ETV Bharat / bharat

গৰ্ভৱতী পত্নীক ইহ সংসাৰত এৰি গ'ল সহ-পাইলট অখিলেশ কুমাৰে

author img

By

Published : Aug 8, 2020, 4:48 PM IST

দুবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল IX-1344 বিমানৰ সহ-পাইলট অখিলেশ কুমাৰ ৷ ইহ সংসাৰত এৰি থৈ গ'ল গৰ্ভৱতী পত্নীক ৷

গৰ্ভৱতী পত্নীক ইহ সংসাৰত এৰি গ'ল সহ-পাইলট অখিলেশ কুমাৰে
IX-1344 বিমানৰ সহ-পাইলট অখিলেশ কুমাৰ

নেশ্যনেল ডেস্ক, 8 আগষ্ট : IX-1344 বিমানৰ সহ-পাইলট অখিলেশ কুমাৰে 2017 চনত এয়াৰ ইণ্ডিয়াৰ পাইলট হিচাপে যোগদান কৰিছিল ৷ শুকুৰবাৰে কালিকট বিমানবন্দৰত প্ৰতিকূল বতৰৰ বাবে সংঘটিত হোৱা বিমান দুৰ্ঘটনাত মৃত্যু হোৱা 19 গৰাকী লোকৰে অন্যতম অখিলেশ কুমাৰ ৷

IX-1344 বিমানৰ সহ-পাইলট অখিলেশ কুমাৰ

মথুৰাৰ বাসিন্দা কুমাৰে 2017 চনত মেঘনাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৷ লকডাউন দিয়াৰ পূৰ্বে তেওঁ মথুৰালৈ গৈছিল ৷ কিন্তু, আকস্মিকভাৱে কুমাৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়ালৰ সদস্যসকল ৷

উল্লেখ্য যে, কুমাৰে ইহ সংসাৰত এৰি থৈ গৈছে তেওঁৰ গৰ্ভৱতী পত্নী মেঘনা, দুই জ্যেষ্ঠ ভগ্নী আৰু দুই কনিষ্ঠ ভাতৃক ৷ শনিবাৰে মথুৰাত আহি উপস্থিত হ'ব অখিলেশ কুমাৰৰ নশ্বৰ দেহ ৷

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে কয়, "দিল্লীৰ পৰা কোজিকোডেলৈ অখিলেশ কুমাৰৰ পৰিয়ালক অনা হৈছে ৷"

কুমাৰৰ সম্বন্ধীয় ভাতৃ বাসুদেৱে কয়, "তেওঁ এখন গহীন-গম্ভীৰ ব্যক্তি আছিল ৷ অহা 15-17 দিনৰ ভিতৰত তেওঁৰ পত্নীয়ে সন্তান প্ৰসৱ কৰাৰ সম্ভাৱনা আছে ৷ 2017 চনত তেওঁ এয়াৰ ইণ্ডিয়াত যোগদান কৰিছিল আৰু লকডাউনৰ পূৰ্বে ঘৰলৈ আহিছিল ৷"

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া ভাগত কেৰালাৰ কোজিকোডেত সংঘটিত হ'য় এই ভয়ংকৰ বিমান দুৰ্ঘটনা ৷ দুৰ্ঘটনাৰ ফলত 19 গৰাকী যাত্ৰীয়ে প্ৰাণ হেৰুওৱাৰ লগতে আঘাতপ্ৰাপ্ত হ'ল বহু কেইগৰাকী ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ বিমান ৰানৱে'ৰ পৰা পিছলি 50 ফুট দ' উপত্যকাত পৰি যোৱা ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷

যোৱা সন্ধিয়া প্ৰায় 7.40 বজাত ডুবাই-কালিকট এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছখনে 190 গৰাকী যাত্ৰী আৰু ষ্টাফ সদস্য কঢ়িয়াই আনিছিল ৷ উক্ত দুৰ্ঘটনাত বিমানখনত থকা দুগৰাকী পাইলট সহ 19 জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ মৃত পাইলট দুগৰাকী হৈছে পাইলট কেপ্তেইন ডি. ভি. সাথে আৰু সহ-পাইলট অখিলেশ কুমাৰ ৷

কেৰালাৰ প্ৰশাসনে জানিবলৈ দিয়া অনুসৰি, 190 গৰাকীৰ 128 জন পুৰুষ, 46 গৰাকী মহিলা, 10 টি শিশু আৰু ছয়জন ষ্টাফ সদস্য আছিল ৷ আনহাতে, টিকেট বুক কৰা অন্য 5 জন লোকে ভ্ৰমণ নকৰিলে বুলি জানিবলৈ দিয়ে প্ৰশাসনে ৷

মৃত পাইলটগৰাকীয়ে চূড়ান্তবাৰৰ বাবে কোজিকোডেৰ ৰানৱে'ত অৱতৰণ কৰাৰ পূৰ্বেও দুবাৰকৈ অৱতৰণ কৰাৰ চেষ্টা কৰিছিল যদিও বিফল হয় ৷ লাভ কৰা তথ্য অনুসৰি, সন্মুখৰ আসনত বহি থকা যাত্ৰীসকল গুৰুতৰভাৱে আহত হৈছে ৷ মাল্লাপুৰম জিলা কালেক্টৰ কে. গোপালাকৃষ্ণনে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি, উদ্ধাৰ অভিযান ডেৰ ঘন্টাৰ ভিতৰত অন্ত পৰে আৰু 110 জন লোকক কোজিকোডে হাস্পতালত আৰু 80 জন লোকক মাল্লাপুৰম হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷ আনহাতে, মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷ লগতে তেওঁ জানিবলৈ দিয়ে যে, বিমানখনৰ অন্তিম অংশত আৱদ্ধ হৈ পৰা দুজন লোকক বহু কষ্টেৰে উদ্ধাৰ কৰা হৈছে ৷

100 ৰো অধিক এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু ব্যক্তিগত বাহনে উদ্ধাৰ অভিযানত অংশ লয় ৷ চৰকাৰী বিভাগ যেনে, এনডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীয়েও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় ৷

মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মৃত লোকসকলৰ পৰিয়াললৈ অন্তৱৰ্তীকালিন সাহাৰ্য হিচাপে 10 লাখকৈ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ আনহাতে, সামান্যভাৱে আঘাতপ্ৰাপ্তসকলে লাভ কৰিব 50,000 কৈ সাহাৰ্য ৷

লগতে পঢ়ক : মৃতকৰ পৰিয়াললৈ 10 লাখৰ অন্তৱৰ্তীকালিন সাহাৰ্য ঘোষণা হৰদ্বীপ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.