নেশ্যনেল ডেস্ক, 24 মাৰ্চ : কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীক সকাহ দিয়াৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগে (National Health Authority) আয়ুষ্মান ভাৰত যোজনাৰ অধীনত এই ৰোগৰ চিকিৎসা সেৱা ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
বিভাগীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি, এই সিদ্ধান্ত বিভাগীয় কৰ্তৃপক্ষৰ এখন উচ্চস্তৰীয় বৈঠকত লোৱা হয় ৷
এই সম্পৰ্কত AB-PMJAY ৰ মু্খ্য কাৰ্যবাহী সঞ্চালক ড0 ইন্দো ভূষণে কয়, "আয়ুষ্মান ভাৰত-PMJAY ৰ অধীনত এতিয়াৰে পৰা ভাইৰাছজনিত ৰোগৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা হ'ব ৷ COVID-19 ৰ পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা বিনামূলীয়াকৈ চৰকাৰৰ অধীনৰ টেষ্টিং চেন্টাৰ আৰু চৰকাৰী চিকিৎসালয়ত কৰিব পৰা যাব ৷"
লগতে কয়, "চৰকাৰে ব্যক্তিগত খণ্ডৰ হাস্পতালতো চিকিৎসাৰ অনুমতি প্ৰদান কৰিলে COVID19 ৰ চিকিৎসা এনে হাস্পতালতো কৰিব পৰা যাব ৷"
কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিৰ্ধাৰিত হ'লে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ পৰাও চিকিৎসা গ্ৰহণৰ বাবে আবেদন জনাব পাৰিব ৷
আৰু পঢ়ক : গাঁওসমূহক COVID-19 ৰ কৱলৰ পৰা আছুতীয়াকৈ ৰাখিবলৈ প্ৰধানমন্ত্ৰী মোডীক আহ্বান ৰামোজী ৰাওৰ