ETV Bharat / bharat

স্বদেশী প্ৰতিষ্ঠানত ক'ভিডৰ ভেকচিন প্ৰস্তুত হোৱাটো দেশৰ বাবে ইতিবাচক: AIIMS ৰ সঞ্চালক - ড্ৰাগছ কট্ৰ'ল জেনেৰেল অফ ইণ্ডিয়া

AIIMS ৰ সঞ্চালক গৰাকীয়ে ভাৰতত ক'ভিড ভেকচিন প্ৰস্তুত হৈ থকাটো দেশখনৰ বাবে ইতিবাচক বুলি মন্তব্য প্ৰদান কৰে ৷ নিউজ এজেঞ্চিৰ সাক্ষাৎকাৰত বহুতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে সঞ্চালক গৰাকীয়ে ৷ 'কোভাক্সিন' সন্দৰ্ভতো ব্যক্ত কৰিলে বহুতো গুৰুত্বপূৰ্ণ মন্তব্য ৷

AIIMS Director praises indigenous vaccines, says they are safe
স্বদেশী প্ৰতিষ্ঠানত ক'ভিড-19 ৰ ভেকচিন প্ৰস্তুত হোৱাটো দেশৰ বাবে ইতিবাচক
author img

By

Published : Jan 3, 2021, 10:29 PM IST

নিউজ ডেস্ক, 3 জানুৱাৰী : AIIMS ৰ সঞ্চালক ডঃ ৰাণদ্বীপ সিং গুলৰিয়াই দেওবাৰে স্বদেশী প্ৰতিষ্ঠানত ক'ভিড ভেকচিন প্ৰস্তুত হোৱাটো দেশখনৰ বাবে ইতিবাচক বুলি মন্তব্য প্ৰদান কৰে ৷ ভাৰতে বিদেশী কোম্পানীৰ পৰা ভেকচিন আমদানি কৰাৰ পৰিৱৰ্তে নিজে ভেকচিন প্ৰস্তুত কৰাটো ভাৰতবাসীৰ বাবে এক মহান ক্ষণ ৷ আগতে, ভাৰতে সামান্য সামগ্ৰীৰ ওপৰতো বিদেশী কোম্পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল ৷ পি পি কিট তথা N-95 মাস্কৰ বাবেও আন প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল ৷ কিন্তু বৰ্তমান ভাৰতৰ স্বদেশী প্ৰতিষ্ঠানত ক'ভিড-19 ৰ ভেকচিন প্ৰস্তুত হৈ থকাৰ বাবে আমি আন বিদেশী প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱা নায়, যিটো সমগ্ৰ দেশবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : হাজোত আনুষ্ঠানিকভাৱে প্ৰাক্তন কংগ্ৰেছ নেতা দুলু আহমেদৰ AJP ত যোগদান

এক নিউজ এজেঞ্চিৰ সাক্ষাৎকাৰত সঞ্চালক গৰাকীয়ে পুনৰ কয় যে, যিকোনো এটা ভেকচিন জনসাধাৰণক প্ৰদান কৰাৰ আগতে বহুতো পৰীক্ষণ কৰা হয় ৷ ড্ৰাগছ কট্ৰ'ল জেনেৰেল অফ ইণ্ডিয়া চমুকৈ DCGI ৰ পৰা ভেকচিনৰ অনুমোদন লাভ কৰাৰ পিচতে এই মন্তব্য প্ৰদান কৰে সঞ্চালক গৰাকীয়ে ৷ বিভিন্ন মহলৰ বিশেষজ্ঞ সকলৰ দ্বাৰা ভেকচিনৰ তন্নতন্নকৈ পৰীক্ষণ কৰাৰ পিচত ভেকচিনবিধ প্ৰথম অৱস্থাত জন্তুৰ শৰীৰত প্ৰয়োগ কৰা হয় ৷ জন্তুৰ শৰীৰত ইয়াৰ সফল পৰীক্ষণ লাভ কৰাৰ পিচত পৰৱৰ্তী সময়ত মানৱ শৰীৰত প্ৰদান কৰাৰ কথাও ব্যক্ত কৰিলে সঞ্চালক গৰাকীয়ে ৷

ইয়াৰ উপৰিও ভাৰত বায়টে'ক প্ৰতিষ্ঠানৰ 'কোভাক্সিন'ৰ তৃতীয় পৰ্যায়ত থকা পৰীক্ষণৰ কথা উল্লেখ কৰি সঞ্চালক গৰাকীয়ে কয় যে, DCGI য়ে শেহতীয়াকৈ 'কোভাক্সিন'ৰ অনুমোদন প্ৰদান কৰে ৷ জৰুৰীকালীন অৱস্থাত ক'ভিড ৰোগীসকলক 'কোভাক্সিন' প্ৰদান কৰাৰ বাবে অনুমোদন লাভ কৰা কথাও ব্যক্ত কৰে সঞ্চালক গৰাকীয়ে ৷

লগতে পঢ়ক : গোৱালপাৰাত ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.