নেশ্যনেল ডেস্ক, ২৭ মে': উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাত এগৰাকী লোকে নিজ বাসগৃহৰ দুৱাৰৰ সন্মুখত শুই থকা অৱস্থাত, তেওঁক কোনো লোকে আহি এচিড আক্ৰমণ কৰে । এই বিষয়ো বুধবাৰে সদৰী কৰে আৰক্ষীয়ে ।
সিধৌলীৰ বাহাদুৰপুৰ গাঁৱৰ নিবাসী অনিল কুমাৰ নামৰ লোকজন মঙলবাৰে সন্ধিয়া ঘৰৰ বাহিৰত জিৰণি লৈ থকাৰ সময়ত হঠাতে কোনো অজ্ঞাত ব্যক্তি আহি তেওঁৰ দেহত এচিড পেলাই দিয়ে ।
এই ঘটনাৰ পিচতে পিচতে লোকগৰাকীক ততাতৈয়াকৈ সিধৌলীৰ স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় । এচিড আক্ৰমণৰ ফলত লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ।
পৰৱৰ্তী সময়ত লোকজনক উন্নত চিকিৎসাৰ বাবে সীতাপুৰলৈ প্ৰেৰণ কৰা হয় । ইতিমধ্যে লোক গৰাকীৰ পৰিয়ালে এই ঘটনাৰ বিৰুদ্ধে আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে ।
এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, এই ঘটনা সংঘটিত কৰিয়েই দোষীয়ে পলায়ন কৰে ।