ETV Bharat / bharat

ভূমি বিবাদঃ গুলিবিদ্ধ মহিলাই 7 কিল’মিটাৰ অতিক্ৰমী উপস্থিত হ’ল থানাত - ভূমি সম্পৰ্কীয় গোচৰ

গুলীবিদ্ধ এগৰাকী 42 বৰ্ষীয় মহিলাই প্ৰায় 7 কিল’মিটাৰ পথ অতিক্ৰমী পঞ্জাৱৰ এখন আৰক্ষী থানাত উপস্থিত হয় ৷ মহিলাগৰাকীয়ে নিজ ভাতৃ আৰু ভতিজাকৰ বিপক্ষে ভূমি সম্পৰ্কীয় গোচৰ দিবলৈ উপস্থিত হয় আৰক্ষী থানাত ৷ এই কথা আৰক্ষী সূত্ৰই শুকুৰবাৰে প্ৰকাশ কৰে ৷

পঞ্জাৱ
ভূমি বিবাদ
author img

By

Published : Jan 17, 2020, 10:11 PM IST

চণ্ডীগড়,17 জানুৱাৰীঃ গুলিবিদ্ধ এগৰাকী 42 বৰ্ষীয় মহিলাই প্ৰায় 7 কিল’মিটাৰ পথ অতিক্ৰম কৰি পঞ্জাৱৰ এখন আৰক্ষী থানাত উপস্থিত হয় ৷ মহিলাগৰাকীয়ে নিজ ভাতৃ আৰু ভতিজাকৰ বিপক্ষে ভূমি সম্পৰ্কীয় গোচৰ দিবলৈ উপস্থিত হয় আৰক্ষী থানাত ৷ এই কথা আৰক্ষী সূত্ৰই শুকুৰবাৰে প্ৰকাশ কৰে ৷ মহিলাগৰাকীয়ে জনোৱা মতে,নাবালক ভতিজাকজনে ভূমি বিবাদৰ ফলত মহিলাগৰাকীক গুলিয়াই আহত কৰে ৷ মহিলাগৰাকীৰ বৃদ্ধা মাতৃয়ো গুলি লাগি আঘাতপ্ৰাপ্ত হয় ৷

পঞ্জাৱ
ভূমি বিবাদ

ঘটনাটোত জড়িত অভিযুক্তগৰাকী দশম শ্ৰেণীৰ ছাত্ৰ,যিয়ে মাহীয়েক সুমিত কৌৰ আৰু আইতাক সুখবিন্দৰ কৌৰক মুক্তচৰ জিলাত অৱস্থিত ঘৰতে গুলিয়াইছিল ৷ থানা পোৱাৰ পিছত দুয়োগৰাকী গুলিবিদ্ধ মহিলাক আৰক্ষীয়ে হাস্পতালত ভৰ্তি কৰোৱায় ৷ চিকিৎসকে সফলতা পূৰ্বকভাৱে দুয়োগৰাকী মহিলাৰ শৰীৰৰ পৰা গুলিসমূহ উদ্ধাৰ কৰে ৷ লগতে সুমিত কৌৰে আৰক্ষীক জনোৱা মতে ভাতৃ হৰিন্দৰ সিঙে বলপূৰ্বকভাৱে ভূমি হস্তগত কৰাৰ বাবে মহিলা দুগৰাকীৰ ওপৰত অত্যাচাৰ চলাই আহিছিল ৷ উল্লেখ্য যে,সুমিতৰ পিতৃৰ মৃত্যুৰ পিছত মাক-জীয়েকে 16 একৰ ভূমি লাভ কৰিছিল ৷ উক্ত ভূমি হস্তগত কৰাৰ বাবে ভাতৃ আৰু ভতিজাকে পূৰ্বৰে পৰা মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ কৰি আহিছিল ৷ লগতে প্ৰাণে মাৰিবলৈয়ো বহুবাৰ চেষ্টা কৰিছিল ৷

লগতে চাওকঃমাকৈ খেতিৰে উপাৰ্জনৰ অনন্য নিদৰ্শন চৰাঞ্চলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.