নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : এছিয়া বিকাশ বেংকৰ সভাপতি মাছাতছুগু আছাকাৱাই শুকুৰবাৰে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক 2.2 বিলিয়ন আমেৰিকান ডলাৰৰ আৰ্থিক অনুদান দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ কোভিড-19 ৰ পৰা ভাৰতক মুক্ত কৰাৰ উদ্দেশ্যে প্ৰদান কৰা হ'ব এই বৃহৎ অংকৰ ধন ৷
ফোনযোগে হোৱা বাৰ্তালাপত আছাকাৱাই কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে ভাৰতৰ পদক্ষেপৰ প্ৰশংসা আগবঢ়ায় ৷ আছাকাৱাই কয়, "এই আপাতকালীন সময়ত ভাৰতক সমৰ্থন আগবঢ়োৱাৰ বাবে এছিয়া বিকাশ বেংকে সন্মতি প্ৰদান কৰিছে ৷ স্বাস্থ্য়খণ্ডত তৎকালীনভাৱে প্ৰয়োগ হোৱাকৈ 2.2 বিলিয়ন আমেৰিকান ডলাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে ৷ ইয়াৰ ফলত অৰ্থনৈতিক সংকটত ভোগা দুখীয়া শ্ৰেণীৰ লোক, সৰু ব্যৱসায়ী আৰু বিত্ত প্ৰতিষ্ঠানসমূহৰ সহায় হ'ব ৷"
লগতে তেওঁ কয়, "ভাৰতক ভৱিষ্যতেও আৰ্থিক অনুদানৰ প্ৰয়োজন হ'লে আমি সাজু আছো ৷ আপাতকালীন সেৱা, লোণ, বাজেটত সমৰ্থন আদিৰ বাবে আমি প্ৰয়োজনীয় সাহাৰ্য আগবঢ়াম ৷"
21 দিনীয়া ৰাষ্ট্ৰজোৰা লকডাউন ঘোষণা কৰাৰ ফলত ভাৰত অৰ্থনৈতিক সংকটত ভুগিছে ৷
আনহাতে, আছাকাৱাই কয় যে, ভাৰতে এই দিনকেইটাত যিসমূহ আঁচনি ঘোষণা কৰিছে ইয়াৰ ফলত দেশৰ প্ৰতিটো শ্ৰেণীৰ লোকেই সকাহ পাবলৈ সক্ষম হোৱাৰ লগতে অৰ্থনীতিও অতি ক্ষিপ্ৰতাৰে স্বাভাৱিক হৈ উঠিব ৷
উল্লেখ্য যে, 18 মাৰ্চত এছিয়া বিকাশ বেংকে ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহক কোভিড-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে 6.5 বিলিয়ন আমেৰিকান ডলাৰ প্ৰদান কৰিছিল ৷ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী পৰ্যায়তো সাহাৰ্য প্ৰদান কৰিবলৈ সাজু আছে এছিয়া বিকাশ বেংক ৷
1966 চনত গঠন হোৱা এছিয়া বিকাশ বেংকে দাৰিদ্ৰতা নিৰ্মূলৰ বাবে অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে ৷