ETV Bharat / bharat

বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত ১,৫৫০ গৰাকী, মৃত্যু ৯

বিগত ২৪ ঘণ্টাত তেলেংগানাত COVID-19 ত আক্ৰান্ত হৈছে ১,৫৫০ গৰাকী ব্যক্তি । আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৯ গৰাকী ৰোগীৰ । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত বৰ্তমান পৰ্যন্ত COVID-19 আক্ৰান্ত ব্যক্তিৰ সংখ্য়া ৩৬,২২১ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৬৫ গৰাকীৰ ।

author img

By

Published : Jul 14, 2020, 1:08 PM IST

 তেলেংগানা
তেলেংগানা

নিউজ ডেস্ক, ১৪ জুলাইঃ তেলেংগানাত বৃদ্ধি পাইছে মহামাৰী COVID-19 আক্ৰান্তৰ সংখ্যা । বিগত ২৪ ঘণ্টাত অৰ্থাৎ সোমবাৰে তেলেংগানাত নতুনকৈ COVID-19 ত আক্ৰান্ত হয় ১,৫৫০ গৰাকী ব্যক্তি । আনহাতে, কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৯ গৰাকী ৰোগীৰ । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত বৰ্তমান পৰ্যন্ত COVID-19 আক্ৰান্ত ব্যক্তিৰ সংখ্য়া ৩৬,২২১ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩৬৫ গৰাকীৰ ।

আনহাতে, বিগত ২৪ ঘণ্টাত আক্ৰান্ত হোৱা ১,৫৫০ গৰাকী ব্যক্তিৰ ভিতৰত গ্ৰেটাৰ হায়দৰাবাদ পৌৰ নিগমৰ ৯২৬ গৰাকী, ৰংগাৰেড্ডীৰ ২১২ গৰাকী আৰু মেডচল জিলাত ৫৩ গৰাকী ৰোগী বুলি সদৰি কৰে স্বাস্থ্য বিভাগে । ৰাজ্য চৰকাৰে স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি, সোমবাৰ পৰ্যন্ত তেলেংগানাত ২৩,৬৭৯ গৰাকী ব্যক্তি আৰোগ্য হৈ উঠাৰ বিপৰীতে ১২,১৭৮ গৰাকী ব্যক্তিৰ দেহত বৰ্তমানেও সক্ৰিয় হৈ আছে এই মাৰাত্মক ভাইৰাছ ।

লগতে সোমবাৰে ৰাজ্যখনত ১১,৫২৫ গৰাকী ব্যক্তিৰ COVID-19 পৰীক্ষা কৰোৱা হয় । যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান পৰ্যন্ত ১,৮১,৮৪৯ গৰাকী ব্যক্তিৰ কৰ'ণা পৰীক্ষা সম্পূৰ্ণ হৈ উঠিছে বুলি প্ৰকাশ কৰে স্বাস্থ্য বিভাগে । তাৰোপৰি ৰাজ্যখনৰ চৰকাৰী হাস্পতালত COVID-19ৰ ৰোগীৰ বাবে ১৭,০৮১ খন বিচনাৰ সুবিধা কৰে লগতে ১১,৯২৮ খন আইছলেছন বিচনা আৰু ৩,৫৩৭ খন অক্সিজেন বিছনাৰ সুবিধা কৰে । লগতে ১,৬১৬ খন বিচনাত আইচিইউৰ সুবিধা থকা বুলি সদৰি কৰে স্বাস্থ্য বিভাগে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.