ETV Bharat / bharat

পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ বিধায়কক গুলীয়াই হত্যা - বিধায়ক

কৃষ্ণগঞ্জ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক আছিল সত্যজিৎ বিশ্বাস

MLA SHOOT DEAD
author img

By

Published : Feb 9, 2019, 11:52 PM IST

কলকতা , ৯ ফেব্ৰুৱাৰী : পশ্চিম বংগত বিধায়ক সত্যজিৎ বিশ্বাসক গুলীয়াই হত্যা । কৃষ্ণগঞ্জ সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক আছিল সত্যজিৎ বিশ্বাস ।

MLA SHOOT DEAD
undefined

ঘটনা অনুসৰি বিধায়কগৰাকী সৰস্বতী পূজা উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল । অনুষ্ঠানৰ মঞ্চৰ পৰা নামি অহা অৱস্থাতে দুৰ্বৃত্তই ভিৰৰ সুযোগ লৈ বিধায়কজনলৈ লক্ষ্য কৰি গুলীয়াই । তেওঁক ততাতয়াকৈ শক্তিনগৰ জিলা হাস্পাতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

ঘটনাৰ বাবে বিজেপি দলকে দোষাৰোপ কৰিছে তৃণমূল কংগ্ৰেছে । উল্লেখযোগ্য যে , নদিয়া জিলাত দীৰ্ঘদিনৰ পৰা তৃণমূলৰ গোষ্ঠীগত যুঁজ অব্যাহত আছিল । কিছুদিন পূৰ্বে দলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে দুই গোষ্ঠীৰ নেতাক এই সম্পৰ্কত সতৰ্ক কৰি দিছিল । বিধায়কজনে চাকৰিৰ প্ৰতিশ্ৰুতি দি বহু লোকৰ পৰা উৎকোচ গ্ৰহণ কৰাৰো অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে ।

TT
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.