নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : ৰাজধানী দিল্লীত দিনক দিনে বাঢ়ি অহা বায়ু প্ৰদূষণে চিন্তিত কৰি তুলিছে দিল্লীবাসীক। প্ৰদূষণ ৰোধৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই বৃহস্পতিবাৰে দিল্লীৰ বিজয় চ'কত বিক্ষোভ প্ৰদৰ্শন কৰে মণিপুৰৰ এগৰাকী ৯ বছৰীয়া কিশোৰীয়ে । লাইচিপ্ৰিয়া কংগুজাম নামৰ এই কিশোৰীগৰাকীয়ে ২০১৯ চনত স্পেইনৰ মাদ্ৰীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰিছিল ।
লাইচিপ্ৰিয়াই কয় যে, 'মই বিচাৰো আমাৰ ৰাজনৈতিক নেতা সকলে বায়ু প্ৰদূষণ ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰক । নেতাসকলে সমস্যাৰ সমাধান কৰাৰ বিপৰীতে পৰস্পৰৰ ওপৰত দোষ জাপি দিয়াত ব্যস্ত থাকে । প্ৰদূষণ হ্ৰাস কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।' অত্যাধিক মাত্ৰাত হোৱা বায়ু প্ৰদূষণ বিপদজনক আৰু এনে পৰিস্থিতিত শিশুসকল ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰা হৈছে বুলিও মন্তব্য কৰে কিশোৰীগৰাকীয়ে । লগতে কয় যে, 'মই শিশুসকলৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছো ।'
দিল্লীত প্ৰদূষণ বৃদ্ধিৰ কাৰণ কি হ'ব পাৰে বুলি কৰা প্ৰশ্নত তেওঁ কয় যে, 'পেট্ৰ'ল আৰু ডিজেল চালিত বাহন বায়ু প্ৰদূষণৰ প্ৰধান কাৰক হোৱাৰ উপৰিও হাৰিয়ানা আৰু পঞ্জাৱত অত্যাধিক মাত্ৰাত পেলনীয়া সামগ্ৰী জ্ৱলোৱাৰ বাবে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ।' দিল্লীয়ে এতিয়া বৰ কষ্ট পাইছে, নেতাসকলে এতিয়া এজনে আনজনক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিছে আৰু এতিয়ালৈকে প্ৰদূষণ ৰোধৰ বাবে উচিত ব্যৱস্থা লোৱা নাই আদি বিভিন্ন কথা সন্নিৱিষ্ট বেনাৰ হাতত লৈ ক্ষোভ প্ৰকাশ কৰে ৯ বছৰীয়া কিশোৰীগৰাকীয়ে ।
লগতে পঢ়ক:নতুন শিক্ষানীতি ৰূপায়ণৰ বিশেষজ্ঞ কমিটীৰ মুখ্য দায়িত্বত অসম সন্তান ড০ কিৰণ হাজৰিকা