ETV Bharat / bharat

চিকু আৰু চিৰাম নদীৰ বুকুত ‘চিজ’থৰাক্স প্ৰজাতিৰ নতুন মাছ উদ্ধাৰ গৱেষকৰ - Jawharlal neheru college

বিশ্বৰ মৎস্যকুলৰ তালিকাত সন্নিৱিষ্ট হ’ল আন এবিধ নতুন প্ৰজাতিৰ মাছ ৷ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চিকু আৰু চিৰাম নদীৰ বুকুত ‘চিজ’থৰাক্স’ প্ৰজাতিৰ মাছবিধক আৱিস্কাৰ কৰিছে পাচিঘাটৰ জৱহৰলাল নেহেৰু মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কেশৱ কুমাৰ ঝাই ৷ ডঃ ঝাই নতুনকৈ আৱিস্কাৰ কৰা মাছবিধক নামাকৰণ কৰিছে “Schizothoraxsikusirumensis” হিচাপে ।

A new Fish species has been discovered in Arunachal Pradesh. Dr. Keshav Kumar Jha, JN College, Pasighat discovered the species and has named it as Schizothorax sikusirumensis.

author img

By

Published : Jun 15, 2020, 10:29 PM IST

জোনাই, ১৫ জুন : কোভিড-১৯ ৰ সন্ত্ৰাস চলি থকাৰ মাজতে বিশ্বৰ মৎস্যকুলৰ তালিকাত সন্নিৱিষ্ট হ’ল আন এবিধ নতুন প্ৰজাতিৰ মাছ ৷ উত্তৰ-পূৱৰ সূৰ্য উঠা দেশ অৰুণাচলত এবিধ নতুন প্ৰজাতিৰ মাছৰ সন্ধান লাভ কৰিছে এগৰাকী গৱেষকে ৷ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ চিকু আৰু চিৰাম নদীৰ বুকুত ‘চিজ’থৰাক্স’ প্ৰজাতিৰ মাছবিধক উদ্ধাৰ কৰিছে পাচিঘাটৰ জৱহৰলাল নেহেৰু মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ কেশৱ কুমাৰ ঝাই ৷ চুইজাৰলেণ্ডৰ পৰিৱেশ প্ৰকৃতি সন্থা চমুকৈ আই ইউ চি এনৰো সদস্য ডঃ ঝাই নতুনকৈ আৱিস্কাৰ কৰা মাছবিধক নামাকৰণ কৰিছে “Schizothoraxsikusirumensis” হিচাপে ।

A new Fish species has been discovered in Arunachal Pradesh. Dr. Keshav Kumar Jha, JN College, Pasighat discovered the species and has named it as Schizothorax sikusirumensis.
চিকু আৰু চিৰাম নদীৰ বুকুত ‘চিজ’থৰাক্স প্ৰজাতিৰ নতুন মাছ উদ্ধাৰ গৱেষকৰ

আনহাতে, মাছবিধক ভাজকলাৰ আচৰণৰ ভিত্তিত চিনাক্ত কৰা বুলি প্ৰকাশ কৰিছে গৱেষক ডঃ ঝাই ৷ পাচিঘাট জৱহৰলাল নেহেৰু মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ জাৰ্মপ্লাজম এক্সপ্ল’ৰেচনছ ৰিচাৰ্জ লেব’ৰটৰীত আৱিস্কাৰ কৰা মাছবিধক JNট্ৰ/দ্বOO-FM/SR/২৭.ৰ নম্বৰৰ তালিকাত অন্তভূৰ্ক্ত কৰিছে ৷ লগতে, এই মাছবিধৰ সম্পৰ্কত ‘জাৰ্নেল অৱ গ্ল’বেল বায়’চায়েন্স’ নামৰ গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে ৷

উল্লেখ্য যে, সমগ্ৰ বিশ্বত নতুনকৈ ৬৫ টা প্ৰজাতিৰ মাছ চিনাক্ত কৰা হৈছে ৷ ইয়াৰে কেৱল ভাৰততে সন্ধান লাভ কৰা ১২ টা প্ৰজাতিৰ নতুন মাছ মৎস্যকুলৰ তালিকাত সন্নিৱিষ্ট হৈছে ৷ ইফালে অৰুণাচল প্ৰদেশত এই পৰ্যন্ত তিনিটা প্ৰজাতিৰ নতুন মাছৰ সন্ধান লাভ কৰিছে ৷ গৱেষক গৰাকীয়ে সন্ধান লাভ কৰা মাছৰ ভিতৰত Chacachaca, Gagatagagata, Nangraviridescens, Nangraassamensis, Puntius terio আৰু Glyptothraxventrolineatus আদি হৈছে অন্যতম ৷

মন কৰিবলগীয়া যে, উত্তৰ-পূৱৰ অৰুণাচলৰ বুকুত নতুন প্ৰজাতিৰ মাছ উদ্ধাৰে স্বাভাৱিকতে পৰিৱেশ আৰু অঞ্চলবাসীৰ বাবে এক আনন্দৰ খবৰ আনিছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.