ETV Bharat / bharat

আগ্ৰা বাছ হাইজেক: আৰক্ষীৰ জিম্মাত মুখ্য অভিযুক্ত

author img

By

Published : Aug 20, 2020, 10:02 AM IST

মঙলবাৰে নিশা আগ্ৰাত সংঘটিত বাছ হাইজেকৰ ঘটনাৰ লগত জড়িত এজন মুখ্য অপৰাধী সম্প্ৰতি আৰক্ষীৰ জিম্মাত ৷ ঘটনা সন্দৰ্ভত অভিযুক্তজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীৰ অপৰাধ শাখাই ৷

আৰক্ষীৰ জিম্মাত মুখ্য অভিযুক্ত
আৰক্ষীৰ জিম্মাত মুখ্য অভিযুক্ত

নেশ্যনেল ডেস্ক, 20 আগষ্ট: মঙলবাৰে নিশা 10:30 মান বজাত আগ্ৰাৰ ৰায়ভা টোল প্লাজাৰ সমীপৰ পৰা যাত্ৰীসহ দুৰ্বৃত্তই হাইজেক কৰে এখন বাছ ৷ প্ৰথমে ফাইনেঞ্চ কৰ্মী বুলি বাছখনত প্ৰৱেশ কৰে একাংশ লোকে ৷ কাৰৰ সহায়ত বাছখনক অভাৰটেক কৰি বাছখনক হাইজেক কৰে দুৰ্বৃত্তই ৷ বাছখনত মুঠ 34 গৰাকীকৈ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ বাছখন গুৰুগ্ৰামৰ পৰা মধ্যপ্ৰদেশৰ পন্না অভিমুখে গৈ আছিল ৷

বুধবাৰে পুৱা উত্তৰ প্ৰদেশত আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত হোৱা এনকাউণ্টাৰৰ পাচত বাছ হাইজেকৰ লগত জড়িত মুখ্য অভিযুক্ত গুৰুতৰভাৱে আহত হয় ৷

ফাটেহবাদ আৰক্ষীয়ে যেতিয়া ফিৰোজবাদৰ পথত বাহন চেকিং কৰি আছিল তেতিয়াই আৰক্ষী আৰু দুৰ্বৃত্তৰ মাজত সংঘটিত হয় এনকাউণ্টাৰ ৷ আহত অভিযুক্ত জনক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

অভিযুক্ত জনৰ নাম প্ৰদীপ গুপ্তা বুলি জানিব পৰা গৈছে ৷ প্ৰদীপৰ গাত গুলী লগাৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে অভিযুক্তজনৰ লগত থকা আন এগৰাকী অভিযুক্তই পলায়ন কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আৰক্ষীৰ অপৰাধ শাখাই অভিযুক্ত জনৰ সৈতে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: 34 যাত্ৰীসহ আগ্ৰা বাছ হাইজেক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.