ETV Bharat / bharat

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি - 9 বজাৰ দহটা শীৰ্ষ বাতৰি

পুৱা 9 বজাৰ দহটা শীৰ্ষ বাতৰি...

9 বজাৰ দহটা শীৰ্ষ বাতৰি
9 বজাৰ দহটা শীৰ্ষ বাতৰি
author img

By

Published : Aug 24, 2020, 8:59 AM IST

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ সুৰা ভৰ্তি ট্ৰাক

বিলাসীপাৰাত আৰক্ষীৰ অভিযানত জব্দ সুৰা ভৰ্তি ট্ৰাক ৷ চৰকাৰী ৰাজহ ফাঁকিৰে নথিপত্ৰ বিহীনভাৱে সুৰাসমূহ কঢ়িয়াই লৈ যোৱাৰ অভিযোগ উখাপন হৈছে ৷ আৰক্ষীৰ তদন্ত অব্যাহত ৷

কৃষিভূমিৰ ক্ষতিপূৰণ বিচাৰি কলগাছিয়াত কৃষকৰ আহ্বান চৰকাৰলৈ

কলগাছিয়াত বানত ক্ষতিগ্ৰস্ত হোৱা ৰাইজে ক্ষতিপূৰণৰ বাবে চৰকাৰক দাবী জনাইছে ৷ লগতে, টেঙাগাঁৱলৈ যোৱা গড়কাপ্তানি পথটো মেৰামতি কৰি মৰণফান্দৰ পৰা ৰাইজক বচাবলৈ ৰাইজে দাবী জনাইছে ৷

গান্ধী পৰিয়ালৰ পৰা দলৰ অধ্যক্ষ নিযুক্তি দিয়াৰ আহ্বান এনএছইউআইৰ

ৰাহুল গান্ধীৰ দূৰদৰ্শিতা আৰু নেতৃত্বই দলক নতুন মাত্ৰা প্ৰদান কৰিব বুলি এনএছইউআয়ে আশা ব্যক্ত কৰে ৷

বকোত বন্যহস্তীৰ উপদ্ৰৱ: কথমপি প্ৰাণৰক্ষা এটা পৰিয়ালৰ

বন বিভাগক এই সন্দৰ্ভত কেইবাবাৰো অৱগত কৰাৰ পাছতো বিভাগটোৱে নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷

শংকৰ-আজানৰ দেশত ইছলাম ধৰ্মীয় লোকে সাজি দিলে নামঘৰ

ধেমাজিৰ চিলাপথাৰত সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । ইছলাম ধৰ্মৰ লোকে নিৰ্মাণ কৰিলে নামঘৰ । ২২নং অসম আৰক্ষী বাহিনীৰ কামাণ্ডেন্ট মোছলেহ উদ্দিন আহমেদে নিৰ্মাণ কৰিলে জগত গুৰু শ্রীমন্ত শংকৰদেৱ নামঘৰ ।

কেতিয়া কাৰামুক্ত হ’ব অখিল গগৈ !

ধেমাজি জামগুৰি পাঁচ আলিত দানপাত্ৰ লৈ ঘৰে ঘৰে অৰ্থ সাহায্য বিচাৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পুৰুষ আৰু মহিলা কৰ্মীয়ে ৷ অখিল গগৈৰ আইনী যুজঁৰ বাবে এইদৰে অৰ্থ সাহায্য সংগ্ৰহ সংগঠনটোৰ ৷

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু এজনৰ

কিছু দিন পূৰ্বে যোৰহাট জিলাৰ টীয়কত বিদ্যুৎৰ তাঁৰত লাগি এজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু দেওবাৰে পুনৰ একেই ঘটনা সংঘতিত হ'ল টীয়কত ৷ বিদ্যুৎ বিভাগৰ এই গাফিলতিৰ বাবেই পুনৰ প্ৰাণ গ'ল এজন লোকৰ ।

দুধনৈত দুৰ্ঘটনা: থিতাতে নিহত 2, আহত 4

দেওবাৰে বিয়লি গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় 2 গৰাকীকৈ মেধাৱী ছাত্ৰই ৷ আনহাতে এই দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় 6 গৰাকীকৈ লোক ৷

দুটাকৈ প্ৰকাণ্ড হাতী দাঁতসহ আটক এজন

হাতী দাঁতৰ সৈতে চিৰাঙত আটক এজন ৷ হাতী দাঁতৰ ব্যৱসায়ৰ আঁৰত ৰাজনৈতিক নেতা থকাৰ সন্দেহ ৷

কংগ্ৰেছ-এআইইউডিফ মিত্ৰতাৰ বিৰোধিতা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, 136 বছৰীয়া গৰিমা থকা কংগ্ৰেছ দলৰ নিজৰ ওপৰত বিশ্বাস নথকাৰ ফলত এআইিউডিএফৰ সৈতে মিত্ৰতা কৰিছে ৷ ইয়ে কংগ্ৰেছৰ গৰিমাক হ্ৰাস কৰিছে ৷ 2001 চনৰ নিৰ্বাচনৰ সময়ছোৱাতো কংগ্ৰেছে একে পৰিস্থিতিৰ সন্মুখীন হৈছিল ৷ কিন্তু সেই সময়ত দলটোৰ নেতাসকলে বহু কষ্ট কৰি গাঁৱে ভূঞে গৈ ৰাইজৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.