ETV Bharat / bharat

অপৰাধৰ পাচত আইনী প্ৰক্ৰিয়াৰ দ্বাৰা ধৰ্ষণ হয় নিৰ্যাতিতা : দিল্লী মহিলা আয়োগ - নাবালিকা

ধৰ্ষণৰ গোচৰত হোৱা ন্যায় প্ৰক্ৰিয়া পলম হোৱাৰ পৰিস্থিতিক গৰিহণা দি দিল্লী মহিলা আয়োগৰ মুখ্য নেত্ৰী স্বাতী মালিৱালে কলে, মহিলা এগৰাকীক প্ৰথমে এজন অপৰাধীয়ে ধৰ্ষণ কৰে আৰু ইয়াৰ পিছত ন্যায় প্ৰদানৰ নামত নিৰ্যাতিতা গৰাকী পুনৰ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আন এক ধৰ্ষণৰ স্বীকাৰ হ'ব লগা হয় ।

After offenders, system rapes victim: DCW chief Swati Maliwal
অপৰাধীৰ পিছত আইনী প্ৰক্ৰিয়াৰ দ্বাৰা ধৰ্ষণ হয় নিৰ্যাতিতা: দিল্লী মহিলা আয়োগ
author img

By

Published : Aug 8, 2020, 12:12 AM IST

নিউজ ডেস্ক,৭আগষ্ট: শুক্ৰবাৰে দিল্লী মহিলা আয়োগৰ মুখ্য নেত্ৰী স্বাতী মালিৱালে দেশৰ ন্যায় প্ৰক্ৰিয়াৰ ওপৰত ক্ষোভ ব্যক্ত কৰি উল্লেখ কৰিলে যে, আমাৰ দেশৰ ন্যায় প্ৰক্ৰিয়া এনে পৰ্যায়ৰ যে, প্ৰথমে এজন অপৰাধীৰ দ্বাৰা ধৰ্ষণৰ স্বীকাৰ হোৱা নিৰ্যাতিতা গৰাকীয়ে পুনৰ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আন এক ধৰ্ষণৰ স্বীকাৰ হ'ব লগা হয় । দেশৰ ৰাজধানী নতুন দিল্লীৰ পশ্চিম বিহাৰ অঞ্চলৰ এগৰাকী নাবালিকাৰ ধৰ্ষণৰ ঘটণাৰ প্ৰসংগ উল্লেখ কৰি শুক্ৰবাৰে দিল্লী মহিলা আয়োগৰ মুখ্য নেত্ৰী স্বাতী মালিৱালে কলে এনেদৰে ।

"ধৰ্ষণৰ দুদিন পিছত দিল্লী আৰক্ষীয়ে এজন অপৰাধীক আটক কৰিছিল । ইয়াৰ পিছতে দোষীক উপযুক্ত শাস্তিৰ দাবী কৰিছিলো দিল্লী মহিলা আয়োগে । আমাৰ দেশত আমাৰ ন্যায় প্ৰক্ৰিয়া এনে পৰ্যায়ৰ যে, প্ৰথমে এজন অপৰাধীৰ দ্বাৰা ধৰ্ষণৰ স্বীকাৰ হয় নিৰ্যাতিতা গৰাকীয়ে আৰু ইয়াৰ পিছত পুনৰ আইনী প্ৰক্ৰিয়াৰ দ্বাৰা আন এক ধৰ্ষণৰ স্বীকাৰ হ'ব লগা হয় নিৰ্যাতিতা গৰাকী ।" এইদৰে কলে স্বাতী মালিৱালে।

"দিল্লীত এগৰাকী ১২ বছৰীয়া নাবালিকাক অতি নৃশংস ভাৱে ধৰ্ষণ কৰা হৈছিল । মই যেতিয়া নাবালিকা গৰাকীক লগ পাইছিলো তেতিয়া কোৱাটো খুবেই টান আছিল যে নাবালিকা গৰাকী জীয়াই থাকিব নে নাই । তেওঁৰ ভিতৰৰ ব্যক্তিগত অংগ সমূহত অতি পৈশাচিক ভাৱে আক্ৰমণ কৰিছিল । ডিঙিটোও ভাঙি পেলাইছিল । এই অপৰাধীক ছয় মাহৰ ভিতৰত ফাঁচী দিয়া হওঁক । " দিল্লী মহিলা আয়োগৰ মুখ্য নেত্ৰী গৰাকীয়ে এই দৰে দাবী কৰিলে দিল্লী আৰক্ষীক ।

দিল্লী আৰক্ষীয়ে ঘটনা প্ৰসংগত জানিব দিয়া মতে, ১২ বছৰীয়া নাবালিকা গৰাকীৰ ধৰ্ষণৰ লগত জড়িত এজন অপৰাধীক ইতিমধ্যে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

ইফালে দিল্লী প্ৰদেশ কংগ্ৰেছৰ সভাপতি অনিল কুমাৰে ৰাজ্যপাল অনিল বেইজালক এক পত্ৰ যোগে সমগ্ৰ ঘটনাৰ এক চি বি আই তদন্তৰ দাবী কৰিছে ।

লগতে পঢ়ক : শ্ৰীৰামপুৰত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা: দুজনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.