ETV Bharat / bharat

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি - দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 7 বজাৰ দহটা শীৰ্ষ বাতৰি...

দহটা শীৰ্ষ বাতৰি
দহটা শীৰ্ষ বাতৰি
author img

By

Published : Sep 19, 2020, 7:21 PM IST

আইপিএল 2020 : চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে 'ফেভাৰেট' মুম্বাই ইণ্ডিয়ানছ

আইপিএলৰ দুই শ্ৰেষ্ঠতম দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছে আজি 13 সংখ্যক আইপিএলৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ'ব ৷

বৰপেটাত মুখ্যমন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ

হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্ত বাতিল নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান ৷

কলগাছিয়াত COVID প্ৰট'কল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী

শনিবাৰে কলগাছিয়াত COVID প্ৰট'কল উলংঘা কৰা প্ৰতিজন লোকৰ পৰা আৰক্ষীয়ে 500 টকাকৈ জৰিমনা বিহে ৷ COVID প্ৰট'কল উলংঘা লোকৰ বিৰুদ্ধে আৰক্ষীৰ এনে কঠোৰতাক আদৰণি জনাইছে সচেতন ৰাইজে ৷

সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে সৰৱ দৰং জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদ

সত্যৰঞ্জন বৰাক উচিত শাস্তি প্ৰদানৰ দাবীৰে শনিবাৰে ধুলা থানাৰ অন্তৰ্গত চক বজাৰত প্ৰতিবাদ সাব্যস্ত কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰং জিলা সমিতিয়ে ৷ বিতৰ্কৰ আবৰ্তত থকা বিজেপি নেতা গৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

লখিমপুৰত জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

ছয় জনগোষ্ঠীৰ মাজত বিভেদৰ ৰাজনীতি কৰাৰ অভিযোগ চুতীয়া ছাত্ৰ সন্থাৰ । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত চৰকাৰক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ ভাবুকি প্ৰদান সংগঠনৰ ৷

নুমলীগড়ত বন্যহস্তীৰ মুক্ত বিচৰণ

মৰঙিৰ বগীঢলা মুগা পামত বন্যহস্তীৰ মুক্ত বিচৰণে শংকিত কৰিছে স্থানীয় ৰাইজক ৷ এটা বৃহৎ হাতীৰ জাক কেইবাটাও ভাগত বিভক্ত হৈ গাঁৱৰ মাজত সোমাই পৰাত বিপাঙত পৰিছে ৰাইজ ৷

চিয়াং নৈৰ জলপৃষ্ঠই প্ৰাণ কাঢ়িলে দুজনৰ

অৰুণাচলৰ লেপৰাদা জিলাত হোৱা ভূমিস্খলনৰ ফলত বাঢ়ি অহা নদীৰ বাঢ়নী পানীয়ে প্ৰাণ ল’লে দুজনৰ ৷ কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য ৷ চিয়াঙৰ জলপৃষ্ঠ ওফন্দি উঠাৰ ফলত অসমৰ কিছু কিছু ঠাইতো ব্ৰহ্মপুত্ৰই তীব্র ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ।

বাক্সাত বন্দুকসহ আটক চাৰি চোৰাং চিকাৰী

শনিবাৰে পুৱাই বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত বাক্সা জিলাৰ নিকাছিত আভিযান চলাই আটক কৰা হয় বহু আপত্তিজনক সামগ্ৰীৰ লগতে চাৰিজনকৈ চোৰাং চিকাৰী ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে সামগ্ৰীসমূহৰ সৈতে চাৰিওজনকে বন বিভাগৰ হাতত গতাই দিয়ে ৷

এগৰাকী ব্যতিক্ৰমী শিল্পীৰ তুলিকাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিচ্ছবি

মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে বলবৎ থকা লকডাউনৰ সময়খিনিত বিভিন্ন মাধ্যমেৰে চিত্ৰ অংকন কৰাৰ লগতে মুখা শিল্প, কণীৰ ওপৰত অংকন, শিলৰ ওপৰত অংকন কৰি সময় কটোৱা শিল্পীগৰাকীয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

সাত মাহৰ মূৰত সোণোৱাল দিল্লীলৈঃ সাক্ষাৎ কৰিব মোদী-শ্বাহক

প্ৰায় সাত মাহৰ বিৰতিৰ অন্তত দিল্লীলৈ ওলাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । আজি বিয়লি তেওঁ দিল্লী অভিমুখে উৰা মাৰিব । উল্লেখ্য যে ক'ৰণাসৃষ্ট পৰিস্থিতিৰ বাবে বিগত দীৰ্ঘ সময় জুৰি দিল্লীলৈ যোৱা নাছিল মুখ্যমন্ত্ৰী সোণোৱাল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.