ETV Bharat / bharat

আৰক্ষীৰ জিম্মাত আত্মহত্যা অভিযুক্তৰঃ 5 আৰক্ষীক নিলম্বন - Shubham Bairagi

আৰক্ষীয়ে অভিযুক্তক বন্দুক থকা জৰাজীৰ্ণ ঘৰটোলৈ লৈ যোৱাৰ পাছতে অভিযুক্ত সুভম বৈৰাগীয়ে উক্ত স্থানৰ পৰা বন্দুকটো উলিয়াই আত্মহত্যা কৰে ৷ আৰক্ষীয়ে ততাতৈয়াকৈ অভিযুক্তক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে যদিও ইতিমধ্যে মৃত্যু হয় সুভম বৈৰাগীৰ ৷

Accused kills self in police custody in MP
মধ্যপ্ৰদেশ
author img

By

Published : Jun 11, 2020, 12:50 PM IST

নিউজ ডেস্ক,11 জুনঃ মধ্যপ্ৰদেশত আৰক্ষীৰ জিম্মাত থকা এজন অভিযুক্তই গুলীয়াই আত্মহত্যা কৰাৰ পাছতে দায়িত্বত থকা পাঁচজন আৰক্ষীক নিলম্বন কৰা হয় ৷

জবলপুৰ ৰেঞ্জৰ আৰক্ষী সঞ্চালক প্ৰধান ভাগৱন্ত সিং চৌহানৰ ভাষ্য অনুসাৰী, এজনী নাবালিকাৰ শ্লীলতাহানিৰ অপৰাধত মঙলবাৰে আটক কৰা হৈছিল সুভম বৈৰাগী নামৰ 25 বছৰীয়া এজন যুৱকক ৷ অস্ত্ৰ-শস্ত্ৰৰ চোৰাং সৰবাহৰ সৈতেও সৈতে জড়িত অভিযুক্ত সুভম বৈৰাগী ৷ আৰক্ষীৰ জেৰাত চিভিল লাইন অঞ্চলৰ এটা জৰাজীৰ্ণ ঘৰত অস্ত্ৰ লুকুৱাই ৰখাৰ কথাও স্বীকাৰ কৰে অভিযুক্তই ৷ ইয়াৰোপৰি অভিযুক্তক আটক কৰাৰ বাবদ 3000 টকা পুৰষ্কাৰ প্ৰদানৰ কথাও ঘোষণা কৰা হৈছিল বুলিও খোদ আৰক্ষীৰ জেৰাত অভিযুক্তই জানিবলৈ দিয়ে ৷

আৰক্ষীয়ে অভিযুক্তক বন্দুক থকা জৰাজীৰ্ণ ঘৰটোলৈ লৈ যোৱাৰ পাছতে অভিযুক্ত সুভম বৈৰাগীয়ে উক্ত স্থানৰ পৰা বন্দুকটো উলিয়াই আত্মহত্যা কৰে ৷ আৰক্ষীয়ে ততাতৈয়াকৈ অভিযুক্তক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে যদিও ইতিমধ্যে মৃত্যু হয় সুভম বৈৰাগীৰ ৷

Accused kills self in police custody in MP
মধ্যপ্ৰদেশ

আৰক্ষীৰ গাফিলতিৰ বাবে সংঘটিত হোৱা উক্ত ঘটনাৰ ফলত দুজন সহকাৰী উপ-পৰিদৰ্শকসহ পাঁচজন পুলিচ কৰ্মীক নিলম্বৰ কৰা হয় ৷ ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি জানিবলৈ দিছে আৰক্ষী সঞ্চালক প্ৰধান ভাগৱন্ত সিং চৌহানে ৷ আনহাতে, পোষ্টমৰ্তমৰ পাছত অভিযুক্তৰ মৃতদেহ পৰিয়াৰ লোকক গতাই দিয়া হয় ৷

আনহাতে, সুভমৰ ভগ্নী সোনমে কয় যে, সুভমক আৰক্ষীয়ে হত্যা কৰিছে ৷ সুভমৰ পৰিয়ালে পথৰ মাজত মৃতদেহ ৰাখি তদন্তৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃ গোলাঘাটত ব্যাপক হাৰত লুণ্ঠন বনজ সম্পদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.