নিউজ ডেস্ক, 7 এপ্ৰিলঃ শীতল মস্তিষ্কৰে 76 গৰাকীকৈ চিআৰপিএফ জোৱানক হত্যা কৰা পৰিঘটনাটো দেশৰ নিৰাপত্তা বাহিনীৰ ওপৰত সংঘটিত কৰা শতিকাৰ ভয়ানক ইতিহাস হিচাপে মনত ৰাখিব ভাৰতবাসীয়ে ৷ আজিৰ পৰা 10 বছৰ পূৰ্বে মাও অধ্যুষিত ছত্তিশগড়ত সংঘটিত হৈছিল এই আক্ৰমণ, য’ত প্ৰায় 1000ৰো অধিক নক্সালবাদীয়ে আইইডি আৰু ধাৰাসাৰ গুলীবৰ্ষণেৰে প্ৰাণ কাঢ়ি নিছিল 76 গৰাকীকৈ চিআৰপিএফ জোৱানৰ ৷
10 বছৰ পূৰ্বে দক্ষিণ বষ্টৰ জিলাত সংঘটিত হৈছিল এই ঘটনা ৷ এই ঘটনাত সমগ্ৰ দেশৰে পৰা চিআৰপিএফত কৰ্মৰত জোৱান শ্বহীদ হৈছিল ৷ 5 এপ্ৰিলৰ দিনটোত 150 গৰাকী চিআৰপিএফৰ জোৱানে এক অভিযানত অংশগ্ৰহণ কৰিছিল ৷ অভিযান পৰা উলটি অহাৰ সময়ত 6 এপ্ৰিলৰ ৰাতিপুৱা প্ৰায় 8 বজাত এই আক্ৰমণ সংঘটিত হৈছিল ৷ 150 গৰাকী চিআৰপিএফৰ ওপৰত ধাৰাসাৰে গুলীবৰ্ষণ কৰিছিল 1000 ৰো অধিক নক্সালবাদীয়ে ৷ কিন্তু এই আক্ৰমণৰ পিচটো চিআৰপিএফ বাহিনীয়ে 8গৰাকীকৈ নক্সালবাদীক নিধন কৰিবলৈ সক্ষম হৈছিল ৷
সমগ্ৰ অভিযানটোৰ নেতৃত্ব দিছিল নক্সাল কামাণ্ডাৰ মাডাৱাই হিদমা আৰু তেওঁৰ দলে ৷