ETV Bharat / bharat

লক ডাউনত হিংসা! গুজৰাটত গ্ৰেপ্তাৰ কমেও 93 জন - migrant workers held for defying lockdown

পৰিস্থিতি ইমানে জটিল হৈ পৰে যে, নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে 30 টা কন্দুৱা গেছৰ টোপ নিক্ষেপ কৰিবলগীয়া হয় । এই ঘটনাত আৰক্ষীৰ বাহন এখনো ক্ষতিগ্ৰস্থ হয় ।

লক ডাউনত হিংসা! গুজৰাটত গ্ৰেপ্তাৰ কমেও 93 জন

author img

By

Published : Mar 30, 2020, 8:35 PM IST

চুৰাট, 30 মাৰ্চঃ গুজৰাটৰ চুৰাটত অতি কমেও 93 জন বহিৰা শ্ৰমিকক লক ডাউন ভংগ কৰি পথত ঘূৰি ফুৰাৰ লগতে আৰক্ষীক আক্ৰমণ কৰা বাবে গ্ৰেপ্তাৰ কৰা হয়। গুজৰাট পুলিচে সদৰি কৰে এই কথা ।

ৰাজ্যখনৰ গণেশ নগৰ আৰু তিৰুপতি নগৰত প্ৰায় পাচ শতাধিক বহিৰাগত শ্ৰমিকে ৰাজপথলৈ ওলাই আহে আৰু নিজ নিজ স্থানলৈ যাবৰ বাবে পৰিবহণ ব্য়ৱস্থা কৰিবলৈ দাবী জনাই । এই কথা জনাই উপ আৰক্ষী আয়ুক্ত বিধি চৌধাৰীয়ে ।

অধিকাংশ শ্ৰমিকেই আছিল উত্তৰ প্ৰদেশ আৰু বিহাৰৰ । পৰিস্থিতি ইমানে জটিল হৈ পৰে যে, নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে 30 টা কন্দুৱা গেছৰ টোপ নিক্ষেপ কৰিবলগীয়া হয় । এই ঘটনাত আৰক্ষীৰ বাহন এখনো ক্ষতিগ্ৰস্থ হয় । এই ঘটনাত জৰিত একাংশক আৰক্ষীয়ে দেওবাৰে নিশা আৰু আন একাংশক সোমবাৰে গ্ৰেপ্তাৰ কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.