ETV Bharat / bharat

বিশ্ব বাণিজ্য সংস্থাৰ নতুন সঞ্চালক প্ৰধান আৰু ভাৰতৰ ভূমিকা - আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

২০২০ চনৰ মাজভাগত বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্ৰধান ব্ৰাজিলৰ ৰবাৰ্টো এজভেডোৱে এই বৰ্ষৰ আগষ্টৰ পূৰ্বে উক্ত পদৰ পৰা অব্যাহতি লোৱাৰ উদ্দেশ্যৰ কথা হঠাতে ঘোষণা কৰে । তেওঁৰ দ্বিতীয়টো চাৰি বছৰীয়া কাৰ্যকালৰ অন্ত পৰিবলৈ সম্পূৰ্ণ এবছৰ বাকী থাকোতেই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত ব্যাপক ব্যাঘাতৰ সৃষ্টি হোৱা সময়তে নতুন সঞ্চালক প্ৰধানৰ নিৰ্বাচনে সমস্যা আৰু সুযোগ দুয়োটাৰে বাট মুকলি কৰিব ।

World Trade Organization
World Trade Organization
author img

By

Published : Jul 14, 2020, 9:01 AM IST

বিশ্ব বাণিজ্য সংস্থাই ঐক্যমতেৰে একোটা সিদ্ধান্ত গ্ৰহণ কৰে । বিখ্যাত ‘গ্ৰীণ ৰূম’ বা সেউজ গৃহ প্ৰক্ৰিয়াৰে সঞ্চালক প্ৰধানগৰাকীয়ে আঁৰত থাকি সংস্থাটোৰ সদস্যসমূহৰ মাজত সহমতৰ সৃষ্টি কৰে । এই অনানুষ্ঠানিক ব্যৱস্থাটোৰ জৰিয়তে বিভিন্ন প্ৰতিনিধিত্বৰ মুৰব্বী, বিশ্ব বাণিজ্য সংস্থাৰ ভিতৰৰ মূল গোটসমূহৰ ভিতৰৰে সকলো সমন্বয়কসকলক একেলগ কৰি সহমতত উপনীত কৰোৱা হয় । এই প্ৰক্ৰিয়াত সাধাৰণতে প্ৰায় ৪০ গৰাকী প্ৰতিনিধিক জড়িত কৰোৱা হয় । ইয়াৰ ফলত প্ৰায়েই জটিল বিষয়বোৰ সমাধান কৰাৰ বাবে নতুন নতুন উপায়ৰ উদ্ভৱ হয় । এই অনানুষ্ঠআনিক আলোচনাত অংশগ্ৰহণ কৰা সদস্য ৰাষ্ট্ৰৰ বাণিজ্য মন্ত্ৰীসকলে বিশ্ব বাণিজ্য সংস্থাৰ বিভিন্ন বিষয়ত আপোচৰ বাবে আহ্বান কৰে যদিও কিছুসংখ্যক ৰাষ্ট্ৰই উত্থাপন কৰা কাৰিকৰী সমস্যাবোৰ সমাধান কৰাৰ বাবে সঞ্চালক প্ৰধানে হস্তক্ষেপ কৰে । গ্ৰীণ ৰূম প্ৰক্ৰিয়াৰ মূল নীতি হৈছে—সকলোৱে সন্মত নোহোৱালৈকে একোতেই সন্মত হোৱা নুবুজায় ।

সম্প্ৰতি ডহা ডেভলপমেণ্ট ৰাউণ্ডৰ অচলাৱস্থালৈকে গ্ৰীণ ৰূম প্ৰক্ৰিয়া ফলপ্ৰসূহ হিচাপে বিবেচিত হৈ আহিছে । এই ফলাফলবোৰৰ ক্ষেত্ৰত বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ সন্মিলনবোৰে সমৰ্থন আগবঢ়াই আহিছে । উদাহৰণ স্বৰূপে ছিংগাপুৰত ১৯৯৬ চনত অনুষ্ঠিত হোৱা বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ প্ৰথমখন বৈঠকত গ্ৰহণ কৰা বিনিয়োগ আৰু প্ৰতিযোগিতামূলক নীতি আৰু ১৯৯৪ চনত উৰুগুৱেৰ আলোচনাত বাণিজ্য সংস্থাৰ মূল চুক্তিসমূহ ৰূপায়ণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত । একেদৰে বাণিজ্য সুচলৰ বাবে গ্ৰহণ কৰা বিশ্ব বাণিজ্য সংস্থাৰ নিয়মাৱলীও ১৯৯৬ আৰু ২০০৩ চনত গ্ৰীণ ৰূম প্ৰক্ৰিয়াৰে অনুষ্ঠিত হোৱা বিশ্ব বাণিজ্য সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ ব্যাপক অনানুষ্ঠানিক আলোচনাৰ ফল আছিল । ভাৰতে সদায় গ্ৰীণ ৰূম প্ৰক্ৰিয়াৰ সক্ৰিয় সদস্য হিচাপে নিজৰ ভূমিকা পালন কৰি আহিছে ৷

২০০৩ চনৰ জানুৱাৰীত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি বিশ্ব বাণিজ্য সংস্থাৰ সদস্যসকলৰ পৰা সঞ্চালক প্ৰধান নিৰ্বাচন কৰিবলৈ মনোনয়নৰ বাবে ২০২০ চনৰ ৮ জুনৰ পৰা ৮ জুলাইলৈকে সময় নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত সাধাৰণ পৰিষদে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে । ২০২০ চনৰ ৯ জুলাইৰ ভিতৰত আঠখন মনোনয়ন পত্ৰ লাভ কৰা গৈছে । ইয়াৰে ভিতৰত কেনিয়া, নাইজেৰিয়া আৰু দক্ষিণ কোৰিয়াৰ তিনিগৰাকী মহিলা প্ৰাৰ্থী আছে । ইজিপ্ত, মেক্সিকো, মলডোৱা, ছৌদি আৰৱ আৰু ইংলেণ্ডে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । ১৫ ৰ পৰা ১৭ জুলাইৰ ভিতৰত বাণিজ্য সংস্থাৰ সাধাৰণ পৰিষদে আঠোগৰাকী প্ৰাৰ্থীৰ প্ৰত্যেকৰে লগতে বাৰ্তালাপত অংশগ্ৰহণ কৰিব আৰু পৰৱৰ্তী সঞ্চালক প্ৰধানৰ ক্ষেত্ৰত সহমতত উপনীত হোৱাৰ চেষ্টা কৰিব । বিশ্ব বাণিজ্য সংস্থাৰ সচিবালয়ক নেতৃত্ব প্ৰদান কৰি বহুস্তৰীয় ব্যৱস্থাৰ সংস্কাৰৰ অনন্য সুযোগ লাভ কৰা সত্বেও ভাৰতে আশ্চৰ্যকৰভাৱে কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই ।

World Trade Organization
ৰবাৰ্টো এজভেডোৱে

বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিত বিশ্ব বাণিজ্য সংস্থাৰ সদস্যসকলে সংস্থাটোৱে কি ভূমিকা পালন কৰাটো বিচাৰে তাৰ ওপৰতে পৰৱৰ্তী সঞ্চালক প্ৰধান নিয়োগৰ ঐক্যমত নিৰ্ভৰ কৰিব । সংস্থাটোৰ বাণিজ্য প্ৰধান মুখ্য ৰাষ্ট্ৰসমূহৰ ৰাষ্ট্ৰীয় সংকীৰ্ণ স্বাৰ্থও ইয়াৰ লগত জড়িত থাকিব ।

বিশ্ব বাণিজ্য সংস্থাৰ সদস্য হিচাপে থকা মুঠ ১৬৪ খন দেশে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ ৯৮ শতাংশ দখল কৰি থকা কথাটোৱে সংস্থাটোৰ সদস্য হোৱাৰ গুৰুত্বক প্ৰতীয়মান কৰে । সদস্য ৰাষ্ট্ৰসমূহে দুটা মূল নীতি গ্ৰহণ কৰাৰ বাবে বিশ্ব বাণিজ্য সংস্থাই সংকল্পবদ্ধ কৰায় । এই দুটা নীতি হৈছে ‘Most Favoured Nation (MFN) Treatment’ আৰু ‘National Treatment’, যাৰ দ্বাৰা সদস্য ৰাষ্ট্ৰসমূহে তেওঁলোকৰ বাণিজ্যিক বন্ধু ৰাষ্ট্ৰসমূহৰ লগত কোনো বিভেদৰ সৃষ্টি নকৰিব আৰু তেওঁলোকৰ দেশৰ বজাৰত আমদানিকৃত আৰু স্থানীয় সামগ্ৰী আৰু সেৱাক সমানে গুৰুত্ব প্ৰদান কৰিব । বিশাল বজাৰসমূহত বৃদ্ধি পোৱা সংৰক্ষণবাদী মনোবৃত্তিৰ বিপৰীতে পৰৱৰ্তী সঞ্চালক প্ৰধানগৰাকীয়ে এই দুটা নীতিৰ প্ৰতি দেখুওৱা দৃঢ়তাই ভাৰতৰ দৰে উন্নয়নশীল দেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব ।

বিশ্ব বাণিজ্য সংস্থাৰ পৰৱৰ্তী সঞ্চালক প্ৰধান নিৰ্বাচনৰ বাবে ঐক্যমতত উপনীত হোৱাৰ বাবে বাণিজ্যিকভাৱে আগবঢ়া ডাঙৰ ৰাষ্ট্ৰবোৰৰ ক্ষেত্ৰত দুটা দিশে ক্ৰিয়া কৰিব । প্ৰথমটো হৈছে বিশ্ব বাণিজ্য সংস্থাৰ ডহা ৰাউণ্ডৰ বুজাবুজিবোৰ ৰূপায়ণ কৰাৰ বাবে পৰৱৰ্তী সঞ্চালক প্ৰধানগৰাকীৰ দক্ষতা । কিয়নো বিগত এটা দশকে এই চৰ্তসমূহ অচল হৈ আছে । এই বুজাবুজিবোৰৰ ভিতৰত আছিল কৃষিখণ্ডৰ বজাৰৰ উপলব্ধতা । এই ক্ষেত্ৰখনত খাদ্য সুৰক্ষা আৰু সংস্থাপনৰ ফালৰ পৰা ভাৰতৰ উল্লেখনীয় অংশ আছে ।

আনটো কাৰণ হৈছে বিশ্ব বাণিজ্য সংস্থাৰ বিবাদ মীমাংসা ব্যৱস্থা বা ইংৰাজীত ডিছপিউট চেটেলমেণ্ট মেকানিজম ( ডি এছ এম) পুনৰুদ্ধাৰ কৰাৰ দক্ষতা । ১৯৯৫ চনৰে পৰা এই ব্যৱস্থাই পাঁচশতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক বিবাদ ৰাজনৈতিক উদাৰতা আৰু ন্যায়িক দৃঢ়তাৰ সংমিশ্ৰণেৰে নিষ্পত্তি কৰিছে । এই ব্যৱস্থাৰ ভাৰত অন্যতম সক্ৰিয় ব্যৱহাৰকাৰী । ইয়াৰ জৰিয়তে অৰ্থনৈতিকভাৱে শক্তিশালী আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইউৰোপিয়ান ইউনিয়নৰ সৈতে থকা বাণিজ্যিক বিবাদসমূহ দ্বিপাক্ষিক হেঁচাত শিৰ নত নোহোৱাকৈ ভাৰতে ইতিবাচক ফল আদায় কৰিবলৈ সক্ষম হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰই এই দুটা স্তৰীয় ডি এছ এমৰ সাধাৰণ কাৰ্যকলাপ ব্যাহত কৰিছে । এপীলেট ব'ডীত নতুন ন্যায়াধীশ নিযুক্তিৰ প্ৰসংগত এ বি ৰ সিদ্ধান্তৰ বাবে প্ৰয়োজনীয় তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠ ব্যৱস্থাটোৰ ক্ষেত্ৰত সক্ৰিয় ন্যায়াধীশৰ নাটনি হোৱা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই স্থিতি গ্ৰহণ কৰে ।

আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াৰ বাবে দাঙি ধৰা দুটা কাৰণ হৈছে—কিছুসংখ্যক ন্যায়াধীশৰ অধিক সক্ৰিয়তা যাৰ বাবে তেওঁলোকৰ ৰায়সমূহ বিশ্ব বাণিজ্য সংস্থাৰ চুক্তিৰ চৰ্তসমূহক চেৰাই গৈছে আৰু নিৰ্দিষ্ট কিছুসংখ্যক ন্যায়াধীশক লাভান্বিত কৰাৰ বাবে বিৰ কাৰ্য প্ৰণালী ।

ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতকে ধৰি বিশ্ব বাণিজ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বাণিজ্যিক বিবাদৰ পাতনি মেলাৰ উদ্দেশ্যে ৩০১ অনুচ্ছেদ আৰু ১৯৭৪ চনৰ দেশখনৰ বাণিজ্যিক আইনৰ পুনৰাবৃত্তি ঘটাইছে । ইউৰোপিয়ান ইউনিয়নে ২০২০ চনৰ জানুৱাৰী মাহত ইণ্টেৰিম এপীল আৰ্বিট্ৰেশ্বন এৰেঞ্জমেণ্ট নামেৰে এক ব্যৱস্থা গ্ৰহণ কৰিছিল যাতে আমেৰিকাৰ ব্লক প্ৰত্যাহাৰ নোহোৱালৈকে এ বিৰ কাৰ্যাৱলী চলাই নিব পাৰি । ভাৰতৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা বহুসংখ্যক দেশ বা গোট যেনে ইউৰোপিয়ান ইউনিয়ন, চীন, দক্ষিণ কোৰিয়া, ব্ৰাজিল, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ছিংগাপুৰ আদি ইণ্টেৰিম এৰেজমেণ্টৰ অংশীদাৰ । কিন্তু ভাৰত ইয়াৰ সৈতে জড়িত নাই । এ বিয়ে কাম আৰম্ভ কৰিব নোৱৰালৈকে ইয়াৰ ফলত ভাৰত আৰু বিশ্ব বাণিজ্য সংস্থাৰ কোনো ৰাষ্ট্ৰৰ মাজত হোৱা বাণিজ্যিক বিবাদ নিষ্পত্তি কৰাত বাধাৰ সন্মুখীন হ’ব লাগিব ।

World Trade Organization
বিশ্ব বাণিজ্য সংস্থাৰ কাৰ্যালয়

ডিটপিউঠ চেটেলমেণ্ট আণ্ডাৰষ্টেণ্ডিঙৰ অধীনত বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্ৰধানগৰাকীৰ এ বি এছৰ কাৰ্য প্ৰণালী চোৱাৰ এনেও দায়িত্ব আছে । সঞ্চালক প্ৰধানগৰাকীৰ এই দায়িত্বসমূহ বৃদ্ধিৰ জৰিয়তে এ বিক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ থকা সমস্যাসমূহ সমাধান কৰি এ বি কাৰ্য প্ৰণালীক অধিক সুদৃঢ় আৰু ফলপ্ৰসূ কৰাটোৱে পৰৱৰ্তী সঞ্চালক প্ৰধান নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাক নিৰ্ধাৰণ কৰিব ।

২০০১ চনত চীনৰ উত্থানৰ পাছত বিশ্ব বাণিজ্য সংস্থাৰ সঞ্চালক প্ৰধান নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সমীকৰণৰ আমূল পৰিৱৰ্তন ঘটিছে । তদুপৰি সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বাণিজ্যিক স্বাৰ্থই নিশ্চয় গ্ৰীণ ৰূম প্ৰক্ৰিয়াত প্ৰভাৱ পেলাব ।

বিশ্ব বাণিজ্য সংস্থাৰ সদস্যভুক্তিয়ে ১৯৯৫ চনৰে পৰা ভাৰতৰ অৰ্থনৈতিক সংস্কাৰক নতুন গতি দিছে । বিশেষকৈ বিত্তীয় সেৱা, টেলিকম আৰু সেৱা খণ্ডৰ ব্যৱসায়ত এই পৰিৱৰ্তন দৃশ্যমান । ২০২৪ চনৰ ভিতৰত ৫ ট্ৰিলিয়নৰ অৰ্থনীতি হোৱাৰ লক্ষ্যত এই খণ্ডবোৰে ভাৰতৰ মূল আধাৰ । বিশ্ব বেংকৰ তথ্য অনুসৰি ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ পৰিমাণ দেশখনৰ ২০১৮ চনৰ ডি জি পিৰ ৪০ শতাংশ ।

যুক্তিসংগতভাৱে বিশ্ব বাণিজ্য সংস্থাৰ পৰৱৰ্তী সঞ্চালক প্ৰদান নিৰ্বাচিত কৰাৰ বাবে ভাৰতবৰ্ষই অধিক সক্ৰিয় আৰু লক্ষণীয়ভাৱে অংশগ্ৰহণ কৰিব লাগে । গঠনমূলক অংশগ্ৰহণেৰে বহুস্তৰীয় সংস্কাৰ সাধনৰ বাবে ভাৰতৰ সক্ষমতা ইয়াৰ জৰিয়তে প্ৰকাশ পাব ।

লেখক : অশোক মুখাৰ্জী, (১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈকে অশোক মুখাৰ্জী বিশ্ব বাণিজ্য সংস্থাত ভাৰতৰ মধ্যস্থতাকাৰী আছিল )

লগতে পঢ়ক : ব্যক্তিগত খণ্ডৰ শ্ৰমিকৰ বাবে লক ডাউন ‘অভিশাপস্বৰূপ’!

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.