উজ ডেস্ক, ২৯ জুনঃ উত্তৰ প্ৰদেশৰ প্ৰায় ৭.৯৭ লাখ ছাত্ৰ-ছাত্ৰী যি হিন্দী হাৰ্টলেণ্ডৰূপে পৰিচিত দশম আৰু দ্বাদশ শ্ৰেণীৰ উত্তৰ প্ৰদেশৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা বোৰ্ডৰ পৰীক্ষাত অনুত্তীৰ্ণ বুলি শনিবাৰে ঘোষনা কৰে ।
![উত্তৰ প্ৰদেশ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:56:55:1593412015_7813924_exam.jpg)
উত্তৰ প্ৰদেশৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা বোৰ্ডৰ বিষয়ববীয়াৰ ভাষ্য অনুসৰি, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত প্ৰায় ২.৭০ লাখ ছাত্ৰ-ছাত্ৰী হিন্দী বিষয়ত অনুত্তীৰ্ণ হোৱাৰ বিপৰীতে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৫.২৮ লাখ ছাত্ৰ-ছাত্ৰী হিন্দী বিষয়ত অনুত্তীৰ্ণ হয় বুলি প্ৰকাশ কৰে । তাৰোপৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায় ২.৩৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে হিন্দী বিষয় অধ্যয়ন নকৰে বুলিও সদৰি কৰে ।
আনহাতে, দ্বাদশ শ্ৰেণীৰ হিন্দী বিষয়ৰ মূল্যায়ণ কৰা এগৰাকী উচ্চতৰ মাধ্যমিক বিদ্য়ালয়ৰ শিক্ষকৰ ভাষ্য অনুসৰি, বহু ছাত্ৰ-ছাত্ৰীয়ে বৰ্তমানেও আত্মবিশ্বাসৰ দৰে সৰল শব্দৰ অৰ্থ নাজানে বুলি উল্লেখ কৰে । লগতে শিক্ষক গৰাকীয়ে কয় যে, বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে হিন্দীক অনুজ্ঞা কৰে । কিয়নো তেখেতসকলে ভাষাটোৰ অধ্যয়ণ নকৰে ।
আনহাতে, বিগত বৰ্ষটো প্ৰায় ১০ লাখ ছাত্ৰ-ছাত্ৰীয়ে হিন্দী বিষয়ত অনুত্তীৰ্ণ হয় বুলি উল্লেখ কৰে । উল্লেখ্য যে, চলিত বৰ্ষত উত্তৰ প্ৰদেশত প্ৰায় ৫৬ লাখ ছাত্ৰ-ছাত্ৰী উত্তৰ প্ৰদেশৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা বোৰ্ড অনুষ্ঠিত কৰা পৰীক্ষাত অৱতীৰ্ণ হয় বুলি সদৰি কৰে ।
লগতে চাওকঃ গৰ্ভাৱস্থাত আৰু শৈশৱ কালত ধূমপান কৰিলে বৃদ্ধি হ'ব পাৰে শৰীৰৰ ওজন