নিউজ ডেস্ক, 10 জুলাইঃ আধুনিক পৃথিৱীত দিনক দিনে বাঢ়িছে বায়ু প্ৰদূষণ ৷ আৰু এই বায়ু প্ৰদূষণৰ বাবেই মানৱ দেহত স্বাসতন্ত্ৰৰ সমস্যাকে ধৰি বিভিন্ন ৰোগ দেখা পৰিলক্ষিত হৈছে ৷ শেষতীয়াকৈ বায়ু প্ৰদূষণৰ বাবেই Chronic Obstructive Pulmonary (COPD) বেমাৰবিধ ভয়াবহতা ৰূপ ধাৰণ কৰিছে ৷ চিঅপিডী ৰোগ বিধ শ্বাসতন্ত্ৰৰ সৈতে জড়িত ৷ এই ৰোগে দেহত দেখা দিলে শ্বাস-প্ৰশ্বাসত অসুবিধা হয় ৷ আনহাতে, ইউৰোপৰ ৰেছপিৰেটৰি নামৰ বাতৰি কাকত প্ৰকাশ পোৱা অনুসৰি, প্ৰদূষিত বায়ু সেৱন কৰিলে বয়সৰ চাপ পৰে৷ লগতে প্ৰদূষিত বায়ু উশাসত গ্ৰহণ কৰিলে শ্বাসতন্ত্ৰত বিশ অনুভব কৰে বুলিও কাকতখনত উল্লেখ কৰে ৷
![etv bharat assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/jul09v54_0907a_1562685714_756.jpg)