ETV Bharat / bharat

হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকী আৰু কলিয়া ‘মাশ্বৰুম ক্লাউড’ৰ ভূমুকি

author img

By

Published : Aug 6, 2020, 10:13 AM IST

Updated : Aug 6, 2020, 12:41 PM IST

শীতল যুদ্ধ তুংগত চলি থকাৰ সময়ত দুই মহা শক্তিৰ হাতত ‘ষ্ট্ৰেটেজিক’ আৰু ‘টেকটিকেল’ দুয়োবিধেই, লগতে ‘চুটকে’জ ভেৰিয়েন্ট’সহ মিলাই প্ৰায় ৫৫ হাজাৰতকৈও অধিক নিউক্লীয় ৱাৰহে’ড মজুত আছিল ৷ ১৯৯১ চনত ইউ এছ এছ আৰ ভংগ হোৱাৰ পাচত শীতল যুদ্ধোত্তৰ কালছোৱাৰ পৃথিৱীখনত বৃহৎ পৰিমাণে পাৰমাণৱিক অস্ত্ৰৰ নিৰস্ত্ৰীকৰণ কাৰ্য সম্পন্ন কৰা হয় ৷ প্ৰথম পাঁচখন পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰকেইখন আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ,ৰাছিয়া (ছোভিয়েট ইউনিয়নৰ পৰা উত্তৰাধিকাৰী সুত্ৰে পোৱা), ইউ কে, ফ্ৰাঞ্চ আৰু চীন ৷ ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে ১৯৭৪ চনত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল ৷ কিন্তু এই ক্ষমতাৰে ভাৰতে অস্ত্ৰ তৈয়াৰ নকৰিলে আৰু ‘নিলম্বিত’ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পায় ৷

হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকী আৰু কলিয়া ‘মাশ্বৰুম ক্লাউড’ৰ ভূমিকা

চলিত বৰ্ষৰ ৬ আগষ্ট,বৃহস্পতিবাৰে হিৰ’শ্বিমাৰ ওপৰত পোনপ্ৰথমবাৰৰ বাবে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ ৭৫তম বাৰ্ষিকী উদযাপন কৰা হ’ব আৰু এইটো এটা অতি সন্তোষজনক বিষয় যে হিৰ’শ্বিমা-নাগাচাকিত ১৯৪৫ চনত যি দৰে নিউক্লিয়াৰ অস্ত্ৰৰ ব্যৱহাৰ কৰা হৈছিল,সেই ঘটনাৰ পাচত তেনে কোনো ঘটনাৰ পুনৰাবৃত্তি আজি পৰ্যন্ত ঘটা নাই ৷ এইটো অনুমান কৰা হৈছিল যে এই নিউক্লিয় হত্যাকাণ্ডত কমেও ১২০,০০০ জন নিৰীহ জাপানী লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছিল আৰু লক্ষ লক্ষজন লোক চিৰজীৱনলৈ ঘূণীয়া হৈ গৈছিল ৷ “মাশ্বৰুম ক্লাউড”ৰ পৰা উদ্ভৱ হোৱা সেই তেজস্ক্ৰিয় শ্মশান খনত জীৱিতসকল মৃতসকলৰ প্ৰতিহে ইৰ্ষান্বিত হৈ পৰাটো এটা অতি কৰুণ সত্য ৷

হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকী
হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকী

১৯৪৫ চনৰ পৰা এতিয়ালৈকে ৭৫ টা বছৰ অসহজভাৱে অতিবাহিত হোৱাৰ মাজতে ঘটা এক খেলমেলিৰ ঘটনাৰ (১৯৬২ চনৰ কিউবাৰ মিছাইল সংকট) পাচত এইটো তেতিয়াৰ ইউ এছ এ আৰু পূৰ্ৱৰ ইউ এছ এছ আৰে প্ৰতিনিধিত্ব কৰা প্ৰমুখ শক্তিবোৰৰ মাজত থকা কৌশলপূৰ্ণ বিবেকৰ এক সংমিশ্ৰণ ৷ লগতে ভাগ্য আৰু কিছু সময়োপযোগী প্ৰসংশনীয় সংযমতাই একেলগে পৃথিৱীখনক এই মাইলৰ খুটিত উপনীত হোৱাত সহায় কৰিছিল ৷ ১৯৪৫ চনৰ ৯ আগষ্টত নাগচাকিত মাৰাত্মক ‘নিউক’ ব্যৱহাৰ কৰাৰ পাচত আজি পৰ্যন্ত দ্বিতীয়টো পাৰমাণৱিক বোমা ব্যৱহাৰ কৰা হোৱা নাই ৷

যি নহওক, বৰ্তমানৰ বিশ্বৰ পাৰমাণৱিক পৰিদৃশ্যটোলৈ মন কৰিলে আশাবাদী হৈ থকাটো কঠিন হৈ পৰে যে এই অভিলেখ ভংগ নকৰাকৈ পৃথিৱীয়ে হিৰ’শ্বিমাৰ ৮০তম বাৰ্ষিকী উদ্‌যাপন কৰিবলৈ সুযোগ পাব ৷ ইতিমধ্যে কেইবাটাও জট লগা সূঁতাডালত শেহতীয়াভাৱে সংযোজন হোৱা জটটো হ’ল ৰাষ্ট্ৰসংঘৰ এক অতি গোপনীয় প্ৰতিবেদন ৷ যি প্ৰতিবেদন ৩ আগষ্ট, সোমবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UNSC) হাতত অৰ্পণ কৰা হৈছিল ৷ এই প্ৰতিবেদন অনুযায়ী উত্তৰ কোৰিয়াই (নিউক্লিয়াৰ অস্ত্ৰৰে বিপথগামী এখন দেশ) “সম্ভৱতঃ বেলেষ্টিক মিছাইলবোৰৰ ৱাৰহে’ডবোৰত সংযুক্ত কৰিব পৰাকৈ সৰু সৰু পাৰমাণৱিক উপকৰণৰ বিকাশ ঘটাইছে” ৷ যিহেতু ইউ এন এছ চি (ভাৰত এতিয়া নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য)ৰ দ্বাৰা এই প্ৰতিবেদনৰ পৰীক্ষা কৰা হ’ব গতিকে ইয়াৰ সত্যতাত কোনো সন্দেহ নাথাকিব ৷ এক খুবেই অশান্ত অঞ্চলত নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পিয়ংয়াঙে লোৱা এই পদক্ষেপ মাত্ৰ এক বৃহৎ বৰফখণ্ডৰ মাথো দেখা পোৱা সৰু অংশটোহে এইয়া ৷ বিশ্বৰ শক্তিশালী আৰু ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ দেশসমূহ (নিৰাপত্তা পৰিষদৰ পাঁচোখন স্থায়ী সদস্য) আৰু প্ৰাচুৰ্যশালী (জি ২০) দেশবোৰে এতিয়াও নিজৰ নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ পাৰমাণৱিক অস্ত্ৰৰ ওপৰতে নিৰ্ভৰ কৰে ৷ আৰু ইয়াৰ মূলাধাৰ হ’ল এম এ ডি (mutually assured destruction)৷

75th anniversary of hiroshima
পৰমাণু বোমাৰ ভয়াৱহতাৰ চিন

এক সংজ্ঞানত্মক স্তৰত,ডব্লিউ এম ডি (ৱেপন অৱ মাছ ডেষ্ট্ৰাক্‌শ্বন)ৰ ক্ষেত্ৰত পাৰমাণৱিক অস্ত্ৰ প্ৰথমে আহৰণ কৰি তাৰ পাচত তালিকাত অস্ত্ৰৰ সংখ্যা বৃদ্ধি কৰা হয় আৰু জটিল নিৰাপত্তাহীনতাক প্ৰশমিত কৰি ৰাষ্ট্ৰীয় নিৰাপত্তাক সুনিশ্চিত কৰা হয় ৷ যদি কম সংখ্যকেই সেই একেই সুৰক্ষা প্ৰদান কৰিব পাৰে তেনেহ’লে অধিক হোৱাটোৱেই শ্ৰেয় ৷ আনকি পাৰমাণৱিক অস্ত্রৰ জগতখনত প্ৰমুখ শক্তিবোৰে চলাই থকা পৰ্যাপ্ততাৰ সন্ধান এতিয়াও ৰহস্যময় হৈয়ে আছে ৷

উত্তৰ কোৰিয়া আৰু ইয়াৰ সমগোত্ৰীয় পাৰমাণৱিক অস্ত্ৰৰ বাৰ্তাবাহক দেশ (ইউ এছ এ,ৰাছিয়া আৰু চীন)ৰ মাজৰ যোগাযোগ অসংযত কিন্তু একে সময়তে অকাট্যও ৷

শীতল যুদ্ধ তুংগত চলি থকাৰ সময়ত দুই মহা শক্তিৰ হাতত ‘ষ্ট্ৰেটেজিক’ আৰু ‘টেকটিকেল’ দুয়োবিধেই, লগতে ‘চুটকে’জ ভেৰিয়েন্ট’সহ মিলাই প্ৰায় ৫৫ হাজাৰতকৈও অধিক নিউক্লীয় ৱাৰহে’ড মজুত আছিল ৷ ১৯৯১ চনত ইউ এছ এছ আৰ ভংগ হোৱাৰ পাচত শীতল যুদ্ধোত্তৰ কালছোৱাৰ পৃথিৱীখনত বৃহৎ পৰিমাণে পাৰমাণৱিক অস্ত্ৰৰ নিৰস্ত্ৰীকৰণ কাৰ্য সম্পন্ন কৰা হয় ৷ প্ৰথম পাঁচখন পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰকেইখন আছিল আমেৰিকা যু্ক্তৰাষ্ট্ৰ,ৰাছিয়া (ছোভিয়েট ইউনিয়নৰ পৰা উত্তৰাধিকাৰী সুত্ৰে পোৱা), ইউ কে, ফ্ৰাঞ্চ আৰু চীন ৷ ভাৰতবৰ্ষই প্ৰথমবাৰৰ বাবে ১৯৭৪ চনত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল ৷ কিন্তু এই ক্ষমতাৰে ভাৰতে অস্ত্ৰ তৈয়াৰ নকৰিলে আৰু ‘নিলম্বিত’ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পায় ৷

হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকী আৰু কলিয়া ‘মাশ্বৰুম ক্লাউড’ৰ ভূমুকি
হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকী আৰু কলিয়া ‘মাশ্বৰুম ক্লাউড’ৰ ভূমুকি

পাৰমাণৱিক স্থিৰতাক এন পি টি (nuclear non-proliferation treaty)ৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয় ৷ এই এন পি টি ১৯৭০ চনত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউ এছ এছ আৰৰ মাজত ‘গ্লৱেল নিউক্লিয়াৰ ক্লাব’ক সীমিত আৰু আছুতীয়া কৈ ৰখাৰ উদ্দেশ্যে স্বাক্ষৰিত হৈছিল ৷ যেতিয়া এন পি টিৰ প্ৰস্তাৱ কৰা হৈছিল তেতিয়া ইয়াৰ প্ৰধান লক্ষ্য আছিল তিনিও পৰাজিত শক্তি (জাৰ্মান,জাপান আৰু ইটালি)ক পাৰমাণৱিক অস্ত্ৰ আহৰণৰ ক্ষমতা অৰ্জন কৰাত বাধা প্ৰদান কৰা ৷ ইয়াৰ মূল বক্তব্য আছিল যে প্ৰধান পাঁচ ৰাষ্ট্ৰক নিজৰ সুৰক্ষাৰ কাৰণে পাৰমাণৱিক শক্তিৰ প্ৰয়োজনীয়তা আছে আৰু তেওঁলোকে সেইসকলৰ বাবে এক চাতি সদৃশ নিৰাপত্তা প্ৰদান কৰিব যিসকলক ইয়াৰ প্ৰয়োজনীয়তা আছে ৷ কিন্তু পৃথিৱীখন এখন সুৰক্ষিত ঠাই হৈ থাকিলহেতেন যদিহে সকলো ৰাষ্ট্ৰই পাৰমাণৱিক অস্ত্ৰ আহৰণৰ অধিকাৰ চিৰদিনৰ কাৰণে ত্যাগ কৰিলেহেতেন ৷ যি নহওক তেওঁলোকে নিজৰ নিৰাপত্তাহীনতাৰ শংকাক দূৰ কৰিবই লাগিব ৷

স্পষ্টকৈ এইটো এক অস্থিৰ পৰিকাঠামো আছিল আৰু শীতল যুদ্ধোত্তৰ কালচোৱাত নিজৰ নিজৰ ডব্লিউ এম ডি প্ৰ’ফাইলৰ বিশ্বাসযোগ্যতা প্ৰতিষ্ঠা কৰিবলৈ পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰি ভাৰত,পাকিস্তান আৰু উত্তৰ কোৰিয়া পাৰমাণৱিক শক্তিধৰ ৰাষ্ট্ৰ হৈ পৰিল ৷ ইজৰাইলৰ স্থিতি স্পষ্ট নহয় ৷ ইৰাক,ইৰাণ আৰু লিবিয়াৰ দৰে ৰাষ্ট্ৰবোৰক এই পাৰমাণৱিক শক্তি আহৰণৰ পথত খোজ দিয়াত অন্যধৰণেৰে বাধা প্ৰদান কৰি থকা হৈছে ৷ সংক্ষেপত ক’বলৈ গ’লে,ৰাষ্ট্ৰীয় সাৰ্বভৌমত্তক ৰক্ষা কৰা অধিকাৰৰ একপক্ষীয় যুক্তিতে “গ্লৱেল নিউক্লিয়াৰ ক্লাৱ”ৰ সম্প্ৰসাৰণ ঘটি আছে আৰু ‘নিউক’ আহৰণ কৰা এতিয়া অভেদ্য সুৰক্ষাৰ অন্য নামলৈ ৰূপান্তৰিত হৈছে ৷

এক বিচলিত কৰিব পৰা বিষয় হ’ল, পাৰমাণৱিক অস্ত্ৰৰ মুখ্য উদ্দেশ্য আছিল অন্য পাৰমাণৱিক শক্তিধাৰী দেশৰ ‘নিউক’ আক্ৰমণ প্ৰতিহত কৰা ৷ কিন্তু যোৱা দুটা দশকত এই ‘ধৰণত’ এক সলনি আহি পৰিছে ৷ বিশেষকৈ বিশ্ব সন্ত্ৰাসবাদে সৃষ্টি কৰা ভাবুকিৰ পাচত ২০০১ চনৰ ৯/১১ আক্ৰমণ আৰু ২০০৮ চনৰ মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাৰ কথা উল্লেখ কৰিব পাৰি ৷ পাৰমাণৱিক ক্ষমতা সম্পন্ন সন্ত্ৰাসবাদ (NWET) এক জটিল প্ৰত্যাহ্বান হৈ পৰিছে আৰু কিছুমান বিশেষ ‘ষ্টেইট এক্টৰছ’ৰ জটিল কাৰ্যকলাপে ইয়াক আৰু অধিক জটিল কৰি তুলিছে ৷ তদুপৰি প্ৰযুক্তিবিদ্যাৰ বিকাশে এনে এক সুবিধাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে য’ত ‘নন-ষ্টেইট এক্টৰছ’বোৰে ‘ফিছাইল মেটেৰিয়েল’ সংগ্ৰহ কৰিব পৰা হৈছে আৰু সামাজিক স্থিৰতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ৷

বিশ্বই পুনৰ সেই ভয়ংকৰ ‘মাশ্বৰুম ক্লাউড’ প্ৰত্যক্ষ নকৰাকৈয়ে হিৰ’শ্বিমাৰ ৭৫তম বাৰ্ষিকিত পদাৰ্পণ কৰিলেহি ৷ যিহেতু বিশ্বৰ প্ৰমুখ শক্তিসমূহৰ মাজত বিশ্বাস আছিল যে ‘নিউক’ৰ ব্যৱহাৰৰ ক্ষেত্ৰত ৰাজনৈতিক আৰু সুৰক্ষা সম্পৰ্কীয় সংক্ৰান্তত মতভেদবোৰ লগতে অন্য ‘প্ৰসংগ’বোৰত থকা বাদ-বিবাদবোৰৰ স্বত্ৱেও তেওঁলোকে ‘বৰ্জিত’ শব্দটোক সন্মান কৰি চলিব আৰু কাৰ্যকৰীকৰণ কৰিব ৷ কিন্তু ২০২০ চনত এই সমূহৰ কোনো যথাযোগ্যতা নোহোৱা হৈ থাকিল ৷ কিয়নো এই প্ৰসংগত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজত চলি থকা উত্তেজনাক এফালে ল’ব পাৰি আৰু আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত হৈ থকা উত্তেজনাৰ বিষয়ে ক’ব পাৰি ৷

দুৰ্ভাগ্যজনকভাৱে বহু শক্তিয়ে এতিয়া বিশ্বাস কৰে যে “টেক্টিকেল ৱেপন’ এক বিকল্প হ’ব পাৰে আৰু সেয়ে প্ৰয়োগ কৰিব পৰা ‘নিউক’ আহৰণৰ বাবে সুবিধাজনক নীতিৰ চিন্তা-চৰ্চা কৰি থকা হৈছে ৷ আৰু তেনে ক্ষেত্ৰত কেৱল উত্তৰ কোৰিয়াই নিৰাপত্তাহীনতাৰ গইনা লৈ এনে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব বিচৰা অকলশৰীয়া দেশ নহয় ৷ এনেকৈয়ে বিশ্বই অনাগত ৬ আগষ্ট পালন কৰিবলৈ আগবাঢ়িছে আৰু ক্ৰমান্বয়ে,কিন্তু নিশ্চিতভাৱে কলীয়া ডাৱৰো গোট খাবলৈ ধৰিছে ৷ হিৰ’ৱশ্বিমা অধ্যায়ৰ পৰা শিক্ষা লোৱাৰ ক্ষেত্ৰত বিশ্ব নেতৃতৰ জ্ঞান তেনেই দুখ লগা ৷

লেখক- চি উদয় ভাস্কৰ

Last Updated : Aug 6, 2020, 12:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.