়ুত প্ৰবাহিত হৈ থাকে বুলি বুলিও উল্লেখ কৰে । যাৰ বাবে COVID-19 সংক্ৰমিত ব্যক্তিৰ সম্পৰ্কত অহা ব্যক্তিসকলে অধিক সময়লৈ মাস্ক পৰিধান কৰাটো আৱশ্যক । আৰু তাৰ সমান্তৰালকৈ সামাজিক দূৰত্ব বজাই ৰখাটো সমানেই গুৰুত্ব বুলিও উল্লেখ কৰে বিশ্ব স্বাস্থ্য সংস্থাই ।

বিশ্ব স্বাস্থ্য সংস্থাই সদৰি কৰা অনুসৰি, COVID-19ত আক্ৰান্ত ৰোগীসকলে শ্বাস-প্ৰশ্বাস লোৱাৰ সময়ত কৰ'ণা সংক্ৰমণ হোৱাৰ অধিক আশংকা আছে । COVID-19 আক্ৰান্ত হোৱা ৰোগীৰ পৰা ভাইৰাছ প্ৰায় ৬ ৰ পৰা ৯ ফুট উচ্চতালৈ যোৱাৰ আশংকা কৰিছে বিশেষজ্ঞসকলে ।

আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাই COVID-19ত সংক্ৰমণৰ পৰা বাছি থাকিবলৈ দিয়া উপদেশ কেইটা হৈছে এনেধৰণৰ......

# যিকোনো স্থানতে কোনো লোক একগোট হ'ব নালাগে ।

# লিফ্ট আৰু এগজ্যাষ্ট ফেন ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা ।

# নিষ্ক্ৰিয় শ্বাস-প্ৰশ্বাস পৰা দূৰত থকা ।

# যিকোনো সাধাৰণ মাস্ক পৰিধাণ কৰাৰ বিপৰীতে এনেকুৱা মাস্ক পৰিধাণ কৰক যি নাক, মুখ ডিঙি ঢাক খোৱা উপৰিও দেহৰ তলৰ অংশ কাপোৰেৰে ঢাকিব লাগে ।

# হাস্পতাল তথা কৰ'ণা আক্ৰান্ত ৰোগীৰ সেৱা আগবঢ়োৱা সময়ত ছাৰ্জিকেল মাস্ক পৰিধাণ কৰাটো অত্যান্ত আৱশ্যকীয় ।

# কাপোৰেৰে তৈয়াৰ কৰা মাস্ক প্ৰতিদিনে চাবোনেৰে পৰিস্কাৰ কৰাতো আৱশ্যক । মাস্কখন ৰ'দত দিয়াৰ আগত সামন্য পৰিমাণে ব্লিচিং পউদাৰ মিশ্ৰিত পানীত তিয়াই দিব লাগে ।

# ৰাস্তা বা অন্য ব্যক্তিৰ মাস্ক সংস্পৰ্শ কৰাৰ পৰা বিৰত থাকক । কিয়নো মাস্কখনৰ পৰা সোনকালে বীজাণু সংক্ৰমণ হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.