ETV Bharat / bharat

ছট্টিশগড়ত নক্সালবাদীৰ গুলিত শ্বহীদ 7 জোৱান

author img

By

Published : Mar 22, 2020, 6:04 AM IST

Updated : Mar 22, 2020, 6:24 AM IST

নক্সালবাদীয়ে এমবোষ লগাই জোৱানসকলক পাছৰ পৰা গুলীবৰ্ষন কৰাৰ ফলত আহত হয় 14 জন জোৱান ৷

ছট্টিশগড়ত নক্সালবাদীৰে সংঘৰ্ষ
ছট্টিশগড়ত নক্সালবাদীৰে সংঘৰ্ষ

নিউজ ডেস্ক, 22 মাৰ্চঃ শনিবাৰে ছট্টিশগড়ৰ সোকমা জিলাত নক্সালবাদীৰে সংঘৰ্ষত 7 জনকৈ জোৱান শ্বহীদ হয় ৷ নক্সালবাদীয়ে এমবোষ লগাই জোৱানসকলক পাছৰ পৰা গুলীবৰ্ষন কৰাৰ ফলত আহত হয় 14 জন জোৱান ৷ ইতিমধ্যে আহতসকলক ৰায়পুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও বৰ্তমানেও 17 জনকৈ জোৱান সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, ৰাজ্যখনৰ চিন্তাগোফাৰ মীনপা নামৰ অৰণ্যত নক্সাল কমাণ্ডাৰৰ কেম্প থকাৰ খবৰ পায় প্ৰায় 300 ছট্টিশগড়ৰ আৰক্ষী জোৱান এই অপৰেছনত নামি পৰে ৷ নক্সালবাদী আৰু জোৱানৰ সংঘৰ্ষত কেবাজনো নক্সালবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তি সময়ত অপৰেছনৰ পৰা উভতিব লওঁতেই নক্সালবাদীয়ে সংগোপনে জোৱানৰ ওপৰত গুলীবৰ্ষন কৰে ৷

ছট্টিশগড়ত নক্সালবাদীৰে সংঘৰ্ষ

সাৱধান হোৱাৰ পূৰ্বে 7 জনকৈ জোৱান নিহত হোৱাৰ লগতে 14 জন জোৱান আহত হয় ৷ পৰৱৰ্তি সময়ত চি আৰ পি এফ আৰু কোব্ৰা বেটেলিয়ানে জোৱান কেইজনৰ উদ্ধাৰ কৰে ৷ কিন্তু বৰ্তমানেও 17 জন জোৱান নিৰুদ্দেশ বুলি জনোৱাৰ লগতে উক্ত সংঘৰ্ষৰ স'তে নক্সালবাদীৰ তিনি নেতা হিড়মা, বিনোদ আৰু দেৱা জৰিত আছে বুলি জনায় জোৱান কেইজনে ৷

লগতে পঢ়কঃ কোভিড-19 : অসমত এজন আক্ৰান্তৰ সন্দেহ

Last Updated : Mar 22, 2020, 6:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.