নেশ্যনেল ডেক্স,7 জানুৱাৰীঃ সোমবাৰে ঝাড়খণ্ডৰ লতিহাৰ জিলাত আটক কৰা হয় 7 জনকৈ মাওবাদী ৷ আটকাধীন মাওবাদীকেইজন 22 নৱেম্বৰত ছান্দৱাত সংঘটিত আক্ৰমণৰ ঘটানাৰ লগত জড়িত আছিল ৷ ডিআইজি আমোল হোমকাৰ বেণুকান্তে কয় যে, ‘মাওবাদী কেইটা 22 নৱেম্বৰত ছান্দৱাত সংঘটিত আক্ৰমণৰ লগত জড়িত আছিল, য’ত 4 গৰাকীকৈ আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল ৷’ উল্লেখ্য যে, দেওবাৰেও আৰক্ষীৰ অভিযানত বালুমথ আৰক্ষী চকীৰ অন্তৰ্গত তিতিৰ মহুৱা অৰণ্যৰ পৰা আটক কৰা হৈছিল 5 টাকৈ মাওবাদী ৷
লতিহাৰ আৰক্ষী অধীক্ষক প্ৰশান্ত আনন্দে জনায় যে, আৰক্ষীয়ে এক সংস্থাৰ পৰা গোপন তথ্য লাভ কৰে ৷ আৰক্ষী অধীক্ষক প্ৰশান্ত আনন্দৰ নেতৃত্বত তৃতীয় প্ৰস্তুতি সমিতিয়ে বালুমথ আৰু লাভালং আৰক্ষী চকীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অভিযান চলাইছিল ৷