ETV Bharat / bharat

'ৰেপ কেপিটেল'লৈ ৰূপান্তৰিত উত্তৰ প্ৰদেশৰ উন্নাও ! - 'ৰেপ কেপিটেল'লৈ ৰূপান্তৰিত উত্তৰ প্ৰদেশৰ উন্নাও !

উন্নাওৰ মহিলাৰ ওপৰত সংঘটিত অন্য এক ভয়ংকৰ ঘটনাৰ সাক্ষী হৈ ৰ'ল সমগ্ৰ দেশ ৷ ৰাজ্যখনত 11 মাহত মহিলাৰ ওপৰত সংঘটিত হোৱা অপৰাধমূলক ঘটনাৰ চমু আভাষ প্ৰদান কৰা হৈছে ৷

উত্তৰ প্ৰদেশৰ উন্নাও
ৰেপ কেপিটেল !
author img

By

Published : Dec 7, 2019, 7:45 PM IST

নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ : চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা নৱেম্বৰলৈ উত্তৰ প্ৰদেশৰ উন্নাও জিলাত সৰ্বমুঠ 86 টাকৈ ধৰ্ষণকাণ্ড সংঘটিত হৈছে ৷ ইয়াৰ ফলত জিলাখন উত্তৰ প্ৰদেশৰ 'ৰেপ কেপিটেল' হিচাপে পৰিগণিত হৈছে ৷

উত্তৰ প্ৰদেশৰ উন্নাও
ৰেপ কেপিটেল !

লক্ষ্নৌৰ পৰা 63 কি.মি. আৰু কানপুৰৰ পৰা 25 কি.মি. নিলগত অৱস্থিত 31 লাখ জনসংখ্যাৰ উন্নাও ৷

প্ৰতিবেদন অনুসৰি, এই 11 মাহত মহিলাৰ ওপৰত সংঘটিত শাৰীৰিক নিৰ্যাতনৰ গোচৰ সৰ্বমুঠ 185 টা ৷

কুলদীপ চেংগাৰ আৰু বৃহস্পতিবাৰে ধৰ্ষণৰ ভুক্তভোগী গৰাকীক জ্বলাই দিয়াৰ উপৰি বহুকেইটা জটিল ধৰ্ষণকাণ্ড জিলাখনত ঘটিছে ৷ জিলাখনত 1 নৱেম্বৰৰ দিনাও এগৰাকী মহিলাৰ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ৷

উন্নাওৰ অশোহা, আজগাইন, মাখি, বাংগাৰমাউত ধৰ্ষণ আৰু শ্লীলতা হানিৰ গোচৰ ৰুজু হৈছে ৷

অধিক সংখ্যক গোচৰত অভিযুক্তক আটক কৰাৰ পাচতে জামিনত মুকলি কৰা হয় অথবা আত্মগোপন কৰি হাৰিবলৈ সক্ষম হয় ৷

ইয়াৰ বাবে স্থানীয় লোকে আৰক্ষীকে জগৰীয়া কৰিছে ৷

মহিলাৰ ওপৰত এনে ধৰণৰ ঘটনা বৃদ্ধি পাই অহাৰ বিৰুদ্ধে কংগ্ৰছ নেতা প্ৰিয়ংকা গান্ধী ভদ্ৰাই কয়, "আইন-কানুন নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ দায়িত্ব ৷ উন্নাওতে বিগত 11 মাহত প্ৰায় 90 টাকৈ ধৰ্ষণকাণ্ড সংঘটিত হৈছে ৷"

উন্নাওত ধৰ্ষণকাণ্ড সম্পৰ্কত প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ মন্তব্য

"উন্নাওৰ আৰক্ষী বিভাগৰো সম্পূৰ্ণৰূপে ৰাজনীতিকৰণ কৰা হৈছে ৷ ৰাজনৈতিক নেতাসকলে আদেশ নিদিয়ালৈকে তেওঁলোকে এখোজো আগ নাবাঢ়ে ৷ ইয়াৰ ফলত অপৰাধীসকল উদ্বুদ্ধ হৈছে ৷" এই মন্তব্য আজগাইনৰ বাসিন্দা ৰাঘৱ ৰাম শুক্লাৰ ৷

উত্তৰ প্ৰদেশৰ বহুকেইজন শীৰ্ষ ৰাজনৈতিক নেতা উন্নাওৰ বাসিন্দা ৷ তেওঁলোকৰ ভিতৰত আছে উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ হৃদয় নাৰায়ন ডিক্সিট, আইন মন্ত্ৰী ব্ৰিজেশ পাঠক আৰু বিজেপি সাংসদ সাক্ষী মহাৰাজ ৷

"ৰাজনীতিৰ ফলত ইয়াত অপৰাধ বৃদ্ধি পাইছে ৷ অপৰাধৰ জৰিয়তে ৰাজনীতিত বৰ্তী থাকিবলৈ ৰাজনীতিবিদসকলে চেষ্টা চলাই আহিছে আৰু আৰক্ষী তেওঁলোকৰ হাতৰ পুতলা হৈ আছে ৷ এনেকুৱা এটাও উদাহৰণ নাই যেতিয়া আৰক্ষীয়ে গুৰুত্ব সহকাৰে দায়িত্ব পালন কৰিছে ৷" এজন স্থানীয় অধিবক্তাৰ মন্তব্য ৷

উন্নাও ধৰ্ষণকাণ্ডৰ সৈতে জড়িত বিজেপি সাংসদ কুলদীপ চেংগাৰ ইয়াৰ এক বৃহৎ উদাহৰণ ৷

গোচৰ ৰুজু কৰাৰ 9 মাহলৈকে আৰক্ষীয়ে কোনো তদন্ত নকৰাত ভুক্তভোগী গৰাকীয়ে লক্ষ্নৌত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ আৱাসগৃহৰ সন্মুখত আত্মজাহ কৰাৰ চেষ্টা কৰিছিল ৷ ইয়াৰ পাচতহে আৰক্ষীয়ে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷

ভুক্তভোগীৰ পিতৃক গ্ৰেপ্তাৰ কৰি জেলৰ ভিতৰত অভিযুক্তৰ ভাতৃয়ে আৰক্ষীৰ জিম্মাতে হত্যা কৰিছিল ৷

মিডিয়াৰ প্ৰভাৱত কুলদীপ চেংগাৰ আৰু তেওঁৰ ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও ভুক্তভোগী গৰাকীক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ ইয়াৰ ফলত এই বৰ্ষৰ জুলাই মাহত আদালতলৈ যোৱাৰ পথত ভুক্তভোগী গৰাকীৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত কৰা হৈছিল আৰু তেওঁৰ সৈতে অধিবক্তা গৰাকী গুৰুতৰভাৱে আহত হৈছিল আৰু তেওঁৰ দুগৰাকী সম্বন্ধীয়ই মৃত্যুক সাৱটি লৈছিল ৷

বৃহস্পতিবাৰৰ ঘটনাতো ভুক্তভোগী গৰাকীক কোনো সুৰক্ষা প্ৰদানৰ চেষ্টা নকৰাৰ বাবেই তেওঁক জ্বলাই দিয়া হৈছিল ৷ অভিযুক্তকো আৰক্ষীয়ে 30 নৱেম্বৰত আৰক্ষী জিম্মাৰ পৰা মুকলি কৰি দিছিল ৷

Intro:उन्नाव:-सूबे की सरकार भले ही अपराध के मामले में जीरो टॉलरेंस का दावा कर रही हो लेकिन अकेले उन्नाव में पिछले 11 महीनों में रेप की हुई 90 वारदाते सरकार के उन सभी दावों की पोल खोल रही है महिला अपराधों के मामले में यू पी में उन्नाव टॉप पर है।जनवरी से नवंबर तक यहां महिला अपराधों में बाढ़ सी आ गयी और हर माह बेटियों के साथ दरिंदगी होती रही और पुलिस उसे रोकने में विफल रही।

Body:उन्नाव में 11 महीनों में रेप की हुई लगभग 90 रेप की वारदातें इस बात की तस्दीक करने के लिए काफी है कि महिलाएं उन्नाव में महफूज नही है जिले की कुछ बड़ी घटनाओ की बात करे तो 22 फरवरी को बारासगवर थाना क्षेत्र में एक युवती को दरिंदो ने ना सिर्फ अपनी हवस का शिकार बनाया बल्कि उसे जलाने की भी कोशिश की वही अगस्त में पुरवा थाना क्षेत्र में एक बड़ा मामले सामने आया जिसमे शादी का झांसा देकर एक युवती को 3 सालों तक एक युवक दुष्कर्म का शिकार बनाता रहा और फिर बड़ी ही मशक्कत के बाद पुलिस ने मामला दर्ज किया वही अक्टूबर में बांगरमऊ थाना क्षेत्र में एक युवती के साथ गैंगरेप की वारदात ने महिला सुरक्षा की पोल खोल दी और 30 नवंबर को अजगैन थाना क्षेत्र में एक शिक्षका के साथ पड़ोसी ने दरिंदगी की जिसमे लखनऊ के अधिकारियों के आदेश के बाद अजगैन कोतवाली में मामला दर्ज हुआ।

ptc reporter

Conclusion:वीरेंद्र यादव
उन्नाव
मो-9839757000

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.